অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

টেলেটে

টেলেটে (/ˈtɛlɪtiː/; প্ৰাচীন গ্ৰীক: Τελετή, ইংৰাজী: Teletḗ, আক্ষৰিক অৰ্থ: 'অভিযোগ') গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি মদিৰাৰ দেৱতা ডাইঅ'নিছাছৰ আৰু নিচিয়াৰ কন্যা, নদী-দেৱতা ছাংগাৰিয়াছ (Sangarius) আৰু মাতৃ দেৱী চাইবেলাৰ (Cybele) এগৰাকী অপেশ্বৰী (Naiad) কন্যা।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

টেলেটে (/ˈtɛlɪtiː/; প্ৰাচীন গ্ৰীক: Τελετή, ইংৰাজী: Teletḗ, আক্ষৰিক অৰ্থ: 'অভিযোগ') গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি মদিৰাৰ দেৱতা ডাইঅ'নিছাছৰ আৰু নিচিয়াৰ কন্যা, নদী-দেৱতা ছাংগাৰিয়াছ (Sangarius) আৰু মাতৃ দেৱী চাইবেলাৰ (Cybele) এগৰাকী অপেশ্বৰী (Naiad) কন্যা।

কিংবদন্তি

টেলেটেৰ জন্মৰ সন্দৰ্ভত কোৱা হৈছে যে ডাইঅ’নিছাছে নিচিয়াই গৰ্ভৱতী কৰি তোলাৰ বাবে তেওঁ লজ্জিত হৈছিল, আনকি নিজকে ফাঁচী দি হত্যা কৰাৰ চেষ্টাও কৰিছিল; তথাপিও যথা সময়ত তাইৰ এগৰাকী কন্যা সন্তান জন্ম হ’ল। টেলেটেৰ জন্মৰ সময়ত হোৰাই পৰিয়ালৰ ধাত্ৰী হিচাপে কাম কৰিছিল বুলি কোৱা হয়।১ টেলেটেৰ ভাগ্যত তেওঁ ডাইঅ'নিছাছ আৰু তেওঁৰ পুত্ৰ ইয়াকাচৰ অনুগামী হোৱাৰ বিধান আছিল।২

পৌছানিয়াছে ব’টিয়াৰ হেলিকনিয়ান মিউজৰ উদ্যানত টেলেটেৰ এটা মূৰ্তিৰ কথা উল্লেখ কৰিছে। তেওঁৰ মূৰ্তিটো অৰ্ফিউছৰ কাষতে আছিল।৩

টেলেটেক ডাইঅ'নিছাছৰ সন্মানত নিশাৰ উৎসৱ আৰু আচাৰ-ব্যৱহাৰৰ নৃত্যৰ সৈতে জড়িত কৰা হৈছিল,৪ আৰু এই উৎসৱৰ পাৰম্পৰিক নীতি-নিয়মত দীক্ষা দিয়াৰ দেৱী হিচাপে ব্যাখ্যা কৰা হৈছে।৫

তথ্য সংগ্ৰহ

তথ্যসূত্ৰ

  1. ↑ Nonnus, 16.392-400
  2. ↑ Nonnus, 48.884-885
  3. ↑ Pausanias, 9.30.4
  4. ↑ Nonnus, 16.400-402
  5. ↑ TELETE - Greek Goddess of Initiation Rites of the Bacchic Orgies. www.theoi.com

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেলেটে” প্ৰবন্ধৰ সংশোধন ৪৯১৩২১ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।