অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

দ্য বুল অব ফালাৰিছ

দ্য ব্ৰেজেন বুল, চিচিলিয়ান বুল বা ফালাৰিছৰ বুল হৈছে প্ৰাচীন গ্ৰীচত প্ৰচলিত নিৰ্মম নিৰ্যাতন আৰু মৃত্যুদণ্ডৰ বাবে ব্যৱহৃত ম'হৰ আকৃতিৰ একপ্ৰকাৰৰ যন্ত্ৰ॥ ডিঅ'ড'ৰাছ চিকুলাছৰ মতে, বিব্লিঅ'থেকা হিষ্ট'ৰিকাৱত কাহিনীটোৰ পুনৰ্কথনৰ দৰে এথেন্সৰ পেৰিলাছে ইয়াক অপৰাধীক মৃত্যুদণ্ড দিয়াৰ নতুন উপায় হিচাপে উদ্ভাৱন…

হালনাগাদ: ১০ ছেপ্তেম্বৰ ২০২৩ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

দ্য ব্ৰেজেন বুল, চিচিলিয়ান বুল বা ফালাৰিছৰ বুল হৈছে প্ৰাচীন গ্ৰীচত প্ৰচলিত১ নিৰ্মম নিৰ্যাতন আৰু মৃত্যুদণ্ডৰ বাবে ব্যৱহৃত ম'হৰ আকৃতিৰ একপ্ৰকাৰৰ যন্ত্ৰ॥২ ডিঅ'ড'ৰাছ চিকুলাছৰ মতে, বিব্লিঅ'থেকা হিষ্ট'ৰিকাৱত কাহিনীটোৰ পুনৰ্কথনৰ দৰে এথেন্সৰ পেৰিলাছে ইয়াক অপৰাধীক মৃত্যুদণ্ড দিয়াৰ নতুন উপায় হিচাপে উদ্ভাৱন কৰি চিচিলিৰ আক্ৰাগাছৰ অত্যাচাৰী ফালাৰিছক প্ৰস্তাৱ দিছিল।৩ যন্ত্ৰটোৰ ভিতৰ অংশ ফোঁপোলা আৰু সম্পূৰ্ণৰূপে ব্ৰঞ্জেৰে তৈয়াৰী আৰু এফালে প্ৰৱেশদ্বাৰ থকা বুলি কোৱা হৈছিল।৪ কিংবদন্তি অনুসৰি ব্ৰঞ্জৰে তৈয়াৰী ম'হটো প্ৰকৃত ম’হৰ আকৃতি আৰু আকাৰৰ সৈতে একেই আছিল আৰু ইয়াত এটা শব্দ যন্ত্ৰ সংযোগ কৰা হৈছিল যি ভিতৰৰ শাস্তিপ্ৰাপ্ত লোকজনৰ চিৎকাৰক ম’হৰ মাতলৈ ৰূপান্তৰিত কৰিছিল। দণ্ড প্ৰাপকসকলক যন্ত্ৰটোৰ ভিতৰত আবদ্ধ কৰি তাৰ তলত জুই জ্বলোৱা হৈছিল, ভিতৰত থকা ব্যক্তিজনক পোৰালৈকে যন্ত্ৰটো গৰম কৰা হৈছিল। ইয়াৰ পিছত এশ বছৰ বয়সলৈকে জীয়াই থকা পিণ্ডাৰে এই নিৰ্যাতনৰ বাদ্যযন্ত্ৰটোক অত্যাচাৰী ফালাৰিছৰ নামৰ সৈতে স্পষ্টভাৱে জড়িত কৰি দ্য বুল অব ফালাৰিছ বুলি ঘোষণা কৰিছিল।৫

তথ্যসূত্ৰ

Notesগ্ৰন্থ

  • Diehl, Daniel; Donnelly, Mark P. (2008). The Big Book of Pain: Punishment and Torture Through History. The History Press. ISBN 978-0-7509-4583-7
  • Thompson, Irene. (2008). The A to Z of Punishment and Torture: From Amputations to Zero Tolerance. Book Guild Publishing. ISBN 978-1-84624-203-8

তথ্যসূত্ৰ

  1. ↑ Brazen Bull: The ancient Greek torture death machine. GHD
  2. ↑ Diehl Donnelly 2008, পৃ. 37
  3. ↑ Biblioteca Historica, IX, 18–19
  4. ↑ Diehl Donnelly 2008, পৃ. 39
  5. ↑ Pindar, Pythian 1

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য বুল অব ফালাৰিছ” প্ৰবন্ধৰ সংশোধন ৩৭৭৪৯৭ (১০ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।