পলেট ডেল বে (১৮৭৭ – ২৩ মে' ১৯৪৫; (ইংৰাজী ভাষা: Paulette del Baye), জন্মগত নাম কেটলীনা ফ্ৰান্সিস্কা পলীনা বাটায়া, আছিল কিউবাৰ এগৰাকী ফৰাচী অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী আৰু ভডিভিল পৰিৱেশক।
কেৰিয়াৰ
পলেট ডেল বে'ই ১৯০৪ চনত মৌলিন ৰুজৰ ৰিভিউত "লা কমেৰ অ’ বইছ" হিচাপে অভিনয় কৰিছিল। এই ৰিভিউটোৰ বিষয়ে এটা প্ৰতিৱেদনত কোৱা হৈছিল যে, "পলেট ডেল বে' এগৰাকী সূক্ষ্ম অভিনেত্ৰী, এগৰাকী আধ্যাত্মিক গায়িকা আৰু এগৰাকী উৎকৃষ্ট নৃত্যশিল্পী, যিয়ে হাঁহি মুখেৰে কলাৰ প্ৰকৃত প্ৰদৰ্শন কৰে।" ১ তেওঁ থিয়েটাৰ ডি নোভোটিছত (Théâtre des Nouveautés) ভৌছ নাভেজ ৰিয়েন এ ডেক্লাৰে? (১৯০৬) ত "জেজে" চৰিত্ৰটো সৃষ্টি কৰিছিল।২ লগতে পেৰিছৰ লে প্লেকছ ডি এল এনি (১৯০৬) ত অভিনয় কৰিছিল।৩ লণ্ডনত তেওঁক ম'ৰ (১৯১৬),৪ আৰ্লেট (১৯১৭),৫ আৰু দ্য পাছিং শ্ব' অৱ ১৯১৮ (১৯১৮) ত দেখা গৈছিল।৬ ১৯১৭ চনত তেওঁৰ জীৱনৰ ওপৰত ভিত্তি কৰি এখন কমিক অপেৰা নিৰ্মাণ কৰা হৈছিল আৰু যাৰ নাম ৰখা হৈছিল পলেট ডেল বে'।৭
পলেট ডেল বে'ৰ চলচ্চিত্ৰসমূহৰ ভিতৰত ১৯২১ চনৰ চাৰিখন নিৰ্বাক ছবি আছিল: গ্ৰেটহাৰ্ট, ফ্ৰেইল্টি, দ্য ফ্ৰুটফুল ভাইন আৰু দ্য ওমেন উইথ দ্য পেন; ইয়াৰ উপৰি তেওঁ চাৰ্লক হমছৰ দুঃসাহসিক অভিযান দ্য মেন উইথ দ্য টুইষ্টেড লিপত অভিনয় কৰিছিল।৮
অন্যান্য কাৰ্যকলাপ
১৯০৯ চনত ফৰাচী ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ ষড়যন্ত্ৰত জড়িত থকা কেইবাগৰাকীমান "সুন্দৰী অভিনেত্ৰী"ৰ ভিতৰত তেওঁ অন্যতম আছিল। এটা প্ৰতিৱেদনত কোৱা হৈছিল যে, "আজিৰ মটৰ গাড়ী আৰু দ্ৰুতগামী নাওৰ দিনত যুৱতী তথা আকৰ্ষণীয় পলেট ডেল বে'ক অনুসৰণ কৰাটো অত্যন্ত কঠিন।" ৯
ব্যক্তিগত জীৱন
পলেট ডেল বে'ই 'কমটেছে ডি ব্ৰিউড' উপাধি লাভ কৰিছিল।১০ ১৯৪৫ চনত ইংলেণ্ডত তেওঁৰ মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ "La revue de Moulin Rouge" Paris qui chante (11 December 1904): 2, 6
- ↑ Maurice Hennequin & Pierre Veber, Vous n'avez rien a declarer? Pièce en trois actes (Paris 1906). via ইণ্টাৰনেট আৰ্কাইভ
- ↑ "Les plaques de l'Année" La Revue Théâtrale (March 1906): 1356
- ↑ "Prince's Theatre: A New Revue" The Guardian (23 May 1916): 10. via Newspapers.com
- ↑ "A Well-Known Parisienne" The Tatler (4 July 1917): 22
- ↑ Advertisement, The Guardian (27 July 1918): 1. via Newspapers.com
- ↑ "Inside Life, Opera's Plot" Variety (June 1917): 4. via ইণ্টাৰনেট আৰ্কাইভ
- ↑ Denis Gifford, The British Film Catalogue: The Fiction Film (Routledge 2020). ISBN 9781317837015
- ↑ "Fair Actresses in Plot to Restore Monarchy Are Watched by Police" Columbus Evening Dispatch (21 June 1909): 9. via Newspapers.com
- ↑ Antoine Delécraz, 1914, Paris pendant la mobilisation, notes d'un immobilisé, des faits, des gestes, des mots (1914): 51. via ইণ্টাৰনেট আৰ্কাইভ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পলেট ডেল বে'” প্ৰবন্ধৰ সংশোধন ৫৯৩২৭৫ (২৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।