অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

দবাৰ খিতাপসমূহ

দবাৰ খিতাপসমূহ দবাৰ খিতাপ হৈছে নিয়ন্ত্ৰক সংস্থাৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু খেলুৱৈসকলক তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা উপাধি। এনে উপাধি সাধাৰণতে আজীৱন প্ৰদান কৰা হয়। আন্তঃৰাষ্ট্ৰীয় দবা সংস্থাই কেইবাটাও উপাধি প্ৰদান কৰে।

হালনাগাদ: ১৪ অক্টোবৰ ২০২৪ ৪২২ শব্দ · ২ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

দবাৰ খিতাপসমূহ

দবাৰ খিতাপ হৈছে নিয়ন্ত্ৰক সংস্থাৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু খেলুৱৈসকলক তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা উপাধি। এনে উপাধি সাধাৰণতে আজীৱন প্ৰদান কৰা হয়। আন্তঃৰাষ্ট্ৰীয় দবা সংস্থাই কেইবাটাও উপাধি প্ৰদান কৰে। ইয়াৰে আটাইতকৈ সন্মানীয় উপাধিটো হ’ল গ্ৰেণ্ডমাষ্টাৰ; বহুতো ৰাষ্ট্ৰীয় দবা ফেডাৰেচনেও "ৰাষ্ট্ৰীয় মাষ্টাৰ"ৰ দৰে উপাধি প্ৰদান কৰে।১ সাধাৰণতে দবা মাষ্টাৰ হ’ল ইমান দক্ষতাসম্পন্ন খেলুৱৈ যে তেওঁলোকে সাধাৰণতে বেছিভাগ অপেছাদাৰীক পৰাস্ত কৰিব পাৰে।

বিশ্ব দবা সংস্থা বা চমুতে "ফিদে" স্থাপনৰ সময়ত "ৰাষ্ট্ৰীয় মাষ্টাৰ" উপাধিতকৈ উচ্চ খিতাপৰ সৃষ্টি কৰা‌ হয়। ১৯৫০ চনত ফিদেই "গ্ৰেণ্ডমাষ্টাৰ" আৰু "আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ" উপাধি সৃষ্টি কৰে, যাৰ প্ৰয়োজনীয়তা দিন যোৱাৰ লগে লগে ক্ৰমান্বয়ে আনুষ্ঠানিক হৈ পৰিল। ১৯৭৮ চনত ফিদেই "ফিদে‌ মাষ্টাৰ" নামৰ আন এটা নিম্ন খাপৰ খিতাপ‌ সৃষ্টি কৰে।

দবাৰ খিতাপসমূহ

  • গ্ৰেণ্ডমাষ্টাৰ (জি এম) হৈছে এজন দবা খেলুৱৈয়ে লাভ কৰিব পৰা সৰ্বোচ্চ খিতাপ। এজন খেলুৱৈয়ে গ্ৰেণ্ডমাষ্টাৰ খিতাপ লাভৰ বাবে যোগ্যতা অৰ্জন কৰাৰ সাধাৰণ উপায় হ’ল এটা সময়ত ২৫০০ ফিদে ৰেটিং লাভ কৰা আৰু আবেদনকাৰীৰ নিজা দেশৰ উপৰিও আন দেশৰ গ্ৰেণ্ডমাষ্টাৰে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত তিনিটা অনুকূল ফলাফল ( নৰ্মছ বুলি কোৱা হয়) লাভ কৰা।
  • ''আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (আই এম): ন্যূনতম ২৪০০ ৰেটিং আৰু তিনিটা নৰ্মছৰ প্ৰয়োজন, আনহাতে জিএম খিতাপৰ তুলনাত নৰ্ম লাভৰ আৱশ্যকীয় অৰ্হতা কম।
  • ''ফিদে মাষ্টাৰ (এফ এম): ন্যূনতম ৰেটিং ২৩০০ৰ প্ৰয়োজন। কোনো নৰ্মচৰ প্ৰয়োজন নাই।
  • ''প্ৰাৰ্থী মাষ্টাৰ (চি এম): ন্যূনতম ৰেটিং ২২০০ৰ প্ৰয়োজন। কোনো নৰ্মছৰ প্ৰয়োজন নাই।

