অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভাৰিমা-টে-টাকেৰে

ভাৰিমা-টে-টাকেৰে (ইংৰাজী: Varima-te-takere; আক্ষৰিক অৰ্থ: "আৰম্ভণিৰ দেৱী") হৈছে কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথাত দেৱতা আৰু মৰ্ত্যলোকৰ আদিম মাতৃ হিচাপে বৰ্ণনা কৰা এগৰাকী দেৱী। ভাৰিমা টে টাকেৰেক ভাৰী বুলিও কোৱা হয়।

হালনাগাদ: ২৭ মাৰ্চ ২০২৪ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ভাৰিমা-টে-টাকেৰে (ইংৰাজী: Varima-te-takere; আক্ষৰিক অৰ্থ: "আৰম্ভণিৰ দেৱী") হৈছে কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথাত দেৱতা আৰু মৰ্ত্যলোকৰ আদিম মাতৃ হিচাপে বৰ্ণনা কৰা এগৰাকী দেৱী। ভাৰিমা টে টাকেৰেক ভাৰী বুলিও কোৱা হয়।

শ্ৰুতিকথা

কুক দ্বীপপুঞ্জৰ সৃষ্টিৰ শ্ৰুতিকথাত বিশ্বব্ৰহ্মাণ্ডক এটা বিশাল নাৰিকলৰ খোলাৰ দৰে বুলি ধাৰণা কৰা হৈছিল, এই কাল্পনিক খোলাটোৰ ভিতৰৰ অংশটো আভাইকি, তলৰ জগত আৰু খোলাৰ বাহিৰৰ ফালটো মৰ্ত্যলোকৰ ওপৰৰ জগত হিচাপে কল্পনা কৰা হৈছিল। বিভিন্ন গভীৰতাত বিভিন্ন স্তৰ থাকে, যিবোৰে ইটোৱে সিটোৰ লগত সংযোগ স্থাপন কৰে।

ইংৰাজ মিছনেৰী গিলৰ ব্যাখ্যা মতে, ভাৰী নামৰ এগৰাকী মাংস আৰু তেজৰ নাৰী আত্মা অথবা দানৱ নাৰিকলৰ খোলা সদৃশ বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ গভীৰতম স্তৰ আভাইকি ঠাইত বাস কৰে। তাইৰ ভূখণ্ড অতি সংকীৰ্ণ, ইমানেই যে তাইৰ আঁঠুবোৰে তাইৰ বুকু স্পৰ্শ কৰাকৈ অৱস্থান গ্ৰহণ কৰি থাকিব লগীয়া হয়, তাত আন কোনো অৱস্থানত থকা সম্ভৱ নহয়। তেওঁৰ সম্পূৰ্ণ নাম হৈছে “ভাৰি-মা-টে-টাকেৰে” (Vari-ma-te-takere), গিলৰ নামটোৰ অনুবাদ কৰিছে “একেবাৰে আৰম্ভণিৰ” (The very beginning) হিচাপে। ভেৰী শব্দটোৰ অৰ্থ অৱশ্যে "বোকা"ও হয় আৰু শব্দটোৰ লগত টাকেৰে সংযোগ কৰিলে নামটোৰ আক্ষৰিক অৰ্থ হয় "তলত থকা বোকা"; ইয়ে আভাইকিৰ তলৰ বোকাটোৰ ইংগিত দিয়ে। অৰ্থাৎ ভাৰী হৈছে আভাইকিৰ জলাশয়ৰ বোকা আৰু ইয়াৰ অৰ্থ হৈছে সম্ভাৱ্য উদ্ভিদৰ বৃদ্ধি। নাৰীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা অনুসৰি ইয়াৰ অৰ্থ ঋতুস্ৰাৱ আৰু ই নাৰীৰ গৰ্ভৰ সৈতে সম্পৰ্কীত আৰু মানুহৰ বৃদ্ধিৰ উৎপত্তিৰ বিষয়ে বুজায়।১

