ডেউকাযুক্ত সূৰ্য (ইংৰাজী ভাষা: Winged sun) হৈছে এক সৌৰ প্ৰতীক যি প্ৰাচীন নিকট প্ৰাচ্যত (প্ৰাচীন ইজিপ্ত, মেচোপটেমিয়া, আনাতোলিয়া আৰু প্ৰাচীন পাৰস্য) ঐশ্বৰিকতা, ৰাজকীয়তা আৰু শক্তিৰ সৈতে জড়িত আছিল। ইলিৰিয়ান ধৰ্মৰ সূৰ্য দেৱতাকো ডেউকাযুক্ত সূৰ্য হিচাপে প্ৰদৰ্শন কৰা হয়।
প্ৰাচীন মিচৰ

প্ৰাচীন মিচৰত এই প্ৰতীকটো পুৰণি ৰাজ্যৰ (খ্ৰীষ্টপূৰ্ব ২৬ শতিকা) সময়ৰ পৰা প্ৰমাণিত হৈছে। প্ৰায়ে ইয়াৰ দুয়োকাষে একোটাকৈ ইউৰিয়াছ (uraeus) বা ফেটী সাপ থাকে।
বেহদেতি
প্ৰাচীন মিচৰীয় ধৰ্মত 'বেহদেতি' প্ৰতীকটোৱে এডফুৰ হ'ৰাছক প্ৰতিনিধিত্ব কৰিছিল, যাক পিছলৈ ৰা-হোৰাখতিৰ সৈতে একাকাৰ কৰা হৈছিল। ইয়াক কেতিয়াবা পতাহৰ বলধ 'আপীচ'ৰ ডিঙিতো অংকন কৰা হয়। সময়ৰ লগে লগে মিচৰৰ সকলো গৌণ দেৱতাকে সূৰ্য দেৱতাৰ একো একোটা দিশ বুলি গণ্য কৰা হৈছিল। "বেহদেতি" নামৰ অৰ্থ হ'ল বেহদেতৰ বাসিন্দা।১
তেওঁ নীল নদীৰ অৱবাহিকাত থকা 'বেহদেত' নামৰ অঞ্চলটোৰ আকাশৰ দেৱতা আছিল।২
তেওঁৰ প্ৰতিচ্ছবি প্ৰথমবাৰৰ বাবে এখন ফণীৰ গাত ডেউকাযুক্ত সৌৰ পেনেল হিচাপে পোৱা গৈছিল। ফণীখনৰ সময় প্ৰায় খ্ৰীষ্টপূৰ্ব ৩০০০ চনৰ। এনে ডেউকাযুক্ত সৌৰ পেনেল পিছলৈ পঞ্চম বংশৰ ফৰাও চাহুৰেৰ অন্ত্যেষ্টিক্ৰিয়াৰ ছবিতো পোৱা গৈছিল। বেহদেতিক ফৰাওৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। তেওঁৰ ছবিৰ দুয়োকাষে ইউৰিয়াছ দেখা যায়, যিটো সাপৰ মূৰীয়া দেৱী ৱাদজেতৰ প্ৰতীক।২
তেওঁ নিজৰ দুখন ডেউকাৰে মিচৰৰ সূৰ্যৰ প্ৰচণ্ড তাপ প্ৰতিৰোধ কৰিছিল।২
মেচোপটেমিয়া
প্ৰায় খ্ৰীষ্টপূৰ্ব ২০০০ চনৰ পৰা এই প্ৰতীকটো মেচোপটেমিয়াতো দেখা যায়। ই আচৰীয় শাসকসকলৰ খোদিত শিল্পত ৰাজকীয়তাৰ প্ৰতীক হিচাপে দেখা যায়, যাক লেটিন ভাষাত SOL SUUS (অৰ্থাৎ তেওঁৰ নিজৰ সত্তা, সূৰ্য অৰ্থাৎ "মহামান্য") বুলি লিখা হয়।
ইলিৰিয়া
ইলিৰিয়াত মহাকাশীয় উপাসনাৰ প্ৰাচীন নিদৰ্শন খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাৰ শ্বকোড্ৰা হ্ৰদৰ প্লেকসমূহে প্ৰদান কৰে। এই প্ৰতিখন প্লেকত আকাশ আৰু সূৰ্যৰ পবিত্ৰ উপস্থাপনৰ লগতে বিজুলী, জুই, পবিত্ৰ গছ আৰু চৰাইৰ (ঈগল) প্ৰতীকবাদ দেখা যায়। এই প্লেকবোৰত আকাশী দেৱতাৰ এক পৌৰাণিক চিত্ৰণ আছে: দুখন ডেউকা আৰু মুখমণ্ডল থকা এজন সজীৱ সূৰ্য দেৱতা, যিয়ে এক অগ্নিকুণ্ডত বিজুলী নিক্ষেপ কৰিছে।৩
ইৰান
জৰথুষ্ট্ৰীয় একিমেনিড সাম্ৰাজ্যৰ পাৰস্যত, ডেউকাযুক্ত সূৰ্যৰ প্ৰতীকটো 'ফাৰাৱাহাৰ'ৰ (Faravahar) এক অংশ হৈ পৰিছিল, যিটো পাৰস্যৰ সংস্কৃতিত ঐশ্বৰিক শক্তি আৰু ৰাজকীয় গৌৰৱৰ প্ৰতীক আছিল।
যিহূদা
খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাৰ পৰা যিহূদা ৰাজ্যৰ ৰাজপৰিয়ালৰ সৈতে জড়িত হিব্ৰু মোহৰবোৰত ডেউকাযুক্ত সৌৰ ডিস্ক দেখা যায়। ইয়াৰে বেছিভাগেই ৰজা হেজেকিয়াৰ ৰাজত্বকালৰ মোহৰ। সাধাৰণতে হেজেকিয়াৰ ৰাজকীয় মোহৰত দুখন তললৈ মুখ কৰা ডেউকা আৰু কেন্দ্ৰীয় সৌৰ ডিস্কৰ পৰা নিৰ্গত হোৱা ছয়টা ৰশ্মি থাকে।
