অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুংক' টাবেই

জুংক' টাবেই এগৰাকী জাপানীজ পৰ্বতাৰোহী আছিল। তেওঁ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম মহিলা। ইয়াৰ লগতে তেওঁ চেভেন চামিট অৰ্থাৎ বিশ্বৰ সপ্ত মহাদেশৰ প্ৰতিখনৰে সৰ্বোচ্চ স্থান আৰোহণ কৰা প্ৰথম গৰাকী মহিলা।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১০০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জুংক' টাবেই১ এগৰাকী জাপানীজ পৰ্বতাৰোহী আছিল। তেওঁ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম মহিলা। ইয়াৰ লগতে তেওঁ চেভেন চামিট অৰ্থাৎ বিশ্বৰ সপ্ত মহাদেশৰ প্ৰতিখনৰে সৰ্বোচ্চ স্থান আৰোহণ কৰা প্ৰথম গৰাকী মহিলা।২৩৪

প্ৰাৰম্ভিক জীৱন

১৯৩৯ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে জাপানৰ মীহাৰু, ফুকুশ্বিমাত তেওঁৰ জন্ম হৈছিল।৫৬ তেওঁ সৰুতে শাৰীৰিক ভাবে দুৰ্বল আছিল। ১০ বছৰ বয়সতে তেওঁ শ্ৰেণীৰ পৰ্বতাৰোহন ক্ষেত্ৰ অধ্যয়নত মাউন্ট নাছুলৈ যোৱাৰ সুযোগ লাভ কৰিছিল।৫৭ তেতিয়াৰ পৰায়ে তেওঁ পৰ্বতাৰোহনৰ প্ৰতি আকৃষ্ট হৈছিল। কিন্তু সাত গৰাকী সন্তানৰ দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা জুংক'ৰ বাবে পৰ্বতাৰোহনৰ দৰে খৰচী বিষয় প্ৰায় অসম্ভৱ আছিল। তেতিয়াও তেওঁ হাইস্কুলত পঢ়ি থাকোঁতে কেইবাবাৰো পৰ্বতাৰোহন কৰিছিল।৬

ব্যক্তিগত জীৱন

তেওঁ পৰ্বতাৰোহী মাছানবু টাবেই লগত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁ ১৯৬৫ চনত মাছানবুক জাপানত পৰ্বতাৰোহনৰ সময়ত লগ পাইছিল। তেওঁলোকৰ দুগৰাকী সন্তান আছে।৬

২০১২ চনত তেওঁৰ দেহত পেৰিটনিয়েল কৰ্কট ৰোগ ধৰা পৰিছিল। কিন্তু তেওঁ পৰ্বতাৰোহন এৰি দিয়া নাছিল। ২০১৬ চনৰ ২০ অক্টোবৰ তাৰিখে জাপানৰ কাৱাগৱেৰ চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।৭

গুগল ডুডুল

২০১৯ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে গুগলেতেওঁৰ ৮০তম জন্মজয়ন্তীৰ উপলক্ষে এক বিশেষ ডুডুল প্ৰদৰ্শন কৰে। ইয়াৰ লগতে তেওঁৰ উৎসাহজনক নীতিবাক্য, "কেতিয়াও পৰাজয় বৰণ নকৰিবা, নিজৰ লক্ষ্য স্থিৰ ৰাখিবা" ডুডুলৰ লগত প্ৰদৰ্শন কৰিছিল।৮৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Official website- profile
  2. ↑ Horn, Robert. (29 April 1996). No Mountain Too low For Her: Junko Tabei defied Japanese views of women to become an expert climber. Sports Illustrated Retrieved 29 December 2015
  3. ↑ Otake, Tomoko, "Junko Tabei: The first woman atop the world", Japan Times, 27 May 2012, p. 7
  4. ↑ (1997). The American Alpine Journal. American Alpine Club Annual Resources Series. The Mountaineers Books. পৃ. 125. ISBN 0930410556
  5. ↑ (22 October 2016). Junko Tabei, first woman to conquer Everest, complete 'Seven Summits,' dies at 77. The Japan Times Online
  6. ↑ (7 October 2013). Junko Tabei defied Japanese views of women to become an – 04.29.96 – SI Vault
  7. ↑ Japanese Climber Junko Tabei, First Woman To Conquer Mount Everest, Dies at 77. NPR.org
  8. ↑ (22 September 2019). Junko Tabei's 80th Birthday. Google.com
  9. ↑ Baynes, Chris. (22 September 2019). Junko Tabei: Google Doodle celebrates first woman to reach summit of Mount Everest. Independent UK

সম্পৰ্কিত শ্ৰেণী

পৰ্বতাৰোহীজাপানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুংক' টাবেই” প্ৰবন্ধৰ সংশোধন ৩৮১০৫৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।