বংশবৃদ্ধিৰ বাবে ভাৰী বৰ উদ্বিগ্ন হৈ পৰিছিল। বিভিন্ন সময়ত তেওঁ নিজৰ শৰীৰৰ পৰা ছটা সন্তান সৃষ্টি কৰিছিল। প্ৰথমে তেওঁ গছৰ ফল চিঙাৰ দৰে তেওঁৰ শৰীৰৰ সোঁফালৰ এটা অংশ ছিঙি পেলালে আৰু সেয়াই প্ৰথম মানুহ “আভাটিয়া” (Avatea) বা “ভাটিয়া” (Vatea) হৈ পৰিল।২৩ ভাৰীৰ শৰীৰৰ পৰা অধিক মাংসৰ টুকুৰা ছিঙি থাকিল, য'ৰ পৰা অধিক সন্তানৰ সৃষ্টি হ'ল, শৰীৰৰ সোঁফালৰ পৰা দেৱতাৰ সৃষ্টি হ'ল আৰু শৰীৰৰ বাওঁফালৰ পৰা দেৱীৰ সৃষ্টি কৰিলে।৪ এনেদৰেই তেওঁৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ আৰু পাঁচজন প্ৰাথমিক দেৱতাৰ জন্ম হ’ল। তথাপিও তেওঁলোকৰ বাবে কেতিয়াও কোনো প্ৰতিমূৰ্তি স্থাপন কৰা নাছিল আৰু তেওঁলোকক কোনো প্ৰসাদো দিয়া হোৱা নাছিল। ভাটিয়াৰ পিছত ভাৰীৰ শৰীৰৰ পৰা সৃষ্টি হোৱা অন্য পাঁচজন দেৱতা হ’ল: সাগৰৰ দেৱতা টিনিৰাউ (Tinirau); চৰাইৰ দেৱতা টেংগো (Tango); শিলৰ দেৱতা টুমু-টে-আনা-অ’আ (Tumu-te-ana-oa); বতাহৰ দেৱতা ৰাকা (Raka); আৰু তেওঁৰ মৰমৰ কন্যা টু-মেটুয়া (Tu-metua)। টু-মেটুয়াক ভাৰীয়ে আভাইকিত নিজৰ ওচৰত ৰাখিছিল। টু-মেটুয়া আছিল মূৰিয়া দ্বীপৰ তত্ত্বাৱধায়ক দেৱী আৰু প্ৰতিটো চন্দ্ৰৰ চতুৰ্দশ ৰাতি তেওঁৰ বাবে পবিত্ৰ বুলি গণ্য কৰা হয়।৫ ভাৰীৰ প্ৰথম সন্তান আভাটিয়া আছিল এজন চন্দ্ৰ দেৱতা আৰু মাংগাইৰ উৎপত্তি শ্ৰুতিকথামতে দেৱতা আৰু মানুহৰ পিতৃ। আভাটিয়াক কেতিয়াবা ভাটিয়া বুলিও উল্লেখ কৰা হয়। আভাটিয়াৰ আক্ষৰিক অৰ্থ হৈছে 'দুপৰীয়া' বা 'পোহৰ'। তেওঁৰ চকু দুটাক ক্ৰমে সূৰ্য্য আৰু চন্দ্ৰ বুলি ভবা হৈছিল; তেওঁক পোহৰৰ দেৱতা বুলিও জনা গৈছিল।

তথ্যসূত্ৰ

  1. ↑ Hiroa, Te Rangi. (1934). Mangaian Society: Creation myth. পৃ. 10
  2. ↑ Myth: a handbook by William G. Doty; p. 52-53
  3. ↑ Gill (1876), p. 1-3
  4. ↑ William Wyatt Gill. Myths and Songs from the South Pacific. পৃ. 1–7
  5. ↑ Gill, William Wyatt. (1979). Cook Islands Custom. পৃ. 23. ISBN 9789820201705

সম্পৰ্কিত শ্ৰেণী

কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰিমা-টে-টাকেৰে” প্ৰবন্ধৰ সংশোধন ৪১৫০৬৭ (২৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।