অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পিজৌ গাভৰু

পিজৌ গাভৰু ( Pijou Gabharu) আহোমৰ ৰাজবিষয়া বদন বৰফুকনৰ কন্যা আছিল আৰু পূৰ্ণানন্দ বুঢ়াগোহাঞিৰ বৰপুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইৰ পত্নী আছিল৷ বুৰঞ্জীত বদন বৰফুকনে অসমলৈ মান অনাত যি উদ্যোগ লৈছিল তাত পিজৌ গাভৰুৰো হাত আছিল বুলি বৰ্ণিত আছে৷

হালনাগাদ: ১১ জুলাই ২০২৬ ২৯৪ শব্দ · ২ মিনিট সংগৃহীত ৪০
সংশোধনৰ পৰামৰ্শ

পিজৌ গাভৰু ( Pijou Gabharu) আহোমৰ ৰাজবিষয়া বদন বৰফুকনৰ কন্যা আছিল আৰু পূৰ্ণানন্দ বুঢ়াগোহাঞিৰ বৰপুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইৰ পত্নী আছিল৷ বুৰঞ্জীত বদন বৰফুকনে অসমলৈ মান অনাত যি উদ্যোগ লৈছিল তাত পিজৌ গাভৰুৰো হাত আছিল বুলি বৰ্ণিত আছে৷

ৰাজনৈতিক প্ৰেক্ষাপট

আহোম শাসনকালৰ শেষৰ ফালে ৰাজশাসন শিথিল হোৱা যেন পাই বিভিন্ন ঠাইত সৰু সৰু গোটবোৰে বিদ্ৰোহ কৰিবলৈ ধৰে৷ ১৭৯৮ খ্ৰীঃত কামৰূপত দন্দুৱা দ্ৰোহ গঢ়ি উঠে ৷ সেইসময়ত গুৱাহাটীৰ দায়িত্বত থকা বদনচন্দ্ৰ বৰফুকনে এই বিদ্ৰোহ দমনত ব্যৰ্থ হয়৷ ফলত পূৰ্ণানন্দ বুঢ়াগোহাঞিয়ে বদনক আঁতৰাই কলীয়া ভোমোৰা বৰফুকনক বৰফুকন পাতি বিদ্ৰোহ দমনৰ ভাৰ দিয়ে ৷ তেওঁ নিজাববীয়াকৈ সৈনিক গোটাই বিদ্ৰোহ দমন কৰে ৷ কিন্তু অচিৰেই কলিয়া ভোমোৰাৰ মৃত্যু ঘটাত বদনচন্দ্ৰ পুনৰাই বৰফুকন পদত অধিষ্ঠিত হয় ৷ কলিয়া ভোমোৰাক বৰফুকন পতাৰ কাৰ্য্য তথা নিজৰ বিশ্বাসী বিষয়াসকলক গুৰুত্বপূৰ্ণ বিষয়-বাব দিয়াৰ বাবে বদনৰ মনত পূৰ্ণানন্দৰ প্ৰতি আক্ৰোশৰ ভাৱ জাগি উঠে যদিও ক্ষমতাশালী পূৰ্ণানন্দৰ প্ৰতি প্ৰকাশ্যে বিৰুদ্ধাচৰণ নকৰি ষড়যন্ত্ৰত লিপ্ত হয়৷১২

পিজৌৰ ভূমিকা

বদন বৰফুকন আছিল পিজৌ গাভৰুৰ দেউতাক৷ সেই সূত্ৰে পূৰ্ণানন্দ আছিল বদনৰ বিয়ৈ৷ ইপিনে চন্দ্ৰকান্তৰ ল’ৰালি কালৰ বন্ধু সতৰাম ৰজাৰ আসৈ পাই চাৰিঙ্গিয়া ফুকন হয়গৈ৷ তেওঁ প্ৰৱল প্ৰতাপী পূৰ্ণানন্দক ভাল নেপাইছিল৷ তেওঁ পূৰ্ণানন্দক আঁতৰাবলৈ ষড়যন্ত্ৰ কৰে৷ বুঢ়াগোহাঞিয়ে এই কথা জানিব পাৰি ৰাজদ্ৰোহৰ অপৰাধত সতৰামক নিৰ্বাসন দিয়ে৷ এই খবৰ পাই বদন বৰফুকন বুঢ়াগোহাঞিৰ ক্ষমতা সম্বন্ধে আশংকাত ভোগে আৰু সতৰামৰ লগত যোগাযোগ কৰে৷ এই কথাৰ সম্ভেদ পাই পূৰ্ণানন্দই বদনক ধৰি আনিবলৈ মহেশ্বৰ পৰ্বতীয়া ফুকনক প্ৰেৰণ কৰে ৷ জীয়ৰী পিজৌয়ে শহুৰেকৰ সিদ্ধান্তৰ কথা স্বামী ওৰেষানাথৰ হতুৱাই এখন চিঠিত লিখি এজন ঘোঁৰাচোঁৱাৰীৰ হাতত বাপেকলৈ প্ৰেৰণ কৰে৷৩ পিজৌৰ পৰা আগতীয়াকৈ বাৰ্তা পাই বদন কলিকতালৈ পলায়ন কৰে ৷ তাত তেওঁ ব্ৰিটিচ গভৰ্ণৰ জেনেৰেলক অসম আক্ৰমণ কৰিবলৈ অনুৰোধ জনায় ৷ কিন্তু ব্ৰিটিচ গভৰ্ণৰে সন্মত নোহোৱাত বদনে মানদেশৰ এজন প্ৰতিনিধিৰ লগত মানদেশ পায়গৈ আৰু মান ৰজা বদৌপায়াকো অনুৰোধ জনায় ৷ এইক্ষেত্ৰত বদনৰ সহায় কৰিলে বদৌপায়াৰ আহোম কুঁৱৰী আৰু সম্বন্ধত বদনৰ পেঁহীয়েক ৰঙিলী আইদেৱয়ে ৷ অসম আক্ৰমণৰ সুযোগ বিচাৰি থকা বদৌপায়াই মান্তি হৈ অসমলৈ মানসেনা পঠায়৷২ অসমলৈ মান সৈন্য অহাত বা অনাত পিজৌ গাভৰুক বহুতে দোষী কৰিব খোজে যদিও এইগৰাকী নাৰীৰ অন্তিম পৰিণতি সম্বন্ধে বুৰঞ্জী নিমাত৷ পিতৃ হিচাপে বদনলৈ আসন্ন বিপদৰ খবৰ দি বদন পলুৱাই পঠিওৱা পিজৌৰ শেষত কি হ’ল কোনোৱে নাজানে৷ ৪

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ গোহাইবৰুৱা, পদ্মনাথ. (২০১৭). অসমৰ বুৰঞ্জী. ABT Publications. পৃ. ১৪১
  3. ↑ ৰাজকুমাৰ, ৺সৰ্বানন্দ. (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃ. ৫৭৬. ISBN 81-7339-308-7
  4. ↑ বৰগোহাঁই, ইলা. (২০০১). পিজৌ গাভৰু. উদয়ন প্ৰকাশন. পৃ. আগকথা. ISBN 81-87911-04-2

সম্পৰ্কিত শ্ৰেণী

অসমৰ নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিজৌ গাভৰু” প্ৰবন্ধৰ সংশোধন ৬১৬৭৮৪ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।