অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পিয়েৰ অগ'ষ্টিনি

পিয়েৰ অগ'ষ্টিনি (Pierre Agostini,; জন্ম ২৩ জুলাই ১৯৪১) এগৰাকী ফৰাচী পৰীক্ষামূলক পদাৰ্থবিজ্ঞানী আৰু অহাইঅ' ষ্টেট ইউনিভাৰ্চিটিৰ এমেৰিটাছ অধ্যাপক। তেওঁ শক্তিশালী ক্ষেত্ৰ লেজাৰ পদাৰ্থ বিজ্ঞান আৰু এট'ছেকেণ্ড বিজ্ঞানৰ অগ্ৰণী গৱেষণাৰ বাবে বিশেষভাৱে জনাজাত।

হালনাগাদ: ১৪ জানুৱাৰী ২০২৫ ৪৫১ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পিয়েৰ অগ'ষ্টিনি (Pierre Agostini,; জন্ম ২৩ জুলাই ১৯৪১) এগৰাকী ফৰাচী পৰীক্ষামূলক পদাৰ্থবিজ্ঞানী আৰু অহাইঅ' ষ্টেট ইউনিভাৰ্চিটিৰ এমেৰিটাছ অধ্যাপক। তেওঁ শক্তিশালী ক্ষেত্ৰ লেজাৰ পদাৰ্থ বিজ্ঞান আৰু এট'ছেকেণ্ড বিজ্ঞানৰ অগ্ৰণী গৱেষণাৰ বাবে বিশেষভাৱে জনাজাত।১ বিশেষকৈ তেওঁ থ্ৰেছহ'ল্ডৰ ওপৰৰ আয়নীয়কৰণ পৰ্যবেক্ষণ আৰু এট'ছেকেণ্ডৰ পোহৰৰ স্পন্দনৰ বৈশিষ্ট্য নিৰ্ণয়ৰ বাবে দুটা ফ'টন পৰিৱৰ্তনৰ হস্তক্ষেপৰ দ্বাৰা এট'ছেকেণ্ডৰ স্পন্দনৰ পুনৰ্গঠন (RABBITT) কৌশল উদ্ভাৱনৰ বাবে পৰিচিত।২ ২০২৩ চনত তেওঁ ফেৰেণ্টচ ক্ৰাউচ আৰু আন্ লুইলিয়েৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৩৪

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪১ চনৰ ২৩ জুলাই তাৰিখে ফ্ৰান্সৰ সংৰক্ষিত অঞ্চল টিউনিছত পিয়েৰ অগ'ষ্টিনিৰ জন্ম হৈছিল।৫ ১৯৫৯ চনত ফ্ৰান্সৰ লা ফ্লেচৰ প্ৰাইটেনিয়া নেচনেল মিলিটেয়াৰ স্কুলত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল।৬

তেওঁ আইক্স-মাৰ্চাইল বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰিছিল আৰু তাৰ পিছত তেওঁ ১৯৬১ চনত পদাৰ্থ বিজ্ঞানত বি.এড. ডিগ্ৰী (licence d’enseignement) ডিগ্ৰী লাভ কৰে। ১৯৬৮ চনত একেখন বিশ্ববিদ্যালয়ৰ পৰা তেওঁ এম.এ.এছ. ডিগ্ৰী লাভ কৰে। তেওঁ অতিবেঙুনীয়া ৰঙৰ বাবে বহুস্তৰীয় ডাইলেক্ট্ৰিক ফিল্টাৰৰ ওপৰত গৱেষণা কৰি পিএইচডি ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাপত্ৰ খনৰ নাম হ'ল: Appareillage permettant la réalisation de filtres multidiélectriques UV: Étude des couches Sb2O3.৭৮৯

