অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

পতংগৰ অনুকাৰিতা আৰু ছদ্মাবৰণ

অনুকাৰিতা (Mimicry) প্ৰাণীয়ে পৰভক্ষীৰ কবলৰ পৰা আত্মৰক্ষা বা চিকাৰক আকৰ্ষণ কৰিবলৈ ব্যৱহাৰ কৰা এক বিশেষ কৌশল। বিশেষ পৰিস্থিতিত অনুকাৰক (Mimic) প্ৰাণীয়ে অন্য একধৰণৰ প্ৰাণীৰ আৰ্হি (Model)ত ৰঙ, গঠন অথবা আন স্বভাৱজাত লক্ষণ ধাৰণ কৰে, ফলত অনুকাৰক প্ৰাণীয়ে জীয়াই থকাৰ সংগ্ৰামত অগ্ৰাধিকাৰ লাভ কৰে।

হালনাগাদ: ১১ জুন ২০২৬ ৬৮২ শব্দ · ৪ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

অনুকাৰিতা (Mimicry) প্ৰাণীয়ে পৰভক্ষীৰ কবলৰ পৰা আত্মৰক্ষা বা চিকাৰক আকৰ্ষণ কৰিবলৈ ব্যৱহাৰ কৰা এক বিশেষ কৌশল১। বিশেষ পৰিস্থিতিত অনুকাৰক (Mimic) প্ৰাণীয়ে অন্য একধৰণৰ প্ৰাণীৰ আৰ্হি (Model)ত ৰঙ, গঠন অথবা আন স্বভাৱজাত লক্ষণ ধাৰণ কৰে, ফলত অনুকাৰক প্ৰাণীয়ে জীয়াই থকাৰ সংগ্ৰামত অগ্ৰাধিকাৰ লাভ কৰে। আনহাতে প্ৰাণীৰ ছদ্মাৱৰণ (Camouflage) হ’ল, শত্ৰুৰ আক্ৰমণৰ পৰা আত্মৰক্ষাৰ নিমিত্তে চৌপাশৰ বিভিন্ন বস্তু সদৃশ আকৃতি ধাৰণ কৰাৰ ফলত সুৰক্ষিত হৈ পৰা এক কৌশল।

পতংগৰ অনুকাৰিতাৰ লগত সংগতি থকা কিছু শব্দ

অনুকাৰক (Mimic): যি পতংগই আন পতংগৰ ৰূপ লয়। যেনেঃ ভাইছৰয় পখিলা। আৰ্হি (Model): যি পতংগৰ ৰূপ আন পতংগই লয়। যেনেঃ মনাৰ্ক পখিলা। খাদ্যযোগ্য (Palatable): খাদ্যৰূপে বিবেচিত। খাদ্যৰ অযোগ্য (Unpalatable): খাদ্যৰূপে অবিবেচিত। ছদ্মাৱৰণ (Camouflage): পাৰিপাৰ্শ্বিকতাৰ লগত খাপ খোৱাকৈ চেহেৰা পৰিবৰ্তন কৰি লোৱা। যেনেঃ পত্ৰ সদৃশ পতংগ সতৰ্কীকৃত বৰণ (Warning colouration): পৰভক্ষীক ভয় খুৱাবৰ নিমিত্তে, পৰভক্ষীক আক্ৰমণকাৰী প্ৰাণীৰ আকৃতি ধাৰণ। যেনেঃ বাঘ সদৃশ পতংগ; পতংগৰ বাহিৰেও আন প্ৰাণীৰ ক্ষেত্ৰত দেখা যায় যে,-অবিষাক্ত সাপে বিষাক্ত সাপৰ ৰূপ লৈ শত্ৰুক ভীতিপ্ৰদৰ্শন কৰে)

