অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

নিকি বেয়াৰ

নিকি বেয়াৰ (Nikki Beare; ৭ মাৰ্চ, ১৯২৮– ১০ নৱেম্বৰ, ২০১৪) এগৰাকী আমেৰিকান নাৰীবাদী, সাংবাদিক আৰু লবীষ্ট আছিল যি ফ্ল'ৰিডাৰ নেচনেল অৰ্গেনাইজেচন ফৰ ৱমেন (NOW) অধ্যায়ৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৬ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

নিকি বেয়াৰ (Nikki Beare; ৭ মাৰ্চ, ১৯২৮– ১০ নৱেম্বৰ, ২০১৪) এগৰাকী আমেৰিকান নাৰীবাদী, সাংবাদিক আৰু লবীষ্ট আছিল যি ফ্ল'ৰিডাৰ নেচনেল অৰ্গেনাইজেচন ফৰ ৱমেন (NOW) অধ্যায়ৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ফ্ল’ৰিডাৰ নৱজাত নাৰীবাদী আন্দোলনৰ প্ৰতি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ পূৰ্বে বেয়াৰে দ্য মিয়ামি নিউজৰ সাংবাদিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। সম অধিকাৰ সংশোধনী গৃহীত কৰাৰ প্ৰয়াসত NOW য়ে লবীষ্ট হিচাপে নিযুক্তি দিছিল আৰু চাকৰি আৰু বীমাৰ বৈষম্যৰ দৃষ্টান্তৰ বিৰুদ্ধে যুঁজিবলৈ কাম কৰিছিল। ১৯৮৫ আৰু ১৯৯৫ চনত মহিলা সম্পৰ্কীয় তৃতীয় আৰু চতুৰ্থ বিশ্ব সন্মিলনলৈ বেয়াৰক আমন্ত্ৰণ জনোৱা হৈছিল।

১৯৯৪ চনত ফ্ল’ৰিডাৰ মহিলা হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।

কৰ্মজীৱন

১৯৫৬ চনত তেওঁৰ পৰিয়ালটোৱে ফ্ল'ৰিডা কিজৰ এখন গাঁও ইছলামোৰাডালৈ গুচি যায় আৰু মিয়ামিলৈ যোৱাৰ আগতে তেওঁ কী ৱেষ্ট চিটিজেন কাকতৰ বাবে লিখিছিল।১ ১৯৬২ চনত বেয়াৰে From turtle soup to coconuts শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰে৷২

১৯৬৮ চনত বেয়াৰে আমেৰিকাৰ নাৰীবাদী ৰক্সি বোল্টনৰ পৰা অনুপ্ৰাণিত হৈ নেচনেল অৰ্গেনাইজেচন ফৰ ৱমেন (NOW)ৰ ফ্ল'ৰিডা অধ্যায় প্ৰতিষ্ঠা কৰাত সহায় কৰে।৩৪৫ মিয়ামি নিউজৰ ৱমেন’ছ পেজৰ ৰিপ’ৰ্টাৰ হিচাপে কাম কৰাৰ সময়ত বেয়াৰে ফ্ল’ৰিডা নাওৰ উপ-সভাপতি নিৰ্বাচিত হয়। নাৰীবাদৰ সৈতে মোকাবিলা কৰিবলৈ সাংবাদিকতা এৰি যোৱাৰ পিছত তেওঁ দ্য মিয়ামি হেৰাল্ডক লিংগভিত্তিক বাতৰি কাকতৰ ক্লাছিফাইড শিতানসমূহ আঁতৰাই পেলাবলৈ পতিয়ন নিয়াইছিল।১৬ পিছলৈ মাৰ্থা ইংলে পদত্যাগ কৰাৰ পিছত তেওঁক ফ্ল'ৰিডাৰ NOW৭ অধ্যায়ৰ সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হয়।৩ ১৯৭০ চনত বেয়াৰে ডেড কাউণ্টিৰ প্ৰথমগৰাকী মহিলা কৃষ্ণাংগ অধিবক্তা গ্ৱেন চেৰীক ফ্ল'ৰিডাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছলৈ নিৰ্বাচিত হোৱাত সহায় কৰে৩ লগতে ইলেইন গৰ্ডনক ডেড কাউন্টিৰ পৰা ডেম'ক্ৰেটিক দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাত সহায় কৰে।৮ NOW ৰ সৈতে তেওঁৰ কামৰ অংশ হিচাপে বেয়াৰে মহিলাসকলৰ বাবে কৰ্মশালা প্ৰস্তুত কৰিছিল যাতে তেওঁলোকক সাংসদসকলৰ সৈতে কেনেকৈ লবী আৰু যোগাযোগ কৰিব লাগে সেই বিষয়ে জ্ঞান দিব পাৰি।৯

তথ্যসূত্ৰ

  1. ↑ Cohen, Howard. (November 20, 2014). Pioneering feminist, Florida Women's Hall of Famer Nikki Beare dies at 86. Miami Herald
  2. ↑ Beare, Nikki. WorldCat
  3. ↑ NIKKI BEARE. veteranfeministsofamerica.com
  4. ↑ Harakas, Margo. (May 26, 1999). ROXCY'S HERITAGE. Sun-Sentinel
  5. ↑ (March 27, 1999). GENDER BOOSTERS. Sun-Sentinel
  6. ↑ Ensley, Gerald. (November 11, 2014). Florida Women's Hall of Famer Nikki Beare dies at 86. tallahassee.com
  7. ↑ (July 13, 1971). Goals Set by Women's Political Caucus. New York Times
  8. ↑ Harakas, Margo. (April 19, 1987). POLITICO PROUD OF MAKING A DIFFERENCE. Sun-Sentinel
  9. ↑ (March 25, 1973). NOW In Florida. fsu.digital.flvc.org. পৃ. 4

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰী অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিকি বেয়াৰ” প্ৰবন্ধৰ সংশোধন ৫৭৯১৫২ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।