কৰ্মজীৱন

ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৬৯ চনত তেওঁ চি ই এ চেক্লেত গৱেষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ২০০২ চনলৈকে তেওঁ এই প্ৰতিষ্ঠানৰ লগত জড়িত আছিল।৮৯ এই সময়ছোৱাত আগষ্টিনিয়ে জেৰাৰ্ড মেইনফ্ৰে আৰু ক্ল’ড মানুছৰ পৰীক্ষাগাৰত গৱেষণা কৰিছিল। তেওঁ এই পৰীক্ষাগাৰত থকা শক্তিশালী লেজাৰ ব্যৱহাৰ কৰি মাল্টিফ’টন আয়নীয়কৰণৰ ওপৰত গৱেষণা কৰিছিল। ১৯৭৯ চনত তেওঁ জেনন গেছত থ্ৰেছহ'ল্ডৰ ওপৰৰ আয়নীয়কৰণ প্ৰথমবাৰৰ বাবে অধ্যয়ন কৰিছিল।১০১১১২

২০০১ চনত অগ'ষ্টিনি আৰু চি ই এ চেক্লেৰ তেওঁৰ দলটোৱে ডাচ ফাউণ্ডেশ্যন ফৰ ফাণ্ডামেণ্টেল ৰিচাৰ্চ অন মেটাৰ (এফ অ’ এম)ৰ হাৰ্ম গেৰ্ট মুলাৰৰ সৈতে লেবৰেটৰী ডি অপটিক এপ্লিকুৱেৰ উন্নত লেজাৰ ব্যৱহাৰ কৰি স্পন্দনৰ শাৰী নিৰ্মাণ কৰিবলৈ সক্ষম হয়। ইয়াৰ প্ৰতিটো স্পন্দনৰ সময়সীমা ২৫০ এট’ছেকেণ্ড আছিল। আল্ট্ৰাশ্বৰ্ট অতিবেঙুনীয়া স্পন্দনবোৰক মূল অতি ৰঙা পোহৰৰ সৈতে পুনৰ সংযুক্ত কৰি তেওঁলোকে এটা হস্তক্ষেপ প্ৰভাৱ সৃষ্টি কৰিছিল। ইয়াৰ ফলত তেওঁলোকে স্পন্দনবোৰৰ দৈৰ্ঘ্য আৰু পুনৰাবৃত্তিৰ হাৰৰ বৈশিষ্ট্য নিৰ্ণয় কৰিবলৈ সক্ষম হৈছিল।১৩১৪

২০০২ চনৰ পৰা ২০০৪ চনলৈ তেওঁ আমেৰিকাৰ নিউয়ৰ্ক ৰাজ্যৰ ব্ৰুকহেভেন নেচনেল লেবৰেটৰীৰ এজন অতিথি বিজ্ঞানী আছিল। তেওঁ এই পৰীক্ষাগাৰত লুই এফ ডিমাউৰোৰ গোটত গৱেষণা কৰিছিল।১৫ ২০০৫ চনত তেওঁ অহাইঅ' ষ্টেট ইউনিভাৰ্চিটি (অ'এছইউ)ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে আৰু লুই এফ ডিমাউৰোৰ সৈতে যৌথভাৱে এটা পৰীক্ষাগাৰ পৰিচালনা কৰে।১৬ ২০১৮ চনত এই বিশ্ববিদ্যালয়ৰ এমেৰিটাছ অধ্যাপক পদ লাভ কৰে।১৭

বঁটা আৰু সন্মান

১৯৯৫ চনত পিয়েৰ অগ'ষ্টিনিয়ে ফ্ৰান্সৰ বিজ্ঞান একাডেমীৰ পৰা গুস্তাভ ৰিব'ড বঁটা লাভ কৰিছিল।১৮ ২০০৩ চনত তেওঁ ডাচ ফাউণ্ডেশ্যন ফৰ ফাণ্ডামেণ্টেল ৰিচাৰ্চ অন মেটাৰ (এফ অ' এম)ৰ পৰা গে-লুছাক-হামবল্ড বঁটা১৯ আৰু জুপ লছ ফেল'শ্বিপ লাভ কৰিছিল।৮ তেওঁ ২০০৭ চনত স্পেকট্ৰস্কপিৰ উইলিয়াম এফ মেগাৰ্ছ বঁটাও লাভ কৰিছিল। ২০০৮ চনত তেওঁ “শক্তিশালী ইনফ্ৰাৰেড লেজাৰ পালছৰ ওচৰত জমা দিয়া পৰমাণু আৰু অণুৰ অৰৈখিক প্ৰতিক্ৰিয়াৰ গতিশীলতাৰ বিষয়ে ডাঙৰ অন্তৰ্দৃষ্টি প্ৰদান কৰা উদ্ভাৱনী পৰীক্ষাৰ বিকাশৰ নেতৃত্বৰ বাবে” অপটিকেল ছ'চাইটি অৱ আমেৰিকাৰ (OSA) এজন হামবল্ড ফেলো নিৰ্বাচিত হয়।৮