অনুকাৰিতাৰ প্ৰকাৰ

প্ৰকৃতিত দুইধৰণৰ অনুকাৰিতা পৰিলক্ষিত হয়।

বাতেছিয়ান (Batesian)অনুকাৰিতা: খাদ্যযোগ্য অনুকাৰক (Mimic)এ খাদ্যৰ অযোগ্য আৰ্হি (Model)ৰ ৰূপ লোৱাৰ ফলত অনুকাৰকহে লাভান্বিত হয়। যেনেঃ অনুকাৰক ‘ৰবাৰ ফ্লাই’ নামৰ পতংগই ক্ষতিকাৰক ‘বাম্বল বি’ নামৰ পতংগৰ আৰ্হি প্ৰদৰ্শন কৰে। অনেকে ৰং প্ৰদৰ্শন কৰি (প্ৰকৃতিত ৰং থকা জীৱক বিশাক্ত বুলি গণ্য কৰা হয়) পৰভক্ষীক ভয় খুৱায়। 4. বেটছিয়ান অনুকাৰিতা (Batesian Mimicry): 1862 খৃষ্টাব্দত বেট্‌ছে (Bates) বৰ্ণনা কৰা অনুকাৰিতাক বেট্‌ছিয়ানৰ অনুকাৰিতা বোলা হয়। বেট্‌ছিয়ান অনুকাৰিতাৰ মতে ভক্ষণীয় আৰু অনপকাৰী প্ৰাণীয়ে নিজৰ প্ৰতিৰক্ষাৰ কাৰণে অভক্ষণীয় আৰু অনিষ্টকাৰী প্ৰাণীৰ লগত সাদৃশ্য দেখুৱায়। বেটছিয়ানৰ অনুকাৰিতা বৈশিষ্টপূৰ্ণ পৰিঘটনা কেইটা হ’ল: • এই ক্ষেত্ৰত নিদৰ্শটো (Model) অভক্ষণীয় আৰু সংৰক্ষিত হোৱা দেখা যায়। • নিদৰ্শটো সাধৰণতে সহজলভ্য হয়। • অনুকৰণকাৰী আৰু নিদৰ্শ একে ঠাইৰ আৰু একে সময়ৰ হব লাগে। • অনুকৰণকাৰীটোৱে নিদৰ্শটোক নিবিড় ভাবে অনুকৰণ কৰিব লাগে। বেটছিয়ান অনুকাৰিতাৰ উদাহৰণ: 1. বেটছিয়ান অনুকাৰিতাৰ সুন্দৰ উদাহৰণ হ’ল উত্তৰ আমেৰিকাৰ মনাৰ্ক পখিলা (Danaus plexipus) আৰু ভাইছৰয় পখিলা (Limenitis archipus)। মনাৰ্ক পখিলাবোৰ ভক্ষণযোগ্য নহয়। আনহাতে ভাইছৰয় পখিলাবোৰ ভক্ষণযোগ্য। দুয়োবিধ পখিলা একে অঞ্চলতে বাস কৰে। ইয়াত মনাৰ্ক পখিলাটো হ’ল নিদৰ্শ (Model) আৰু ভাইছৰয় পখিলাবিধ হ’ল অনুকৰণকাৰী (Mimic)। 2. ডুমুনী ফেটীৰ (Krait) গাৰ ৰং ডাঠ নীলা, স্পষ্ট খাঁজ যুক্ত আৰু ই বিষাক্ত। আকৌ লাইক’ডন (Lycodon) নামৰ সাপবিধ বিষহীন আৰু ইহতৰো গাৰ ৰং ডুমুনী ফেটী সাপৰ নিছিনা। ইয়াত ডুমুনী ফেটী হ’ল নিদৰ্শ আৰু লাইক’ডন হ’ল অনুকৰণকাৰী।

5. মুলেৰিয়ান অনুকাৰিতা (Mullerian Mimicry): মুলাৰে (Muller, 1879) পৰ্যবেক্ষেন কৰি যি অনুকাৰিতাৰ বিষয়ে বৰ্ণনা কৰিছিল তাকে মুলেৰিয়ান অনুকাৰিতা বোলা হয়। মুলেৰিয়ান অনুকাৰিতাত দুটা বা ততোধিক প্ৰজাতিয়ে প্ৰতিৰক্ষাৰ বাবে ভয়ানক বা শঙ্কাপূৰ্ণ আচৰণ ধাৰণ কৰি ইটোৱে সিটোৰ লগত সাদৃশ্য দেখুৱায়। মুলেৰিয়ান অনুকাৰিতাত দুটা বা ততোধিক অভক্ষণযোগ্য জীৱই ইটোৱে সিটোৰ লগত সাদৃশ্য দেখুৱায়।

মুলেৰিয়ান অনুকাৰিতা বৈশিষ্টপূৰ্ণ পৰিঘটনা কেইটা হ’ল: 1. সকলোবোৰ সাদৃশ্য দেখুওৱা প্ৰাণীয়েই বিপদসংকেতযুক্ত ৰঙ ধাৰণকাৰী আৰু সুৰক্ষিত। 2. সকলোবোৰ সাদৃশ্য দেখুওৱা প্ৰাণীৰ সংখ্যা প্ৰায় সমান। 3. সাদৃশ্য দেখুওৱা প্ৰাণীবোৰ সাধৰণতে বহুৰূপী নহয়। উদাহৰণ স্বৰূপে টিনুছিদ চকৰী (Ctenuchid Moth) আৰু বৰলে (Wasp) ইটোৱে সিটোৰ লগত সাদৃশ্য দেখুৱায় আৰু ইহতৰ দুয়োটাই অৰুছিকৰ। গতিকে পৰভক্ষী চৰাইবোৰে ইহতৰ এটা প্ৰজাতিৰ প্ৰাণীক ভক্ষণ কৰি অৰুছিকৰ বুলি গম পালে আনটো প্ৰজাতিৰ প্ৰাণীৰ ওচৰ নেচাপে। ফলত দুয়োটা প্ৰজাতিৰ প্ৰাণীয়ে লাভবান হোৱা দেখা যায় কিয়নো পৰভক্ষী চৰায়ে কোনটো ৰুছিকৰ কোনটো অৰুছিকৰ পৰীক্ষণ চলাওতে সৰহসংখ্যক জীৱৰ ধ্বংস নহয়।