ওপৰত উল্লেখ কৰা উপাধিসমূহ পুৰুষ আৰু মহিলাৰ বাবে মুকলি। কেৱল মহিলাৰ বাবে পৃথক পৃথক খিতাপো আছে:

  • মহিলা গ্ৰেণ্ড মাষ্টাৰ (ডব্লিউ জি এম): ন্যূনতম ৰেটিং ২৩০০ আৰু তিনিটা নৰ্মছৰ প্ৰয়োজন।
  • মহিলা আন্তৰ্জাতিক মাষ্টাৰ (ডব্লিউ আই এম): ন্যূনতম ৰেটিং ২২০০ আৰু তিনিটা নৰ্মছৰ প্ৰয়োজন। নৰ্ম লাভ কৰাৰ বাবে আৱশ্যকীয় অৰ্হতা ডব্লিউ জি এম খিতাপৰ তুলনাত কম।
  • মহিলা ফিদে মাষ্টাৰ (ডব্লিউ এফ এম) ৰ বাবে ন্যূনতম ৰেটিং ২১০০ ৰ প্ৰয়োজন। কোনো নৰ্মছৰ প্ৰয়োজন নাই।
  • মহিলা প্ৰাৰ্থী মাষ্টাৰ (ডব্লিউ চি এম) ৰ বাবে ন্যূনতম ৰেটিং ২০০০ ৰ প্ৰয়োজন। কোনো নৰ্মছৰ প্ৰয়োজন নাই।

১৯৭৮ চনত নোনা গাপ্ৰিন্দছভিলিৰ পৰা আৰম্ভ কৰি ৪২ গৰাকী মহিলাইও জিএম খিতাপ অৰ্জন কৰিছে।২

কিছুমান উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাৰ শীৰ্ষস্থান বা তাৰ ওচৰৰ স্থান দখল কৰি এই খিতাপবোৰ লাভ কৰাৰ এক বিকল্প উপায় আছে। উদাহৰণস্বৰূপে, বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ জয় কৰা ব্যক্তিক জিএম খিতাপ প্ৰদান কৰা হয়।৩

ফিডে অনলাইন এৰিনাৰ জৰিয়তে লিংগ নিৰ্বিশেষে "নিম্ন খাপৰ" খেলুৱৈৰ বাবেও খিতাপ প্ৰদান কৰা হয়।৪

  • এৰিনা গ্ৰেণ্ডমাষ্টাৰ (এজিএম): ন্যূনতম অনলাইন ফিদে ৰেটিং ২০০০ ৰ প্ৰয়োজন।
  • এৰিনা ইণ্টাৰনেশ্যনেল মাষ্টাৰ (এআইএম): ন্যূনতম অনলাইন ফিদে ৰেটিং ১৭০০ ৰ প্ৰয়োজন।
  • এৰিনা ফিদে মাষ্টাৰ (এএফ এম): ন্যূনতম অনলাইন ফিদে ৰেটিং ১৪০০ ৰ প্ৰয়োজন।

কোনো এটা এৰিনা খিতাপৰ বাবে কোনো নৰ্মছৰ প্ৰয়োজন নাই, অৱশ্যে খেলুৱৈয়ে একেৰাহে কমেও ১৫০খন বুলেট গেম, ১০০খন ব্লিটজ গেম বা ৫০খন ৰেপিড গেমৰ বাবে প্ৰয়োজনীয় ন্যূনতম অনলাইন ৰেটিং বজাই ৰাখিব লাগিব।

তথ্যসূত্ৰ

  1. ↑ World Chess Federation. FIDE Handbook: Chess Rules. 1.0. Requirements for the titles designated in 0.31. Retrieved 9 December 2006
  2. ↑ Current FIDE lists of top players with their titles are online at fide.com . Retrieved 11 December 2006
  3. ↑ B. Permanent Commissions / 01. International Title Regulations (Qualification Commission) / FIDE Title Regulations effective from 1 January 2023 / FIDE Handbook. International Chess Federation (FIDE)
  4. ↑ What is the FOA Title? · FIDE Online Arena Help Center. support.chessarena.com

সম্পৰ্কিত শ্ৰেণী

গ্ৰেণ্ডমাষ্টাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দবাৰ খিতাপসমূহ” প্ৰবন্ধৰ সংশোধন ৪৩৭৭০০ (১৪ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।