অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পাকিস্তান হিন্দু পৰিষদ

পাকিস্তান হিন্দু পৰিষদ ( Pakistan Hindu Parishad) পাকিস্তানত বাস কৰা হিন্দুসকলৰ প্ৰতিনিধি সংস্থা, ২০০৫ চনত ৰমেশ কুমাৰ ভাংকৱানীয়ে ইয়াক সংগঠন কৰে।

হালনাগাদ: ৪ আগষ্ট ২০২৪ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

পাকিস্তান হিন্দু পৰিষদ ( Pakistan Hindu Parishad) পাকিস্তানত বাস কৰা হিন্দুসকলৰ প্ৰতিনিধি সংস্থা, ২০০৫ চনত ৰমেশ কুমাৰ ভাংকৱানীয়ে ইয়াক সংগঠন কৰে।

ইতিহাস

পাকিস্তান হিন্দু পৰিষদ প্ৰতিষ্ঠা কৰিছিল হিন্দু কৰ্মী তথা পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য ৰমেশ কুমাৰ ভাংকৱানীয়ে। ২০০৫ চনত ইয়াক চৰকাৰীভৱে পঞ্জীয়ন কৰা হৈছিল।১

উদ্দেশ্য আৰু কৰ্ম

পাকিস্তান হিন্দু পৰিষদে সামাজিক আৰু ৰাজনৈতিক বিষয়ত পাকিস্তানী হিন্দু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে আৰু ইয়াৰ লক্ষ্য হৈছে সমগ্ৰ পাকিস্তানত হিন্দুসকলৰ মৌলিক অধিকাৰ আৰু স্বাধীনতা, বিশেষকৈ পূজা আৰু সমাৱেশৰ সুৰক্ষা দিয়া।২

পি,এইছ, চি বিদ্যালয়

পাকিস্তান হিন্দু পৰিষদে কিছুমান উল্লেখযোগ্য কাম সম্পাদনা কৰি আছে৷ বৰ্তমান পাকিস্তান হিন্দু পৰিষদে সমগ্ৰ থাৰপাৰকাৰ জিলাত ১৭খন বিদ্যালয় চলাই আছে, য’ত ১২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে।৩

গণ-বিবাহ

পাকিস্তান হিন্দু পৰিষদে বছৰি দৰিদ্ৰ হিন্দু দম্পতীৰ বাবে গণ বিবাহৰ আয়োজন কৰে।৪ যোৱা এঘাৰ বছৰত এই অনুষ্ঠানসমূহৰ জৰিয়তে প্ৰায় ১১০০ দম্পতীয়ে বিবাহপাশত আবদ্ধ হৈছে।৫

এই সকলো কাৰ্য সম্পাদিত কৰিবলৈ এখন পৰিচালনা সমিতি আছে৷ পৰিচালন সমিতিত ১৫খন আসন আছে আৰু সেইবোৰত সমগ্ৰ পাকিস্তানত বাস কৰা হিন্দুসকলে প্ৰতিদ্বন্দ্বিতা কৰে।৬

সংখ্যালঘু সুৰক্ষা

পাকিস্তান হিন্দু পৰিষদে তাত বাস কৰা হিন্দুসকলৰ সংখ্যালঘু অধিকাৰৰ হকে কাম কৰে আৰু হিন্দু ছোৱালীৰ অপহৰণ, ধৰ্ষণ আৰু বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে এই বিষয়সমূহ উত্থাপন কৰাৰ বাবে ই বাতৰিৰ শিৰোনাম দখল কৰি আছে।৭৮

সহযোগিতা

পাকিস্তান হিন্দু পৰিষদে সংখ্যালঘুৰ অধিকাৰ সুৰক্ষা আৰু সজাগতা বৃদ্ধিৰ বাবে অন্যান্য সাম্যবাদী সংগঠনসমূহৰ লগতে আন ব্যক্তিৰ সহযোগিতা সক্ৰিয়ভাৱে কামনা কৰে। ইছলামবাদত থকা এক বাতৰি সংস্থা “প্ৰেছ নেটৱৰ্ক অৱ পাকিস্তান’’ৰ কাৰিকৰী সহোযোগত "অল পাকিস্তান সংখ্যালঘু ঐতিহ্যৰ ফটো প্ৰতিযোগিতা" শীৰ্ষক এক দেশজোৰা ফটো প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল, য'ত তেওঁলোকে পাকিস্তানী নাগৰিকৰ পৰা অমুছলমান ধৰ্মীয় ঐতিহ্য ক্ষেত্ৰ, যেনে হিন্দু, খ্ৰীষ্টান, শিখ, জৈন, বুদ্ধ, পাৰ্চীকে ধৰি সকলোৰে ঐতিহ্যসম্বলিত ফটো বিচাৰিছিল৷ ৯

তথ্যসূত্ৰ

  1. ↑ Pakistan Hindu Council
  2. ↑ PHC. www.pakistanhinducouncil.org
  3. ↑ How long will govt neglect Tharparkar, asks MNA Ramesh Kumar. PakistanToday. April 22, 2017
  4. ↑ Hasan, Shazia. (2019-01-07). 79 Hindu couples tie the knot in mass wedding. DAWN.COM
  5. ↑ Mass wedding. www.thenews.com.pk
  6. ↑ 56 candidates to contest Pakistan Hindu Council elections
  7. ↑ Menon, Meena. (2014-01-07). Forced conversion of Hindu girls on the rise: Pak Hindu Council. The Hindu
  8. ↑ (2015-11-23). Security concerns: Hindu council condemns attack on minorities MNA. The Express Tribune
  9. ↑ Pakistan Hindu Council announces minorities’ heritage photo contest. The News

সম্পৰ্কিত শ্ৰেণী

পাকিস্তান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাকিস্তান হিন্দু পৰিষদ” প্ৰবন্ধৰ সংশোধন ৪২৭৮৭২ (৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।