মুল্লেৰিয়ান (Mullerian)অনুকাৰিতা: অনুকাৰক আৰু আৰ্হি দুয়োটা খাদ্যৰ অযোগ্য হোৱা বাবে উভয়েই লাভান্বিত হয়। যেনেঃ ভাইছৰয় পখিলা অনুকাৰক আৰু মনাৰ্ক পখিলা আৰ্হি।

টাইগাৰ কমপ্লেক্স (Tiger Complex): প্ৰায় ২০০ প্ৰকাৰৰ নৱক্ৰান্তীয় প্ৰজাতিয়ে এই বিধৰ অনুকাৰিতা দেখুৱায়। ইয়াৰে প্ৰতিটো প্ৰজাতিৰে দেহত ক'লাৰ ওপৰত হালধীয়া-কমলা ৰঙৰ পটি থাকে। এই প্ৰজাতিসমূহে একে অঞ্চলত থাকে। ইয়াৰে ভিতৰত চৰাইৰ খাদ্যৰ অনুপযোগী Tithorea harmonia, Tithorea tarricina, Melinaea marsaeus & Forbestra equicola, Lycorea pasinuntia, আৰু অতি বিষাক্ত দিনত চৰা Pericopinae পৰিয়ালৰ (family) প্ৰজাতি; লগতে চৰাইৰ খাদ্য হ'ব পৰা Heliconius ismenius, Heliconius hecale, Eueides isabella ( Heliconiinae ), Eresia eunice ( Nymphalinae ), Stalachtis calliope ( Riodinidae ), Consul fabius ( Charaxinae ) and Pterourus zagreus ( Papilioninae ) আদি প্ৰজাতি থাকে। টাইগাৰ কমপ্লেক্সত থকা প্ৰজাতি সমূহে খৰাং ঋতুৰ পাছৰ সময়খিনিত একেলগে সেমেকা অঞ্চলত বাস কৰে। এইখিনি সময়ত চৰাইৰ খাদ্য হিচাপে এই প্ৰজাতি সমূহ সূচল হৈ থাকে। কিন্তু অনুপযোগী প্ৰজাতি ভক্ষণ কৰা চৰায়ে একে বৰ্ণালীৰ পখিলা আৰু ভক্ষণ নকৰে। গতিকে বিষাক্ত পখিলাৰ লগত টাইগাৰ কমপ্লেক্সত থকা অন্যান্য অবিষাক্ত পখিলাও নিৰাপদে থাকিব পাৰে।২

পত্ৰ সদৃশ পতংগ.jpg
ছবি: Public domain
মুল্লেৰিয়ান অনুকাৰিতা.jpg
ছবি: Public domain
+ পতংগৰ বৰণ পৰিৱৰ্তনৰ লগত জড়িত কেইটামান কাৰক৩
পতংগবৰণকাৰক
গুৱৰুৱা জাতীয় পতংগ, মাখি জাতীয় পতংগ, পলুকলামেলানিন
গুৱৰুৱা জাতীয় পতংগ, জিঁয়া, পখিলা, মাখিৰঙাঅম্ম'ক্ৰম, কেৰটিনইড, অম্ম'ক্ৰম, পৰফাইৰিন
পখিলা, পতংগৰ চকুৰ বৰণমুগাঅম্ম'ক্ৰম, অম্ম'ক্ৰম + টেৰিনচ
ফৰিং জাতীয় পতংগ, পখিলাহালধীয়াকেৰটিনইডচ, ফ্লেভনইডচ, পেপিলিক্ৰম
ফৰিং জাতীয় পতংগ, পলু, মাখিসেউজীয়াইনচেক্ট’ভাৰ্ডিন(কেৰটিনইড+বিলিন), ইনচেক্ট’ভাৰ্ডিন(কেৰটিনইড+বিলিন), বিলিন
জিঁয়া, ফৰিং জাতীয় পতংগনীলাটিণ্ডেল স্কেটাৰিং, কেৰটিনইডচ
পখিলাবগাটেৰিনচ আৰু ফ্লেভনইডচ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Insect Camouflage and Mimicry - National Zoo| FONZ. Nationalzoo.si.edu
  2. ↑ www.learnaboutbutterflies.com/Survival%20Strateg আহৰণৰ তাৰিখ: ০৬-০৪-২০১২
  3. ↑ The insects: Structure and Function by R. F. Chapman পৃ:৬৬৬

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পতংগৰ অনুকাৰিতা আৰু ছদ্মাবৰণ” প্ৰবন্ধৰ সংশোধন ৬১১৭৭০ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।