গ্ৰীচ
ডেউকাযুক্ত সূৰ্যক পৰম্পৰাগতভাৱে হাৰমিছৰ দণ্ড 'কেডুচিয়াছ'ৰ (caduceus) মুণ্ড হিচাপে চিত্ৰিত কৰা হয়।
আধুনিক ব্যৱহাৰ
ফ্ৰীমেচনৰী, ৰোচিক্ৰুচিয়ানবাদ, থিলেমা, থিয়চফী আৰু ইউনিটি চাৰ্চৰ দৰে বিভিন্ন গোটে ইয়াক ব্যৱহাৰ কৰিছে। ১৯১১ চনৰ সংস্কৰণৰ পৰা আৰম্ভ কৰি চাৰ্লছ টে’জ ৰাছেলৰ পাঠ্যপুথি ধাৰাবাহিক ষ্ট্ৰাডিজ ইন দ্য স্ক্ৰিপচাৰ্ছৰ বেটুপাতত এই প্ৰতীকটো ব্যৱহাৰ কৰা হৈছিল।
নিহিত ধৰ্মনিৰপেক্ষ ব্যৱহাৰ

নৰ্থ আমেৰিকা ট্ৰেড ডাইৰেকটৰীৰ হেৰাল্ড্ৰীত এটা ডেউকাযুক্ত সূৰ্য ব্যৱহাৰ কৰা হয়।৪
ক্ৰাইছলাৰ কৰ্পোৰেচন (Chrysler), মিনি (Mini), বেণ্টলী মটৰছ (Bentley Motors), লাগোণ্ডা (এষ্টন মাৰ্টিন) আৰু হাৰ্লে ডেভিদচনৰ দ্বাৰা উৎপাদিত যান-বাহনত এই প্ৰতীকটোৰ বিভিন্ন ৰূপ ট্ৰেডমাৰ্ক ল'গ' হিচাপে ব্যৱহাৰ কৰা হয়।
দ্বিতীয় বিশ্বযুদ্ধৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমানসমূহত ডেউকাৰ দৰে দুয়োকাষলৈ বিস্তৃত পটি থকা এটা বৃত্তৰ চিন (insignia) ব্যৱহাৰ কৰা হয়। এয়া কেৱল এক কাকতলীয়া মিল নে ইয়াৰ আঁৰত কোনো প্ৰতীকী সাদৃশ্য আছে, সেয়া অজ্ঞাত। বৃত্তটোৰ ভিতৰত এটা পাঁচটা চুকীয়া তৰা অংকিত থাকে।
ভিডিঅ' গেমত ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত, এই প্ৰতীকটো চনিক দ্য হেজহগ (Sonic the Hedgehog) ফ্ৰেঞ্চাইজৰ এক সাধাৰণ চানেকি হৈ পৰিছে, যিটো বিশেষকৈ মূল চৰিত্ৰটো প্ৰদৰ্শন কৰা টাইটেল স্ক্ৰীণত দেখা যায়। ইয়াৰ উপৰিও চিভিলাইজেচন VI (Civilization VI)-ৰ ধৰ্মীয় মেকানিক্স আৰু অট্টালিকাসমূহৰ প্ৰতীক হিচাপে ইয়াৰ এক শৈল্পিক সংস্কৰণ ব্যৱহাৰ কৰা হৈছে। আনহাৰটেল (Undertale) আৰু ইয়াৰ সমান্তৰাল কাহিনী ডেল্টাৰুণ (Deltarune)-ত দেখা পোৱা এক ভৱিষ্যদ্বাণীমূলক প্ৰতীক 'ডেল্টা ৰুণ'ত ইয়াৰ এটা শৈল্পিক ৰূপ দেখা যায়।
গ্ৰন্থপঞ্জী
- R. Mayer, Opificius, Die geflügelte Sonne, Himmels- und Regendarstellungen im Alten Vorderasien, UF 16 (1984) 189-236.
- D. Parayre, Carchemish entre Anatolie et Syrie à travers l'image du disque solaire ailé (ca. 1800-717 av. J.-C.), Hethitica 8 (1987) 319-360.
- D. Parayre, Les cachets ouest-sémitiques à travers l'image du disque solaire ailé, Syria 67 (1990) 269-314.
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ Horus of Behdet (Edfu). Ancientegyptonline.co.uk
- ↑ Zahan, S. (2018). Mishor (Egypt). Aranyaman. পৃ. 101–102
- ↑ Brahaj, Jaho. (2007). Flamuri i Kombit Shqiptar: origjina, lashtësia. Enti Botues "Gjergj Fishta". পৃ. 16–18. ISBN 9789994338849
- ↑ North America Order. Northamerica-trade.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেউকাযুক্ত সূৰ্য” প্ৰবন্ধৰ সংশোধন ৬২৬৫২৮ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।