২০২৩ চনত তেওঁ ফেৰেণ্টচ ক্ৰাউচ আৰু আন্ লুইলিয়েৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Agostini, Pierre; DiMauro, Louis F. (1 June 2004). The physics of attosecond light pulses. Reports on Progress in Physics. পৃ. 813–855
  2. ↑ Garisto, Daniel. This Year's Physics Nobel Awards Scientists for Slicing Reality into Attoseconds. Scientific American
  3. ↑ Davis, Nicola. (3 October 2023). Nobel prize in physics awarded to three scientists for work on electrons. The Guardian
  4. ↑ (3 October 2023). Nobel Prize in physics goes to Pierre Agostini, Ferenc Krausz and Anne L'Huillier for research into electrons in flashes of light. CNN
  5. ↑ (1970). Contributors (Back cover). IEEE Journal of Quantum Electronics
  6. ↑ (3 October 2023). Prix Nobel de physique 2023: l'un des lauréats, Pierre Agostini, a obtenu son baccalauréat au Prytanée de La Flèche. France 3 Pays de la Loire
  7. ↑ Agostini, Pierre. (1967). Appareillage permettant la réalisation de filtres multidiélectriques UV: Étude des couches Sb2O3 cryolithe. Aix-Marseille University
  8. ↑ Pierre Agostini – Professor, Ohio, USA · Optica. www.optica.org
  9. ↑ Ohio State University, Department of Physics: P. Agostini Biography. dokumen.tips
  10. ↑ Mainfray, G; Manus, C. (1 October 1991). Multiphoton ionization of atoms. Reports on Progress in Physics. পৃ. 1333–1372
  11. ↑ Agostini, P.; Fabre, F.; Mainfray, G. (23 April 1979). Free-Free Transitions Following Six-Photon Ionization of Xenon Atoms. Physical Review Letters. পৃ. 1127–1130
  12. ↑ D'Oliveira, Pascal; Carré, Bertrand. (2010). Dossier: Les lasers à l'IRAMIS: Les lasers de puissance à Saclay. IRAMIS
  13. ↑ (3 October 2023). Pierre Agostini, Ferenc Krausz and Anne L'Huillier win 2023 Nobel Prize for Physics. Physics World
  14. ↑ Paul, P. M.; Toma, E. S.; Breger, P. (2001). Observation of a Train of Attosecond Pulses from High Harmonic Generation. Science. পৃ. 1689–1692
  15. ↑ Palm International School of Attosecond. IRAMIS
  16. ↑ Pierre Agostini – Emeritus Professor, Ohio, USA · eMedEvents. www.emedevents.com
  17. ↑ Jeremy Pelzer, cleveland com. (3 October 2023). Ohio State University retired professor wins 2023 Nobel Prize in Physics. cleveland
  18. ↑ (2014). Prix Gustave Ribaud. Académie des Sciences
  19. ↑ Liste des lauréats français du prix Gay-Lussac Humboldt

সম্পৰ্কিত শ্ৰেণী

ফ্ৰান্সৰ ব্যক্তিপদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ীপদাৰ্থ বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিয়েৰ অগ'ষ্টিনি” প্ৰবন্ধৰ সংশোধন ৪৬৩৬৯৬ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।