
জেক-অ'-লেণ্টাৰ্ণ (jack-o'-lantern) হৈছে পাচলিত খোদিত একপ্ৰকাৰৰ বন্তি, সাধাৰণতে ৰঙালাউ বা শিপাযুক্ত পাচলি যেনে ৰুটবাগা বা চালগোমৰ পৰা তৈয়াৰ কৰা হয়।১ জেক-অ’-লেণ্টাৰ্ণ হেল’ৱিন উৎসৱৰ সৈতে জড়িত। ইয়াৰ নামটো জলাশয় আদিৰ ওপৰত জিলিকি থকা ধনগুলৈৰ দৰে অদ্ভুত পোহৰৰ টিপটিপিয়া পৰিঘটনাৰ পৰা আহিছে, যাক জেক-অ’-লেণ্টাৰ্ণ বুলি কোৱা হয়। আইৰিছ কিংবদন্তি ষ্টিংগি জেকৰ সৈতেও এই নামটোৰ সম্পৰ্ক আছে বুলি ধাৰণা কৰা হৈছে। এই মদ্যপায়ী ব্যক্তিজনে চয়তানৰ সৈতে দৰদাম কৰি নিজৰ পথ পোহৰ কৰিবলৈ মাত্ৰ ফুটা টাৰ্নিপ এটা লৈ ঘূৰি ফুৰে।
অভিধা
ইংৰাজী লোককথাত উইল-অ'-দ্য-উইস্প নামেৰে জনাজাত দৃশ্যগত পৰিঘটনা ইগনিছ ফেটুছ (মুৰ্খৰ জুই) বৰ্ণনা কৰিবলৈ jack-o'-lantern শব্দটো ব্যৱহাৰ কৰা হৈছিল।২ বিশেষকৈ পূব ইংলেণ্ডত ১৬৬০ চনৰ পৰাই এই অভিধাটোৰ ব্যৱহাৰ হয়।৩ অক্সফৰ্ড ইংৰাজী অভিধানত (OED) ব্ৰিটেইনত এই শব্দটোৰ ব্যৱহাৰ ১৬৫৮ চনৰ পৰা ইগনিছ ফেটুছৰ উল্লেখত আৰু ১৬৬৩ চনৰ পৰা ১৭০৪ চনলৈকে চাকি লৈ ফুৰা মানুহ বা নৈশ চকীদাৰৰ কথা উল্লেখ কৰা হৈছে। টাৰ্নিপ বা কুমলীয়া ৰঙালাউত খোদিত বন্তিক বুজাবলৈ এই শব্দটো কেতিয়া ব্যৱহাৰ কৰা হৈছিল সেই সম্পৰ্কত অ'ইডিয়ে ১৮৩৭ চন বুলি উল্লেখ কৰিছে।৪
ইতিহাস
বিশ্বাস কৰা হয় যে হ্যালোইনৰ সময়ত জেক-অ’-লেণ্টেন নিৰ্মাণৰ প্ৰথা আয়াৰলেণ্ড আৰু ব্ৰিটেইনৰ পৰা আৰম্ভ হৈছিল।৫৬৭ ১৯ শতিকাত আয়াৰলেণ্ড, ৱেলছ আৰু স্কটিছ হাইলেণ্ডৰ কিছু অংশত হ্যালোইনৰ দিনা "বন্তি হিচাপে কাম কৰিবলৈ ফুটা কৰা আৰু প্ৰায়ে বিচিত্ৰ মুখ খোদিত কৰা টাৰ্নিপ বা মেংগেল ৱুৰ্জেল" ব্যৱহাৰ কৰা হৈছিল।৮ গেইলিক ভাষী অঞ্চলত হ্যালোইনো ছামহাইনৰ উৎসৱ বুলি ধৰা হৈছিল আৰু এই সময়চোৱা অতিপ্ৰাকৃতিক সত্তাই (Aos Sí) পৃথিৱীত ভ্ৰমিফুৰাৰ সময় হিচাপে গণ্য কৰা হৈছিল। ৱেলছত এনে নিশাবোৰক Ysbrydnosau (আত্মাৰ ৰাতি) বুলি জনা গৈছিল। ১৯ শতিকাৰ সময়ছোৱাত ইংলেণ্ডৰ ছামাৰচেটত হ্যালোইনৰ সময়তো জেক-অ'-লেণ্টেন নিৰ্মাণ কৰা হৈছিল।৮
এইবোৰ বনোৱাসকলৰ মতে এই বন্তিবোৰে আত্মা বা অলৌকিক সত্তাক প্ৰতিনিধিত্ব কৰে৮ বা ক্ষতিকাৰক আত্মাক দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।৯ হ্যালোইনত অংশগ্ৰহণ কৰাসকলে মানুহক ভয় খুৱাবলৈ এই বন্তিবিধ ব্যৱহাৰ কৰিছিল,৯১০১১ নতুবা ক্ষতিকাৰক আত্মাক ঘৰৰ বাহিৰত ৰাখিবলৈ খিৰিকীৰ কাষত স্থাপন কৰিছিল।১০ ইয়াৰোপৰি ধাৰণা কৰা হয় যে জেক-অ'-লেণ্টাৰনে প্ৰথমে পাৰ্গেটৰীত খ্ৰীষ্টান আত্মাক প্ৰতিনিধিত্ব কৰিছিল। হ্যালোইন হৈছে অল চেণ্টছ ডে (১ নৱেম্বৰ)/অল ছ'লছ ডে (২ নৱেম্বৰ)ৰ প্ৰাকক্ষণৰ উৎসৱ হোৱাবাবে এনে ধাৰণা এটা গঢ়লৈ উঠিছিল।১২
লোককথা
