অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নীলা দেৱী

নীলা দেৱী ( Nila Devi), এগৰাকী আঞ্চলিক হিন্দু দেৱী আৰু শ্ৰীদেৱী আৰু ভূদেৱীৰ সৈতে বিষ্ণুৰ তৃতীয় গৰাকী সহধৰ্মিনী। কৃষ্ণৰ ৰূপত বিষ্ণুৰ অৱতাৰৰ সময়ত তেওঁ বিষ্ণুৰ সহধৰ্মিনী হয়। এই গৰাকী দেৱী দক্ষিণ ভাৰতত জনপ্ৰিয়, বিশেষকৈ তামিল সংস্কৃতিত বিষ্ণুৰ সহধৰ্মিনী হিচাপে তেওঁ পৰিচিত।

হালনাগাদ: ১৯ মাৰ্চ ২০২২ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নীলা দেৱী ( Nila Devi), এগৰাকী আঞ্চলিক হিন্দু দেৱী আৰু শ্ৰীদেৱী আৰু ভূদেৱীৰ সৈতে বিষ্ণুৰ তৃতীয় গৰাকী সহধৰ্মিনী।১ কৃষ্ণৰ ৰূপত বিষ্ণুৰ অৱতাৰৰ সময়ত তেওঁ বিষ্ণুৰ সহধৰ্মিনী হয়। ২ এই গৰাকী দেৱী দক্ষিণ ভাৰতত জনপ্ৰিয়, বিশেষকৈ তামিল সংস্কৃতিত বিষ্ণুৰ সহধৰ্মিনী হিচাপে তেওঁ পৰিচিত।২৩

নীলা দেৱীয়ে কৃষ্ণৰ পত্নী নগ্নাজিতিৰ অৱতাৰ গ্ৰহণ কৰিছিল। তেওঁক নপ্পিনাই (তামিল পৰম্পৰাত কৃষ্ণৰ প্ৰিয় গোপী পিন্নাই) বুলিও কোৱা হয়। ৪২

নীলাদেৱীৰ উপস্থিতি সম্পৰ্কে বৈখনাস আগমা পাঠত উল্লেখ আছে। ৪৫৩ কিছুমান গ্ৰন্থত উল্লেখ কৰা অনুসৰি বিষ্ণুৰ ইচ্চা শক্তিয়ে তিনিটা ৰূপ লয়: ক্ৰমে শ্ৰীদেৱী, ভূদেৱী আৰু নীলাদেৱী, এই সকলে তিনিটা গুণৰ প্ৰতিনিধিত্ব কৰে। সীতা উপনিষদত উল্লেখ কৰা অনুসৰি এই তিনিটা ৰূপ দেৱী সীতাৰ স্বৰূপ। নীলাদেৱীয়ে তম গুণক প্ৰতিনিধিত্ব কৰে।২ ইয়াৰোপৰি তেওঁ সূৰ্য, চন্দ্ৰ আৰু জুইৰ সৈতে সম্পৰ্কিত।২ তেওঁ চেৰুচেৰী নামবুথিৰিৰ কৃষ্ণগাথাত কৃষ্ণৰ গোপী হিচাপে বৰ্ণিত হৈছে।২

বিষ্ণুৰ ধ্যান মন্ত্ৰ অনুসৰি, অনন্ত শয্যাত, তেওঁক সৰ্প শেষনাগ সহ শ্ৰীদেৱীৰ সোঁফালে আৰু ভুদেৱী আৰু বাওঁফালে নীলাদেৱীৰ সৈতে বহি থকা দেখুওৱা হৈছে।৬ নীলাদেৱীক তেওঁৰ দুই সহ-পত্নীৰ সৈতে বিষ্ণুৰ পিছফালে থিয় হৈ থকাও দেখুওৱা হয়। ৫ ব্ৰিটিছ সংগ্ৰহালয়ত বিষ্ণুক বৈকুণ্ঠ-নাথ ("বৈকুণ্ঠৰ প্ৰভু") হিচাপে চিত্ৰিত কৰা অনুসৰি বিষ্ণুক শ্ৰীদেৱী আৰু ভূদেৱীৰ মাজত শেষনাগৰ ওপৰত বহি থকা দেখুওৱা হৈছে আনহাতে তেওঁৰ ভৰিৰ ফালে নীলাদেৱী বিৰাজমান। ৫

সাধু-কবি অণ্ডলক কেতিয়াবা শ্ৰী বৈষ্ণৱ সম্প্ৰদায়ে নীলাদেৱীৰ এটা দিশ হিচাপে গণ্য কৰে।৬৭

