অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

টিপ্পনী নৃত্য

টিপ্পনী নৃত্য হৈছে ভাৰতৰ গুজৰাটৰ চৌৰাষ্ট্ৰ অঞ্চলৰ চোৰৱাড় আৰু ভেৰাভেল অঞ্চলৰ পৰা উৎপত্তি হোৱা লোক নৃত্য, গুজ নৃত্যৰ এটা ৰূপ৷ ই “মাতলা নাচ’’ বা “টিপ্পানি’’ নামেৰেও জনাজাত৷ এই নৃত্য “হোলী’’ বা “দেৱালী’’ জাতীয় আনন্দোৎসৱ বা গুজৰাটীৰ কোনো কোনো ঠাইত বিবাহ অনুষ্ঠানত পৰিৱেশন কৰা হয়৷ এই নৃত্য দেখাত প্ৰায়…

হালনাগাদ: ১৪ নৱেম্বৰ ২০২৪ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

টিপ্পনী নৃত্য হৈছে ভাৰতৰ গুজৰাটৰ চৌৰাষ্ট্ৰ অঞ্চলৰ চোৰৱাড় আৰু ভেৰাভেল অঞ্চলৰ পৰা উৎপত্তি হোৱা লোক নৃত্য, গুজ নৃত্যৰ এটা ৰূপ৷ ই “মাতলা নাচ’’ বা “টিপ্পানি’’ নামেৰেও জনাজাত৷ এই নৃত্য “হোলী’’ বা “দেৱালী’’ জাতীয় আনন্দোৎসৱ বা গুজৰাটীৰ কোনো কোনো ঠাইত বিবাহ অনুষ্ঠানত পৰিৱেশন কৰা হয়৷ এই নৃত্য দেখাত প্ৰায় “দাণ্ডিয়া ৰাস’’ নৃত্যৰ দৰে৷ এই নৃত্য পৰিৱেশনতো দুডাল লাঠিৰ প্ৰয়োজন হয়৷ এই “মহিলাকেন্দ্ৰিক” নৃত্যত ব্যৱহৃত সাজ-পোছাক মূলতঃ “কেডিয়া” নামেৰে জনাজাত টান হাতৰ আঁচলৰ চুটি কোট এটাৰে গঠিত। ইয়াৰ উপৰিও শিল্পীসকলে “চুৰিদাৰ” আৰু অতি ৰঙীন আৰু সজোৱা টুপি বা পাগুৰি পিন্ধে আৰু কঁকালৰ বেণ্ড মাৰি লয়।১

ব্যুৎপত্তি

টিপ্পনি নৃত্য পৰিৱেশন কৰিবলৈ প্ৰায় ১৭৫ চে.মি.ৰ দুডাল দীঘল কাঠৰ লাঠি তৈয়াৰী “টিপ্পানি’’ৰ প্ৰয়োজন হয়৷ আৰু তাৰ একোটা মূৰ “গাৰ্বো’’ নামৰ বৰ্গক্ষেত্ৰ আকাৰৰ কাঠ বা লোহাৰ ব্লক এটাৰ তলত সংযুক্ত কৰা হৈয় যাতে ই বিপৰীত শাৰীত শক্তিশালী হয়। পুৰণি কালত ঘৰ বা মজিয়াৰ ভেটিত চূণ চেপিবলৈ এই আহিলাবিধ ব্যৱহাৰ কৰা হৈছিল। টিপ্পনী নৃত্য এই আহিলাৰ প্ৰয়োগেৰে কুলী সম্প্ৰদায়ৰ লোকৰ মাজত কামৰ অৱসৰৰ মাজত আৰু কামৰ ফাঁকে ফাঁকেও কামত উৎসাহ অনাৰ বাবে উৎপত্তি কৰা হৈছিল, যিসকলে সেই সময়ত শিল ভাঙি মাটি সমতল কৰা শ্ৰমিকৰ কাম কৰিছিল৷২৩৪

নৃত্যৰ শৈলী

শ্ৰমিকসকলৰ মাজৰ মহিলা শ্ৰমিকসকলেই বিশেষতঃ টিপ্পনী নৃত্য পৰিৱেশন কৰে৷ লোকসংগীতৰ তালে তালে মহিলাসকলে দুটি বিপৰীত শাৰী হৈ থিয় দি মজিয়াত টিপ্পনী নামৰ আহিলা বিধেৰে খুন্দিয়াই খুন্দিয়াই নাচিবলৈ ধৰে৷ “তুৰি’’ আৰু “থালি’’ নামৰ কাঁহেৰে তৈয়াৰী দুটি আহিলা সংগীত সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ আন বাদ্যযন্ত্ৰ, যেনে, জাঞ্জ, তাল, মঞ্জিৰা, তবলা, ঢোল আৰু চেহনাই হ’ল এই নৃত্যৰ সংগীতত ব্যৱহৃত প্ৰধান বাদ্য৷২৩৪৫৬ এই নৃত্য উৎসৱ আৰু বিবাহ অনুষ্ঠানত পৰিৱেশন কৰা হয়৷৭ একে ধৰণৰ তালত টিপ্পনি মাটিত খুন্দিয়াই খুন্দিয়াই আৰু লগতে গান গাই গাই নাচ আৰম্ভ কৰা হয়৷ ক্ৰমশঃ গীতৰ লয় দ্ৰুত হ’বলৈ ধৰে আৰু নৃত্য শিল্পীসকলে পৰ্যায়ক্ৰমে টিপ্পনীৰে মাটিত আঘাত কৰিয়েই থাকে৷ গীত দ্ৰুত হোৱাৰ পিছত টিপ্পনীৰ তালে তালে শৰীৰো দুলিবলৈ ধৰে আৰু নাচ আৰম্ভ হয়৷ নাচৰ চৰম সময় উপস্থিত হ’লে মহিলাসকল পুনৰ শাৰীবদ্ধ হৈ যায় আৰু খুব দ্ৰুতবেগে মাটিত সশব্দে আঘাত কৰিবলৈ ধৰে৷ এই নৃত্য ৰূপৰ বিশেষ বৈশিষ্ট হ’ল, ইয়াৰ গতিময়তা আৰু সুৰৰ লয় অনুসাৰে পদ সঞ্চালনৰ লগে লগে টিপ্পনীৰ ক্ৰমবৰ্ধমান ক্ষিপ্ৰতৰ গতি৷৪

তথ্যসূত্ৰ

  1. ↑ danceask.net/tippani-dance-gujarat-india/
  2. ↑ Manorma Sharma. (2004). Folk India: A Comprehensive Study of Indian Folk Music and Culture. Sundeep Prakashan. পৃ. 253–265. ISBN 978-81-7574-136-2
  3. ↑ (1 January 2010). Tippani Dance in India. India9
  4. ↑ Tippani Folk Dance in Gujarat. Discovered India
  5. ↑ Harkant Shukla. (1966). Folk Dances of Gujarat. Directorate of Information and Tourism. পৃ. 17–18
  6. ↑ (1 August 2010). Dances Of India. Har-Anand Publications Pvt. Limited. পৃ. 52. ISBN 978-81-241-1337-0
  7. ↑ Anjali H. Desai. (2007). India Guide Gujarat. India Guide Publications. পৃ. 44. ISBN 978-0-9789517-0-2

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ লোকনৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিপ্পনী নৃত্য” প্ৰবন্ধৰ সংশোধন ৪৪৪৭১৫ (১৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।