অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ভেল্লোৰ বিদ্ৰোহ

ভেল্লোৰ বিদ্ৰোহ (Vellore mutiny) নাইবা ভেল্লোৰ বিপ্লৱ (১০ জুলাই ১৮০৬) আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ভাৰতীয় চিপাহীৰ দ্বাৰা বৃহৎ সংখ্যাত সূচনা হোৱা প্ৰথম পৰ্যায়ৰ হিংসাত্মক সংগ্ৰাম৷ ইয়াৰ পিছত প্ৰায় অৰ্ধ শতিকাৰ পিছত ১৮৫৭ চনত চিপাহী বিদ্ৰোহ আৰম্ভ হয়৷ ভেল্লোৰ বিদ্ৰোহৰ সূচনা হৈছিল দক্ষিণ…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৩৫
সংশোধনৰ পৰামৰ্শ

ভেল্লোৰ বিদ্ৰোহ (Vellore mutiny) নাইবা ভেল্লোৰ বিপ্লৱ (১০ জুলাই ১৮০৬) আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ভাৰতীয় চিপাহীৰ দ্বাৰা বৃহৎ সংখ্যাত সূচনা হোৱা প্ৰথম পৰ্যায়ৰ হিংসাত্মক সংগ্ৰাম৷ ইয়াৰ পিছত প্ৰায় অৰ্ধ শতিকাৰ পিছত ১৮৫৭ চনত চিপাহী বিদ্ৰোহ আৰম্ভ হয়৷ ভেল্লোৰ বিদ্ৰোহৰ সূচনা হৈছিল দক্ষিণ ভাৰতীয় চহৰ ভেল্লোৰত৷ এই বিদ্ৰোহ সম্পূৰ্ণ এটা দিন জাৰি থাকে৷ বিদ্ৰোহীসকলে ভেল্লোৰ দূৰ্গ দখল কৰে আৰু ২০০জন ব্ৰিটিছ সৈন্যক হতাহত কৰে৷ এই বিদ্ৰোহটো আৰ্কোট ভেল্লোৰৰ অশ্বাৰোহী আৰু কামান বাহিনীৰ দ্বাৰা দমন কৰা হৈছিল৷ বিদ্ৰোহীসকলৰ প্ৰায় ৩০০ গৰাকী বিদ্ৰোহীৰ মৃত্যু হৈছিল৷ একাংশ চিপাহীক কৰ্ট মাৰ্শ্বেল কৰা হৈছিল৷১

উক্ত বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ হিচাপে চিপাহীৰ পৰিৱৰ্তিত পোছাকৰ দিশটো উনুকিয়াব পাৰি৷ ১৮০৫ চনৰ নৱেম্বৰ মাহত এই সিদ্ধান্তটো লোৱা হৈছিল৷ হিন্দুসকলক তেওঁলোকৰ কপালত পৰম্পৰাগত ধৰ্মীয় চিহ্ন আঁকিবলৈ বাধা দিয়া হৈছিল আৰু মুছলিমসকলক দাড়ি খুৰাবলৈ আৰু মোছ কাটিবলৈ নিৰ্দেশ দিয়া হৈছিল৷ ইয়াৰ লগতে মাদ্ৰাছ আৰ্মীৰ সেনাধ্যক্ষ জেনেৰেল ছাৰ জন ক্ৰেডকে২ এটা ঘূৰণীয়া টুপি পিন্ধিবলৈ নিৰ্দেশ দিছিল৷ নতুনকৈ সংযোজিত হোৱা এই শিৰস্ত্ৰাণটোত চামৰাৰ টুকুৰা আছিল আৰু প্ৰচলিত পাগুৰিৰ ব্যৱহাৰ পৰিহাৰ কৰা হৈছিল৷৩ এই সিদ্ধান্তটোৱে হিন্দু আৰু মুছলমান চিপাহীৰ অনুভূতিত আঘাত হানে৷ ২

এই পৰিৱৰ্তনসমূহে মানুহৰ "সৈনিকৰ ৰূপ"টো উন্নত কৰিবলৈ প্ৰয়াস কৰা হৈছিল, কিন্তু ইয়াৰ ফলত ভাৰতীয় সৈন্যৰ মাজত গভীৰ অসন্তুষ্টিৰহে সৃষ্টি কৰিছিল৷ ১৮০৬ চনৰ মে' মাহত নতুন নিয়মৰ বিৰোধিতা কৰা কেইজনমান বিদ্ৰোহীক মাদ্ৰাছৰ ছেইণ্ট জৰ্জ দূৰ্গলৈ পঠিওৱা হৈছিল৷ এই দুয়োজন হিন্দু আৰু মুছলিম ব্যক্তিক নবৈটা চাবুকৰ কোব শোধোৱা হৈছিল আৰু আৰ্মীৰ পৰা অপসাৰণ কৰা হৈছিল৷ ঊনৈশজন চিপাহীৰ বাবে ৫০টা চাবুকৰ কোবৰ শাস্তি ঘোষণা কৰা হৈছিল, কিন্তু তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা 'ক্ষমা' লাভ কৰিছিল৷ ৪৫৬

তথ্যসূত্ৰ

  1. ↑ John Company's bloody lesson: on Vellore Fort mutiny of 1806. The Hindu
  2. ↑ Philip Mason, page 238, A Matter of Honour – an Account of the Indian Army
  3. ↑ Hibbert, Christopher. The Great Mutiny. পৃ. 62. ISBN 0-14-004752-2
  4. ↑ Mason, Philip. (1986). A Matter of Honour – an Account of the Indian Army. পৃ. 240. ISBN 0-333-41837-9
  5. ↑ The Hindu, 6 August 2006
  6. ↑ The Hindu, 11 July 2007

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বিদ্ৰোহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেল্লোৰ বিদ্ৰোহ” প্ৰবন্ধৰ সংশোধন ৬৩১২৭৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।