অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাৰায়ণ পাল

নাৰায়ণ পাল ( ৮৭১–৯২৫) ভাৰতীয় উপমহাদেশৰ পূব অঞ্চল, প্ৰধানকৈ বংগ আৰু বিহাৰ অঞ্চলত শাসন কৰা পাল সাম্ৰাজ্যৰ সপ্তমজন সম্ৰাট আছিল।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৫ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

নাৰায়ণ পাল ( ৮৭১–৯২৫)১ ভাৰতীয় উপমহাদেশৰ পূব অঞ্চল, প্ৰধানকৈ বংগ আৰু বিহাৰ অঞ্চলত শাসন কৰা পাল সাম্ৰাজ্যৰ সপ্তমজন সম্ৰাট আছিল।

ৰাজত্ব

তেওঁৰ ৰাজত্বকালৰ বিষয়ে তেওঁৰ সপ্তম ৰাজত্ব বৰ্ষৰ গয়া মন্দিৰৰ শিলালিপি, ভাৰতীয় সংগ্ৰহালয় (পূৰ্বৰ পাটনা জিলাত পোৱা) তেওঁৰ নৱম ৰাজত্ব বৰ্ষৰ শিলৰ শিলালিপি, ভাগলপুৰ তাম-প্লেট অনুদান তেওঁৰ সপ্তদশ ৰাজত্ব বৰ্ষৰ, বিহাৰ ভোটিভ প্ৰতিমূৰ্তি শিলালিপি তেওঁৰ ৫৪ সংখ্যক ৰাজত্বকালৰ শিলালিপি আৰু তেওঁৰ মন্ত্ৰী ভট্টা গুৰৱমিশ্ৰৰ বাদল স্তম্ভৰ শিলালিপি তথ্য প্ৰদান কৰে।২

বিভিন্ন এপিগ্ৰাফ আৰু ঐতিহাসিক তথ্যৰ বিভিন্ন ব্যাখ্যাৰ ভিত্তিত বিভিন্ন ইতিহাসবিদসকলে নাৰায়ণপালৰ ৰাজত্বকালৰ অনুমান এনেদৰে কৰিছে:৩

ইতিহাসবিদআনুমানি ৰাজত্ব
আৰ চি মজুমদাৰ (১৯৭১)৮৫৪-৯০৮ খৃঃ
এ এম চৌধুৰী (১৯৬৭)৮৬৬-৯২০ খৃঃ
বি পি সিনহা (১৯৭৭)৮৬৫-৯২০ খৃঃ
ডি চি চিৰ্কাৰ (১৯৭৫-৭৬)৮৬০-৯১৭ খৃঃ

তেওঁ কলাচুৰী ৰাজকুমাৰী লজ্জা দেৱী আৰু প্ৰথম বিগ্ৰহ পালৰ পুত্ৰ আছিল,৪৫ লজ্জা দেৱীক অ' পি ভাৰ্মাই প্ৰথম কোকল্লাৰ কন্যা হ’ব পাৰে বুলি চিনাক্ত কৰিছে।৬ পিছলৈ নাৰায়ণ পালৰ পিছত তেওঁৰ পুত্ৰ ৰাজ্য পাল ৰাজপাটত বহে।৭

ধৰ্ম আৰু ধৰ্মীয় নীতি

পাল বংশৰ আগতে শৈৱ ধৰ্মই বংগত শিপাইছিল যদিও সেই বংশৰ সময়তে ব্ৰাহ্মণ মন্ত্ৰীসকলে নিজৰ প্ৰভাৱ বৃদ্ধি কৰি বৌদ্ধ ধৰ্মৰ ওপৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। বিশেষকৈ নাৰায়ণ পালৰ দিনত শৈৱ ধৰ্মই বংগৰ মানুহৰ মনত ব্যাপক দখল লাভ কৰিছিল। এই অঞ্চলত বৌদ্ধ ধৰ্মৰ প্ৰাদুৰ্ভাৱ কমি আহিল, ক্ৰমান্বয়ে শৈৱ ধৰ্মৰ সৈতে মিহলি হৈ পৰিল।৮

তথ্যসূত্ৰ

  1. ↑ Laha, Gopal. (2017). Revised Genealogy, Chronology & Regnal Years of the Kings of the Pala Dynasty in the Light of the Latest Discoveries, Decipherment and Presentation (750-1200 A.d). Proceedings of the Indian History Congress. পৃ. 257
  2. ↑ Sinha, Bindeshwari Prasad (1977). Dynastic History of Magadha, New Delhi: Abhinav Publications, pp. 192–4
  3. ↑ Susan L. Huntington. (1 January 1984). The "Påala-Sena" Schools of Sculpture. Brill Archive. পৃ. 32–37. ISBN 90-04-06856-2
  4. ↑ Mishra, Vijayakanta. (1979). Cultural Heritage of Mithila. Mithila Prakasana. পৃ. 39
  5. ↑ Maitreya, Akshay Kumar. (1987). The fall of the Pāla Empire. University of North Bengal. পৃ. 1
  6. ↑ Verma, O.P. (1961). MATRIMONIAL ALLIANCES OF PALA RULERS (Summary). Proceedings of the Indian History Congress. Dr S.P. Sen. পৃ. 63
  7. ↑ Qureshi, Ishtiaq Hussain. (1967). A Short History of Pakistan: Pre-Muslim period, by A. H. Dani. University of Karachi. পৃ. 181
  8. ↑ Sarkar, Benoy Kumar. (1972). Folk-element in Hindu culture. পৃ. 170

সম্পৰ্কিত শ্ৰেণী

পাল ৰাজবংশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰায়ণ পাল” প্ৰবন্ধৰ সংশোধন ৫৫৭৩৪৪ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।