জেক-অ'-লেণ্টেনৰ কাহিনীৰ ভিন্ন ৰূপত প্ৰচলিত আৰু ইটালী, নৰৱে, স্পেইন, ছুইডেন আৰু পশ্চিম ইউৰোপৰ উইল-অ'-দ্য-উইস্প১৩ কাহিনীৰ সৈতে এই কাহিনীৰ মিল আছে।১৪১৫ চুইজাৰলেণ্ডত শিশুসকলে জেক অ' দ্য বাউল নামৰ পৌৰাণিক হাউচ স্পিৰিটৰ বাবে গাখীৰ বা ক্ৰীমৰ বাটি ৰাখিছিল।১৬ ১৮ শতিকাৰ মাজভাগৰ এটা পুৰণি আইৰিছ লোককথাত ষ্টিংগি জেকৰ কথা কোৱা হৈছে। এইজন এজন এলেহুৱা অথচ চতুৰ লোহাৰ মিস্ত্ৰী আছিল। তেওঁ ক্ৰুচ ব্যৱহাৰ কৰি চয়তানক ফান্দত পেলায়। এটা কাহিনীৰ ব্যাখ্যা অনুসৰি এবাৰ জেকে চয়তানৰে সমুখা-সমুখি হৈ বুদ্ধিকৰি চয়তানক আপেল গছত উঠাইছিল আৰু দ্ৰুতগতিত ডালৰ চাৰিওফালে ক্ৰছ ৰাখিছিল বা বাকলিত ক্ৰছ খোদিত কৰিছিল, যাতে চয়তান আপেল গছৰপৰা নামি আহিব নোৱাৰে।১৭
তথ্যসূত্ৰ
- ↑ The History of 'Jack-O'-Lantern'
- ↑ Dixon, J. M. (1891). Dictionary of Idiomatic Phrases... T. Nelson & Company. পৃ. 174
- ↑ Harper, Douglas. Jack o'lantern (n.). Online Etymology Dictionary
- ↑ Jack-o'-lantern, n. meanings, etymology and more. Oxford English Dictionary
- ↑ (2007). The Oxford Companion to American Food and Drink. Oxford University Press. পৃ. 269. ISBN 9780195307962
- ↑ (October 31, 2005). Pumpkins Passions. BBC They continue to be popular choices today as carved lanterns in Northern England, Scotland, and Northern Ireland; the British purchased a million pumpkins for Halloween in 2004."
- ↑ (October 28, 2005). Turnip battles with pumpkin for Hallowe'en. BBC
- ↑ Hutton, Ronald. (1996). The Stations of the Sun: A History of the Ritual Year in Britain. Oxford University Press. পৃ. 382–383
- ↑ Palmer, Kingsley. (1973). Oral folk-tales of Wessex. David & Charles. পৃ. 87–88
- ↑ Arnold, Bettina. (2001-10-31). Bettina Arnold – Halloween Lecture: Halloween Customs in the Celtic World. Halloween Inaugural Celebration. Center for Celtic Studies
- ↑ Wilson, David Scofield. (1999). Rooted in America: Foodlore of Popular Fruits and Vegetables. University of Tennessee Press. পৃ. 154
- ↑ Rogers, Nicholas. (2003). Halloween: From Pagan Ritual to Party Night. Oxford University Press. পৃ. 57. ISBN 978-0-19-514691-2
- ↑ Santino, Jack. (1995). All Around the Year: Holidays and Celebrations in American Life. University of Illinois Press. পৃ. 157
- ↑ Allies, Jabez. (1856). The British, Roman, and Saxon antiquities and folklore of Worcestershire. J.R. Smith. পৃ. 430
- ↑ Newell, William Wells. (1 January 1904). The Ignis Fatuus, Its Character and Legendary Origin. Journal of American Folk-Lore. পৃ. 39–60
- ↑ Brewer, e. Cobham. Dictionary of Phrase & Fable. Jack o' the Bowl
- ↑ Mark Hoerrner. (2006). History of the Jack-O-Lantern. buzzle.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেক-অ'-লেণ্টাৰ্ণ” প্ৰবন্ধৰ সংশোধন ৬৩২৩০৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।