নপ্পিনাই

নপ্পিনাই – কৃষ্ণ ধৰ্ম মুখ্যতঃ তামিল ভাষীৰ মাজত সীমাবদ্ধ। নপ্পিনাই নামটো আলভাৰ আৰু চিলাপ্পাডিকাৰামৰ দিব্য প্ৰবন্ধত পোৱা যায়। ৮ অণ্ডলে (আলভাৰসকলৰ এজন) তেওঁৰ কৃষ্ণৰ প্ৰতি ভক্তি প্ৰদৰ্শন কৰিব বিচাৰিছিল যেনেকৈ গোপিকাসকলে দ্বাপৰ যুগত কৰিছিল। শ্ৰীবৈষ্ণৱ ধৰ্ম অনুসৰি, ভগৱানৰ ওচৰত সম্পূৰ্ণ আত্মসমৰ্পণ তেওঁৰ সহধৰ্মিনী সকলেহে কৰিব পাৰে আৰু বিশেষকৈ কৃষ্ণৰ ক্ষেত্ৰত, ইয়াক নপ্পিনাইৰ জৰিয়তে সম্পন্ন কৰা হৈছিল।৮

নীলা দেৱীয়ে কুম্বাগান(যশোদাৰ ভাতৃ)ৰ জীয়ৰী নগ্নাজিতিৰ ৰূপত অৱতাৰ গ্ৰহণ কৰিছিল আৰু কৃষ্ণই তেওঁক তেওঁৰ দেউতাকৰ সাতটা হিংস্ৰ ষাঁড় পৰাজিত কৰি লাভ কৰিছিল। নপ্পিনাইৰ ভায়েক হৈছে সুদামা।

বিষদ্বৈত দৰ্শনৰ প্ৰবক্তা ভেলুকুডি স্বামীয়ে কয় যে অণ্ডলে পেৰিয়ালভাৰৰ কন্যা হিচাপে ৰুক্মিণীৰ কথা উল্লেখ কৰিছে। কিন্তু থিৰুপ্পাৱইত গোপিকা হিচাপে গান গাই তেওঁ কেৱল নেপ্পিনাইৰ কথা উল্লেখ কৰিছে। আলভাৰে পোন মংগী (শ্ৰী দেৱী), নীলা মংগী (ভূদেৱী) আৰু পুলা মংগী (নীলা দেৱী)ক ইন্দ্ৰিয়ৰ সহধৰ্মিনী বুলি উল্লেখ কৰিছে। নীলা দেৱীয়েই ঈশ্বৰক তেওঁৰ ভোগমৰ দ্বাৰা নিয়ন্ত্ৰণত ৰাখে। বেদন্ত দেশিকাই দয়া সতকমত কয়- "নিচাময়তু মম নিলা য়াত ভোগা পাটালাই: দ্ৰুৱম।" কৃষ্ণ জন্মগতভাৱে যাদৱ ক্ষত্ৰিয় বৰ্ণৰ আছিল, তেওঁ ৰুক্মিণীক সেই অনুসৰি বিয়া কৰাইছিল। আনহাতে তেওঁ যাদৱ হিচাপে বৈশ্য বৰ্ণত পালিত আৰু সেই হিচাপে সেয়েহে তেওঁ নেপ্পিনাইক বিয়া কৰাইছিল।

তথ্যসূত্ৰ

  1. ↑ M., Ramanan. (1989). Āndāl's "Tirupāvai". Journal of South Asian Literature. পৃ. 51–64
  2. ↑ Dalal, Roshen, 1952-. (2010). Hinduism: an alphabetical guide. Penguin Books. পৃ. 272, 282. ISBN 978-0-14-341421-6
  3. ↑ album; painting · British Museum. The British Museum
  4. ↑ Chandra, S. (1998). Encyclopaedia of Hindu Gods and Goddesses. Sarup & Sons. পৃ. 238. ISBN 978-81-7625-039-9
  5. ↑ Museum, British; Dallapiccola, Anna Libera. (2010). South Indian Paintings: A Catalogue of the British Museum Collection. British Museum Press. পৃ. 49, 76. ISBN 978-0-7141-2424-7
  6. ↑ Srinivasan, T. N. (1982). A Hand Book of South Indian Images: An Introduction to the Study of Hindu Iconography. Tirumalai-Tirupati Devasthanams. পৃ. 96, 115
  7. ↑ Bryant, Edwin F. (2007-06-18). Krishna: A Sourcebook. Oxford University Press. পৃ. 189. ISBN 978-0-19-972431-4
  8. ↑ Parthasarathy, Indira. (2005). Krishna Krishna. Kizhakku. পৃ. 33. ISBN 9788183680806

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱীবিষ্ণুৰ সহধৰ্মিণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলা দেৱী” প্ৰবন্ধৰ সংশোধন ৩১৬৯৭১ (১৯ মাৰ্চ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।