পেপচি ফলৰ ৰসৰ প্লাৱন (Pepsi fruit juice flood) হৈছে পেপচিকোৰ এটা গুদাম ভাঙি পৰাৰ ফলত ৰাছিয়াত হোৱা এক কৃত্ৰিম বানপানী। এই দুৰ্ঘটনাত ১ লাখ ৭৬ হাজাৰ বেৰেল (২৮ নিযুত লিটাৰ; ৭৪ লাখ মাৰ্কিন গেলন) ফলমূল আৰু শাক-পাচলিৰ ৰস প্ৰবাহিত হয় আৰু ইয়াৰ ফলত ৰাছিয়াৰ লেবেডিয়ানৰ ৰাজপথ আৰু ডন নদীত বানপানী হয়।১
ইতিহাস
২০১৭ চনৰ ২৫ এপ্ৰিলত পেপচিকোৰ এটা গুদামৰ মূধচ অভাৱনীয়ভাৱে ভাঙি পৰে। ৰাছিয়াত পেপচিৰ পৰিচালনা কেন্দ্ৰ লেবেডিয়ানত এই গুদামটো অৱস্থিত আছিল আৰু ইয়াক পেপচিকোৰ সহযোগী কোম্পানী লেবেডিয়ানস্কিয়ে পৰিচালনা কৰিছিল। গুদামটোত বিভিন্ন ধৰণৰ ফলমূল আৰু শাক-পাচলিৰ ৰস আছিল। মূধচ ভাঙি পৰাৰ ফলত দুজন লোকে সামান্য আঘাত পায়। ইয়াৰ উপৰিও গুদামত থকা ২৮ নিযুত লিটাৰ ৰস লেবেডিয়ানৰ ৰাজপথ আৰু ডন নদীলৈ বৈ আহে। অৱশ্যে এই ঘটনাৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাছিল।২
বৈ পৰা ৰসৰ বাবে ডন নদীৰ জলজ পৰিৱেশ তন্ত্ৰৰ ক্ষতি হ’ব পাৰে বুলি কিছু উদ্বেগ প্ৰকাশ পায়। অৱশ্যে পানীৰ নমুনা পৰীক্ষা কৰি ইয়াৰ ফলত পৰিৱেশৰ ক্ষতি হোৱাৰ কোনো প্ৰমাণ পোৱা নগ’ল।৩
পেপচিকোৰ বিষয়াসকলে এই ঘটনাৰ বাবে ক্ষমা বিচাৰে আৰু সকলোধৰণৰ ক্ষতিপূৰণ আগবঢ়ায়। তেওঁলোকে গুদামটো ভাঙি পৰাৰ কাৰণ নিৰ্ণয় কৰিবলৈ স্থানীয় বিষয়াসকলৰ সৈতে কাম কৰি থকা বুলি উল্লেখ কৰে।২
তথ্যসূত্ৰ
- ↑ (April 25, 2017). Кисельные берега: в Лебедяни произошло наводнение из тысяч литров сока. Moskovsky Komsolets
- ↑ Smith, Geoffrey. (April 25, 2017). A Pepsi Warehouse in Russia Just Collapsed and Flooded a Town. Fortune
- ↑ McDougall, Zoey. (April 26, 2017). Town flooded by 28 million litres of Pepsi after soft drink factory collapse. Mirror
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেপচি ফলৰ ৰসৰ প্লাৱন” প্ৰবন্ধৰ সংশোধন ৩৯০২৫৫ (৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।