তথ্যপেৰা (Infobox) হৈছে ৱিকিত কোনো বিষয়ৰ বিষয়ে তথ্যৰ এটা উপসংহতি সংগ্ৰহ আৰু উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা এখন তালিকা বা দস্তাবেজ। ই সুসংগত দস্তাবেজ তথ্যৰ একে বৈশিষ্ট্য মান যোৰসমূহৰ এটা সংহতি।১ ৱিকিপিডিয়াত তথ্যপেৰায়ে প্ৰবন্ধ এটাৰ বিষয়ে তথ্যৰ সাৰাংশক প্ৰতিনিধিত্ব কৰে।২ কিছুমান দিশত ইয়াক তথ্যৰ তালিকাৰ সৈতে তুলনা কৰা হয়। ডাঙৰ প্ৰবন্ধৰ ভিতৰত উপস্থাপন তথ্যপেৰায়ে ছাইডবাৰ বিন্যাসত এটা তথ্যপেৰা উপস্থাপন কৰা হয়।
এটা তথ্যপেৰা আন এটা দস্তাবেজত প্ৰতিলিপি অন্তৰ্ভুক্তৰ দ্বাৰা সেই দস্তাবেজত ৰূপায়ণ কৰিব পাৰি আৰু মানসমূহৰ সৈতে সম্পৰ্কিত কিছুমান বা সকলো একে বৈশিষ্ট্য-মান যোৰ নিৰ্ধাৰণ কৰিব পাৰি।
ৱিকিপিডিয়া
ৱিকিপিডিয়াৰ এটা প্ৰবন্ধৰ তথ্যৰ সাৰাংশ দেখুৱাবলৈ তথ্যপেৰা ব্যৱহাৰ কৰা হয়।৩ একে ধৰণৰ প্ৰবন্ধত একে প্ৰকাৰৰ তথ্যপেৰা ব্যৱহাৰ কৰা হয় যাতে একেই সজ্জা ব্যৱহাৰ কৰি উপস্থাপনত সুসংগতি নিশ্চিত কৰা হয়।৪৫ মূলতে পৃষ্ঠাসজ্জা উদ্দেশ্যৰ বাবে তথ্যপেৰা ব্যৱহাৰ কৰা হৈছিল।৬ তথ্যপেৰা এটাত থকা মানসমূহ কিছুমান বিশেষ শ্ৰেণীত উল্লেখ কৰি সুবিধা অনুযায়ী ইয়াক সাজিব পাৰি।৭ ব্যৱহৃত ৰাশিৰ নাম তথ্যপেৰাৰ টেমপ্লেটত ধাৰ্য্য কৰা ৰাশি নাম একে হ'ব লাগিব, কিন্তু যিকোনো মান ইয়াৰ সৈতে সম্পৰ্কিত হ'ব পাৰে।৮ ৰাশিৰ নামসমূহ সুচাবলৈ সমান চিন (=) ব্যৱহাৰ কৰা হয়।৯ ৰাশি সমূহৰ নাম প্ৰবন্ধৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয় ধাৰ্য কৰা হয়।১০
| {{Infobox prepared food | name = | image = | imagesize = | caption = | alternate_name = | country = | region = | creator = | course = | type = | served = | main_ingredient = | variations = | calories = | other = }} | |
| কোনো ৰাশিৰ নাম উল্লেখ নথকা ৱিকিপিডিয়াত ব্যৱহৃত তথ্যপেৰা Infobox prepared foodৰ জঁকা | একে তথ্যপেৰা পিঠা নামৰ পৃষ্ঠাত ব্যৱহাৰ কৰা হৈছে। ৰাশিসমূহৰ নাম = সমান চিনৰ পিছত লিখা হৈছে |
''ৰ ছবি]]
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তথ্যপেৰা” প্ৰবন্ধৰ সংশোধন ২৫৮৭৫৬ (১১ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।