ব্ৰী অ'ল্চন ( ইংৰাজী: Bree Olson; জন্ম: ৰেচেল অ'বেৰলিন,১ ৭ অক্টোবৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী, মডেল আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী। ২০০৬ চনৰ পৰা ২০১১ চনলৈকে ১৭০ খনতকৈও অধিক প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছিল। পৰ্ণগ্ৰাফীৰ পৰা অৱসৰ লোৱাৰ পিছৰে পৰা তেওঁ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ পৰিবেশকৰ ওপৰত নিৰ্দেশিত বৈষম্য আৰু সামাজিক কলংকৰ সমালোচনা কৰি আহিছে।
প্ৰাৰম্ভিক জীৱন
অ'ল্ছনৰ জন্ম হৈছিল টেক্সাছৰ হিউষ্টনত। তেওঁ দুবছৰ বয়সত মাকৰ সৈতে ইণ্ডিয়ানাৰ ফ’ৰ্ট ৱেইনলৈ গুচি গৈছিল। পিছলৈ তেওঁৰ মাকে ইণ্ডিয়ানাৰ উডবাৰ্ণত এটা ঘৰ কিনিছিল।২ তেওঁৰ প্ৰথম গ্ৰীষ্মকালীন কাম আছিল কুঁহিয়াৰৰ গছ ডিটাচেলিং কৰা।
ব্যক্তিগত জীৱন
অ'ল্চন অভিনেতা চাৰ্লি চিনৰ সৈতে ছয় মাহ ধৰি সম্পৰ্কত আছিল, যাক তেওঁ নিজৰ লগত বসবাস কৰা প্ৰেমিকা হিচাপে বিকিনি মডেল নেটালি কেনলিৰ সৈতে ৰাখিছিল। চিনে এই দুয়োজনীক "গ'ডডেছ" (দেৱী) বুলি সম্বোধন কৰিছিল।৩ তেওঁলোকৰ সম্পৰ্ক ২০১১ চনৰ এপ্ৰিল মাহত সমাপ্ত হয়।৪
অ'লচন নিৰামিষভোজী আৰু তেওঁ নিজকে লেছবিয়ান হিচাপে বৰ্ণনা কৰিছে।৫
মূলসুঁতিৰ টিভি আৰু চিনেমা
২০০৭ চনত অলচনে ই! ৰিয়েলিটি শ্ব' কীপিং আপ উইথ দ্য কাৰ্দাছিয়ানছৰ প্ৰথম ছিজনৰ এটা খণ্ডত তেওঁ অভিনয় কৰিছিল। পিছলৈ তেওঁ স্বতন্ত্ৰ কমেডী ছবি পাৰ্গেটৰী কমিক্স (২০০৯) ত অভিনয় কৰে।
তেওঁ উইল ফেৰেল আৰু একাডেমী বঁটা বিজয়ী এডাম মেকৰ ৱেবছাইট ফানি অৰ ডাইৰ বাবে কেইবাটাও ভিডিঅ' নিৰ্মাণ কৰিছে।
বাহ্যিক সংযোগ
- (23 March 2016). Charlie Sheen's ex Bree Olson: Don't go into porn. Realwomen/Realstories
তথ্যসূত্ৰ
- ↑ Silverman, Stephen M. (March 1, 2011). Rachel Oberlin's Mom Worried about Her with Charlie Sheen. People
- ↑ Penhollow, Steve. (March 13, 2011). Sheen troubles spotlight area resident's career. The Journal Gazette. পৃ. C1
- ↑ Harris, Dan; Orso, Alberto; Trachtenberg, Thea. (July 20, 2011). Charlie Sheen 'Goddess' Bree Olson Reveals What Really Happened Behind the Scenes at Actor's Mansion. ABC News
- ↑ Riedel, David. (27 June 2011). Charlie Sheen is goddess-less. CBS News
- ↑ Olson, Bree. My reference was that I assume you think you're an ally by your profile photo. I'm a married lesbian. I was saying that if you don't stand with ALL LGBTQ+ then don't stand with any. There's a heavy percentage of us in adult entertainment.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰী অ'ল্চন” প্ৰবন্ধৰ সংশোধন ৫৮১৪৪৭ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।