অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

টেক্‌ট'নিক প্লেট

টেক্‌টনিক প্লেট বা শৈলমণ্ডলীয় ফলক হৈছে মহাদেশীয় আৰু সাগৰীয় শিলামণ্ডল গঠিত কৰা কঠিন শিলৰ বিশাল, অনিয়মিত আকৃতিৰ ফলকসমূহ। শৈলমণ্ডলীয় ফলকৰ ধাৰণাটো ফলক বিবৰ্তনবাদ সূত্ৰৰ লগত জড়িত। এই বৈজ্ঞানিক সূত্ৰৰ মতে পৃথিৱীৰ খোলাটো বহুতো ফলকেৰে গঠিত আৰু এই ফলকসমূহ বিভিন্ন দিশত গতি কৰি থাকে।

হালনাগাদ: ৮ ছেপ্তেম্বৰ ২০২৩ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ
পৃথিৱীৰ আভ্যন্তৰীণ স্তৰসমূহ (স্কেলমতে নহয়)
পৃথিৱীৰ আভ্যন্তৰীণ স্তৰসমূহ (স্কেলমতে নহয়)ছবি: derivative work: Srimadhav Earth cutaway schematic-en.png: USGS · Public domain

টেক্‌টনিক প্লেট বা শৈলমণ্ডলীয় ফলক হৈছে মহাদেশীয় আৰু সাগৰীয় শিলামণ্ডল গঠিত কৰা কঠিন শিলৰ বিশাল, অনিয়মিত আকৃতিৰ ফলকসমূহ। শৈলমণ্ডলীয় ফলকৰ ধাৰণাটো ফলক বিবৰ্তনবাদ সূত্ৰৰ লগত জড়িত। এই বৈজ্ঞানিক সূত্ৰৰ মতে পৃথিৱীৰ খোলাটো বহুতো ফলকেৰে গঠিত আৰু এই ফলকসমূহ বিভিন্ন দিশত গতি কৰি থাকে। প্ৰায় ৩.৩ৰ১ পৰা ৩.৫ বিলিয়ন বছৰ আগতেই পৃথিৱীৰ শিলামণ্ডলত থকা ফলকসমূহৰ সঞ্চালন আৰম্ভ হোৱা বুলি ধাৰণা কৰা হয়।

লিথোস্ফিয়াৰ, হৈছে পৃথিৱীৰ আটাইতকৈ কঠিন বাহিৰৰ খোলা (ভূত্বক আৰু ওপৰৰ মেণ্টেল)। পৃথিৱীৰ লিথোস্ফিয়াৰ সাত বা আঠটা মুখ্য টেকটনিক ফলক বা প্লেট আৰু বহুতো সৰু প্লেটৰে গঠিত। য'ত প্লেটবোৰ লগ লাগিছে, সেইবোৰৰ সীমা বা ফাট বৰ গুৰুত্বপূৰ্ণ। এই প্লেটৰ সীমাৰ (বা ত্ৰুটি বা ফাট)চলাচলৰ সৈতে ভূমিকম্প, আগ্নেয়গিৰিৰ কাৰ্যকলাপ, পৰ্বত নিৰ্মাণ, আৰু মহাসাগৰীয় খাদ গঠন হয়। প্লেটবোৰৰ আপেক্ষিক চলাচল সাধাৰণতে বছৰি শূন্যৰ পৰা ১০০ মিলিমিটাৰলৈকে হয়।২

বিবৰণ

ভূত্বকীয় পাত মূলত পৃথিৱীৰ অভ্যন্তৰৰ গলিত অংশটোৰ সকলোতকৈ বাহিৰৰ আবৰণ। ই প্ৰকৃততে শিলৰ এটা স্তৰ, ইয়াৰ ওপৰতে পৃথিৱীৰ উপৰস্থ সকলো অৱস্থান কৰিছে।

ফলকৰ সীমা

ফলকসমূহৰ গতিৰ ওপৰত ভিত্তি কৰি ফলক সীমাক তিনিটা ভাগত ভাগ কৰা হয়।৩

  1. গঠনকাৰী ফলক সীমা
  2. ধ্বংসকাৰী ফলক সীমা
  3. সংৰক্ষিত ফলক সীমা

তথ্যসূত্ৰ

  1. ↑ University of the Witwatersrand. (2019). Drop of ancient seawater rewrites Earth's history: Research reveals that plate tectonics started on Earth 600 million years before what was believed earlier. ScienceDaily
  2. ↑ Read, Herbert Harold; Watson, Janet (1975). Introduction to Geology. New York: Halsted. pp. 13–15. ISBN 978-0-470-71165-1. OCLC 317775677
  3. ↑ ড˚ চতুৰ্ভুজ পাঠক. (২০০৭). ভূ-বিজ্ঞান. অশোক বুক ষ্টল

সম্পৰ্কিত শ্ৰেণী

ভূতত্ত্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেক্‌ট'নিক প্লেট” প্ৰবন্ধৰ সংশোধন ৩৭৭৩০৪ (৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।