অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বাংলাদেশ শ্বৰ্ট ফিল্ম ফ'ৰাম

বাংলাদেশ শ্বৰ্ট ফিল্ম ফ'ৰাম (Bangladesh Short Film Forum বা BSFF) হৈছে বাংলাদেশৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ এটা সংগঠন। ১৯৮৬ চনৰ ২৪ আগষ্টত একদল যুৱ স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু কৰ্মীয়ে সৃষ্টিশীল আৰু নান্দনিকভাৱে চহকী চিনেমাৰ বাবে চলোৱা অভিযানৰ অংশ হিচাপে এই ফ'ৰাম গঠন কৰিছিল।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

বাংলাদেশ শ্বৰ্ট ফিল্ম ফ'ৰাম (Bangladesh Short Film Forum বা BSFF) হৈছে বাংলাদেশৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ এটা সংগঠন। ১৯৮৬ চনৰ ২৪ আগষ্টত একদল যুৱ স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু কৰ্মীয়ে সৃষ্টিশীল আৰু নান্দনিকভাৱে চহকী চিনেমাৰ বাবে চলোৱা অভিযানৰ অংশ হিচাপে এই ফ'ৰাম গঠন কৰিছিল।

এই যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বেছিভাগেই ১৯৬০ চনৰ পৰাই বাংলাদেশত আৰম্ভ হোৱা চলচ্চিত্ৰ সমাজ আন্দোলনৰ সৈতে জড়িত হৈ চিনেমাৰ প্ৰতি আকৰ্ষিত হৈছিল। যি সময়ত মূলসুঁতিৰ বাংলাদেশী চিনেমা স্থূল বাণিজ্যিকীকৰণ আৰু উৎপাদক-বিতৰক-প্ৰদৰ্শকৰ এটা নেটৱৰ্কৰ দ্বাৰা পৰিচালিত আছিল, য’ত শৈল্পিক বা সামাজিকভাবে দায়বদ্ধ ছবিৰ কোনো স্থান নাছিল, তেনে সময়তে শ্বৰ্ট ফিল্ম ফ'ৰাম গঠন কৰা হৈছিল।

ফ'ৰামৰ সদস্যসকলৰ ভিতৰত বাংলাদেশৰ কেইবাজনো উল্লেখযোগ্য যুৱ চলচ্চিত্ৰ নিৰ্মাতা আছিল, যাৰ ভিতৰত মোৰ্শেদুল ইছলাম, তানবীৰ মোকাম্মেল, তাৰেক মাছদ, এনায়েত কৰিম বাবুল, তাৰেক শাহৰিয়াৰ, শ্বামীম আখতাৰ, মঞ্জাৰে হাছিন মুৰাদ, ইয়াছমিন কবিৰ, নুৰুল আলম আতিক, জাকিৰ হোছেইন ৰাজু, জাহিদুৰ ৰহিম অঞ্জন, ৰাছেদ চৌধুৰী, আক্ৰাম খান১ আৰু নাছিৰ উদ্দিন ইউছুফ অন্যতম।

বাংলাদেশ শ্বৰ্ট ফিল্ম ফ'ৰামৰ এতিয়া ঢাকাৰ শাহবাগত নিজা চলচ্চিত্ৰ কেন্দ্ৰ আছে য’ত এটা প্ৰেক্ষাগৃহ, এটা পুথিভঁৰাল, এটা আৰ্কাইভ আৰু এটা প্ৰশাসনিক কাৰ্যালয় আছে।

ফ'ৰামটো মূলত দ্বিবাৰ্ষিক আৰু অনা-প্ৰতিযোগিতামূলক আন্তঃৰাষ্ট্ৰীয় চুটি আৰু স্বতন্ত্ৰ চলচ্চিত্ৰ মহোৎসৱ আয়োজনৰ বাবে জনাজাত। ১৯৮৮ চনত প্ৰথমটো মহোৎসৱ অনুষ্ঠিত হৈছিল আৰু এয়া আছিল ভাৰতীয় উপ-মহাদেশৰ প্ৰথমটো মহোৎসৱ যিটো সম্পূৰ্ণৰূপে শ্বৰ্ট ফিল্মৰ বাবে উৎসৰ্গা কৰা হৈছিল।২

ফ'ৰামে ৱান ডে ইন কৃষ্ণনগৰ (৫৩ মিনিট)৩ আৰু ঢাকা ২০০৫ (৫ মিনিট)৪ আদিকে ধৰি কেইবাখনো শ্বৰ্ট ফিল্ম নিৰ্মাণ কৰিছে। ই চলচ্চিত্ৰৰ ওপৰত আলোচনাচক্ৰ আৰু কৰ্মশালা আয়োজন কৰাৰ লগতে সমগ্ৰ বাংলাদেশতে সীমিত পৰিসৰত চলচ্চিত্ৰ মহোৎসৱ আৰু শাহবাগৰ বাংলাদেশ চলচ্চিত্ৰ কেন্দ্ৰত চলচ্চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰে।৫

উৎসসমূহ

তথ্যসূত্ৰ

  1. ↑ Short Film Festival Newsletter, issue ??, 2007
  2. ↑ (31 December 2014). The year that was... The Daily Star (Bangladesh)
  3. ↑ Daily Star: Documenting Bangladesh. The Daily Star
  4. ↑ Dhaka 2005
  5. ↑ (26 August 2015). Meet the Director: Supriyo Sen. Dhaka Tribune

সম্পৰ্কিত শ্ৰেণী

সাংস্কৃতিক সংগঠনবাংলাদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংলাদেশ শ্বৰ্ট ফিল্ম ফ'ৰাম” প্ৰবন্ধৰ সংশোধন ৫৯৫৮৪৬ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।