অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

পাৰেইড'লিয়া

পাৰেইড'লিয়া (Pareidolia; ) হৈছে একধৰণৰ প্ৰৱণতা, যাৰ প্ৰভাৱত মানুহ এজনে কোনো উদ্দীপকক ভুলধৰণে প্ৰত্যক্ষ কৰে আৰু তাক বস্তু, বিন্যাস নাইবা অৰ্থ হিচাপে বিবেচনা কৰে; যাৰ অৰ্থ কেৱল প্ৰত্যক্ষদৰ্শীজনেহে জানে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

পাৰেইড'লিয়া (Pareidolia; ) হৈছে একধৰণৰ প্ৰৱণতা, যাৰ প্ৰভাৱত মানুহ এজনে কোনো উদ্দীপকক ভুলধৰণে প্ৰত্যক্ষ কৰে আৰু তাক বস্তু, বিন্যাস নাইবা অৰ্থ হিচাপে বিবেচনা কৰে; যাৰ অৰ্থ কেৱল প্ৰত্যক্ষদৰ্শীজনেহে জানে। উদাহৰণস্বৰূপে, ডাৱৰৰ মাজত আকৃতি দেখা, বিমূৰ্ত বিন্যাস বা জড় বস্তুত মুখাৱয়ৱ দেখা, সংগীতত কিবা গোপন বাৰ্তা শুনা ইত্যাদি। পাৰেইড'লিয়াক সাধাৰণতে এপ'ফেনিয়াৰ এটা উপ-বিভাগ বুলি ভবা হয়।

দুটামান সাধাৰণ উদাহৰণ হৈছে-ডাৱৰ-গঠনত জন্তু, মুখ নাইবা বস্তুৰ ছবি দেখা; চন্দ্ৰত মানুহ (Man in the Moon), জোন শহা (Moon rabbit), আৰু চন্দ্ৰ পাৰেইড'লিয়া (lunar pareidolia)। পাৰেইড'লিয়াৰ ধাৰণাটোক সংগীতৰ মাজত লুকাই থকা বাৰ্তাৰ বিভ্ৰান্তিটোৰ লগতো জড়িত কৰিব পাৰি, আৰু অসংলগ্ন কোলাহলত অস্পষ্ট কণ্ঠ শুনা ইত্যাদিতো; যিটো ঘটনা ফেন বা শীততাপ নিয়ন্ত্ৰকৰ দ্বাৰা সংঘটিত হয়।১

এসময়ত পাৰেইড'লিয়াক মানুহৰ একধৰণৰ মানসিক ব্যাধি হিচাপে ভবা হৈছিল। কিন্তু এতিয়া এই ঘটনাক মানুহৰ এক সাধাৰণ প্ৰৱণতা বুলি বিবেচনা কৰা হয়।২

পাৰেইড'লিয়া কেৱল মানুহৰ ক্ষেত্ৰতে সীমিত নহয়। বহুবছৰৰ পৰা বিজ্ঞানীসকলে কম্পিউটাৰকো "দৃশ্যমান ইংগিত" (Visual Clues) কিছুমানক মুখ আৰু অন্যান্য ছবি হিচাপে চাবলৈ শিকাই আহিছে।২

তথ্যসূত্ৰ

  1. ↑ Jaekel, Philip. (2017-01-29). Why we hear voices in random noise. Nautilus
  2. ↑ Rosen, Rebecca J. "Pareidolia: A Bizarre Bug of the Human Mind Emerges in Computers". The Atlantic. August 7, 2012

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰেইড'লিয়া” প্ৰবন্ধৰ সংশোধন ৩৮১৭৪১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।