অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নেচনেল ইউনিভাৰচিটি অৱ ছিংগাপুৰ

নেচনেল ইউনিভাৰচিটি অৱ ছিংগাপুৰ বা ছিংগাপুৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় (এন.ইউ.এছ.) (National University of Singapore) হৈছে ছিংগাপুৰস্থিত এখন ৰাষ্ট্ৰীয় গৱেষণা বিশ্ববিদ্যালয়। ১৯০৫ চনত ষ্ট্ৰেইটছ ছেটেলমেণ্টচ এণ্ড ফেডাৰেটেড মালয় ষ্টেটছ গভৰ্ণমেণ্ট মেডিকেল স্কুল হিচাপে প্ৰতিষ্ঠা কৰা, এন.ইউ.এছ.

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩১১ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

নেচনেল ইউনিভাৰচিটি অৱ ছিংগাপুৰ বা ছিংগাপুৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় (এন.ইউ.এছ.) (National University of Singapore) হৈছে ছিংগাপুৰস্থিত এখন ৰাষ্ট্ৰীয় গৱেষণা বিশ্ববিদ্যালয়। ১৯০৫ চনত ষ্ট্ৰেইটছ ছেটেলমেণ্টচ এণ্ড ফেডাৰেটেড মালয় ষ্টেটছ গভৰ্ণমেণ্ট মেডিকেল স্কুল হিচাপে প্ৰতিষ্ঠা কৰা, এন.ইউ.এছ. হৈছে ছিংগাপুৰৰ আটাইতকৈ পুৰণি স্বায়ত্তশাসিত বিশ্ববিদ্যালয়।১ বেছিভাগ ৰেংকিং অনুসৰি, ইয়াক কেৱল এছীয়-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰে নহয়, সমগ্ৰ বিশ্বৰে অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে গণ্য কৰা হয়।২৩ এন.ইউ.এছ. হৈছে এক বিস্তৃত গৱেষণা কেন্দ্ৰিক বিশ্ববিদ্যালয়, যি বিজ্ঞান, ঔষধ আৰু দন্ত চিকিৎসা, ডিজাইন আৰু পৰিৱেশ, আইন, কলা আৰু সামাজিক বিজ্ঞান, অভিযান্ত্ৰিক, ব্যৱসায়, কম্পিউটিং আৰু সংগীতকে ধৰি বিভিন্ন শাখাত স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা স্তৰতে ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।

এন.ইউ.এছ.-ৰ মুখ্য চৌহদটো ছিংগাপুৰৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত, কেণ্ট’ৰিজৰ ওচৰত, ১৫০ হেক্টৰ (৩৭০ একৰ) এলেকা জুৰি অনুষ্ঠানটো আছে;৪ ডিউক বিশ্ববিদ্যালয়ৰ সৈতে যুটীয়াভাৱে স্থাপিত স্নাতকোত্তৰ চিকিৎসা বিদ্যালয় ডিউক-এন.ইউ.এছ. মেডিকেল স্কুল,৫ আউট্ৰাম চৌহদত অৱস্থিত; ইয়াৰ বুকিট টিমা চৌহদত আইন বিভাগ আৰু লী কুয়ান য়ু স্কুল অৱ পাব্লিক পলিচি আছে। য়েল বিশ্ববিদ্যালয়ৰ সহযোগত স্থাপিত আৰু ২০২৫ চনৰ ভিতৰত অন্যান্য এন.ইউ.এছ. প্ৰতিষ্ঠানৰ সৈতে একত্ৰিত হোৱাৰ বাবে নিৰ্ধাৰিত এখন লিবাৰেল আৰ্টচ কলেজ৬, য়েল-এন.ইউ.এছ. মহাবিদ্যালয় বিশ্ববিদ্যালয় টাউনত অৱস্থিত (সাধাৰণতে ইউ টাউন বুলি জনাজাত়)। এগৰাকী নবেল বঁটা বিজয়ী, কনষ্টাণ্টিন নোভোচেলভ, ইয়াৰ অধ্যাপকসকলৰ এজন।

