কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথা
৪ প্ৰবন্ধ
-
কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথা
কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথা বা কুক দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনী (ইংৰাজী: Cook Islands mythology) হৈছে প্ৰাচীন কুক দ্বীপপুঞ্জৰ লোকসকলৰ শ্ৰুতিকথা আৰু কিংবদন্তিৰ সম্ভাৰ। কুক দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনীত সেই অঞ্চলত বহু প্ৰজন্মৰ পৰা প্ৰচাৰিত ঐতিহাসিক শ্ৰুতিকথা, কিংবদন্তি আৰু লোককথাসমূহ সন্নিবিষ্ট কৰা হৈছে।
-
আভাইকি
আভাইকি (ইংৰাজী: Avaiki) হৈছে পলিনেছিয়াৰ জনগোষ্ঠীসমূহে নিজৰ পূৰ্বপুৰুষ আৰু আধ্যাত্মিক গৃহভূমি বুলি বিশ্বাস কৰা বহুতো ভূখণ্ডৰ ভিতৰত অন্যতম ভূখণ্ড। কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথাত আভাইকি কথা বৰ্ণনা কৰা হৈছে।
-
আভাটিয়া
আভাটিয়া (ইংৰাজী: Avatea) হৈছে কুক দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনীত বৰ্ণিত এক কিংবদন্তিমূলক সত্তা। কুক দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনীমতে আভাটিয়া আছিল এজন চন্দ্ৰ দেৱতা আৰু মাংগাইৰ উৎপত্তি শ্ৰুতিকথামতে দেৱতা আৰু মানুহৰ পিতৃ। আভাটিয়াক কেতিয়াবা ভাটিয়া বুলিও উল্লেখ কৰা হয়।
-
ভাৰিমা-টে-টাকেৰে
ভাৰিমা-টে-টাকেৰে (ইংৰাজী: Varima-te-takere; আক্ষৰিক অৰ্থ: "আৰম্ভণিৰ দেৱী") হৈছে কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথাত দেৱতা আৰু মৰ্ত্যলোকৰ আদিম মাতৃ হিচাপে বৰ্ণনা কৰা এগৰাকী দেৱী। ভাৰিমা টে টাকেৰেক ভাৰী বুলিও কোৱা হয়।