বুৰঞ্জী

১৯০৪ চনৰ ছেপ্টেম্বৰ মাহত, টেন জিয়াক কিমে ছিংগাপুৰত এখন চিকিৎসা বিদ্যালয় স্থাপনৰ বাবে, ষ্ট্ৰেইটছ ছেটেলমেণ্টৰ গভৰ্ণৰ ছাৰ জন এণ্ডাৰছনৰ ওচৰত আবেদন জনোৱা চীনা আৰু অন্যান্য অ-ইউৰোপীয় সম্প্ৰদায়ৰ এটি প্ৰতিনিধি দলৰ নেতৃত্ব দিছিল।৭ এণ্ডাৰছনে উল্লেখ কৰিছিল যে, আগতে আন কিছুমান আৱেদন পৰিছিল, যিবোৰ পৰ্যাপ্ত সংখ্যক শিক্ষাৰ্থী নথকাৰ বাবে আৰু স্থানীয় সম্প্ৰদায়ৰ পৰা সমৰ্থন নোপোৱাৰ বাবে কাৰ্যত পৰিণত হোৱা নাছিল।৮ ষ্ট্ৰেইটছ চাইনিজ ব্ৰিটিছ এছ’চিয়েশ্যনৰ প্ৰথম সভাপতি হোৱা টেনে সম্প্ৰদায়টোৰ পৰা ৮৭,০৭৭ ষ্ট্ৰেইটছ ডলাৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল, যাৰ ভিতৰত ১২,০০০ ডলাৰৰ ব্যক্তিগত অনুদান আছিল।৮৯১০ ১৯০৫ চনৰ ৩ জুলাইত চিকিৎসা বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াৰ নাম আছিল ষ্ট্ৰেইটছ ছেটেলমেণ্টচ আৰু ফেডাৰেটেড মালয় ষ্টেটছ গভৰ্ণমেণ্ট মেডিকেল স্কুল। এণ্ডাৰছনৰ নিৰ্দেশনাত, বিদ্যালয়খন চলাবলৈ প্ৰয়োজনীয় কৰ্মচাৰী প্ৰদান কৰা হৈছিল আৰু অলপতে খালী কৰা পাছিৰ পাঞ্জাঙৰ চৰকাৰৰ দ্বাৰা পৰিচালিত আশ্ৰয় নিবাস এটিত বিদ্যালয়খনৰ শ্ৰেণীসমূহ অস্থায়ীভাৱে আৰম্ভ কৰা হৈছিল। ৮

১৯১২ চনত চিকিৎসা বিদ্যালয়খনে চিকিৎসক লিম বুন কেঙে আৰম্ভ কৰা কিং এডৱাৰ্ড সপ্তম মেম’ৰিয়েল ফাণ্ডৰ পৰা ১,২০,০০০ ডলাৰ লাভ কৰিছিল। পৰৱৰ্তী সময়ত, ১৯১৩ চনৰ ১৮ নৱেম্বৰত বিদ্যালয়খনৰ নাম সলনি কৰি কিং এডৱাৰ্ড সপ্তম চিকিৎসা বিদ্যালয় কৰা হয়। ১৯২১ চনত, ইয়াৰ শৈক্ষিক স্থিতি প্ৰতিফলিত কৰিবলৈ ইয়াক পুনৰ কিং এডৱাৰ্ড সপ্তম ‘কলেজ অৱ মেডিচিন’লৈ সলনি কৰা হয়। ১১১২

তথ্যসূত্ৰ

  1. ↑ Towards an “entrepreneurial university” model to support knowledge-based economic development: the case of the National University of Singapore, Poh-Kam Wong, Yuen-Ping Ho, Annette Singh. World Development 35 (6), 941-958, 2007
  2. ↑ (28 May 2020). QS World University Rankings 2021. Top Universities
  3. ↑ (19 November 2020). QS University Rankings: Asia 2021. Top Universities
  4. ↑ History. NUS Bulletin. National University of Singapore
  5. ↑ About Duke-NUS Medical School. Duke School of Medicine
  6. ↑ Yale-NUS College. Yale College Undergraduate Admissions
  7. ↑ Loo Lay Yen. National University of Singapore: A Brief Chronological History. Lib.nus.edu.sg
  8. ↑ (5 October 1905). GOVERNMENT MEDICAL SCHOOL FOR MALAYA.. eresources.nlb.gov.sg. The Singapore Free Press and Mercantile Advertiser (Weekly)
  9. ↑ Zaccheus, Melody. (10 February 2019). Shedding light on life and legacy of Peranakan pioneer Tan Kim Seng. The Straits Times
  10. ↑ A Legacy of Giving. medicine.nus.edu.sg
  11. ↑ Tan; Soo, Joanna Hwang. King Edward VII College of Medicine · Infopedia. eresources.nlb.gov.sg
  12. ↑ Our History - NUS Yong Loo Lin School of Medicine. NUS Yong Loo Lin School of Medicine

সম্পৰ্কিত শ্ৰেণী

এছিয়াবিশ্ববিদ্যালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেচনেল ইউনিভাৰচিটি অৱ ছিংগাপুৰ” প্ৰবন্ধৰ সংশোধন ৩৮১৬১৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।