জিনা ৰড্ৰিগেজ (ইংৰাজী ভাষা: Gina Rodriguez; ডেমি ডেলিয়া নামেৰেও জনাজাত; জন্ম: ১৫ নৱেম্বৰ ১৯৬৭) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী। নাদিয়া চুলেমান আৰু মাইকেল লোহানৰ দৰে ব্যক্তিসকলৰ সৈতে কৰা কামৰ বাবে তেওঁ পৰিচিত। ২০১৭ চনত তেওঁ ডব্লিউইটিভিৰ (WEtv) তথ্যচিত্ৰ ধাৰাবাহিক মামা জুন: ফ্ৰম নট টু হটত অভিনয় কৰাৰ লগতে ইয়াৰ কাৰ্যবাহী প্ৰযোজক হিচাপেও কাম কৰিছিল।১২
২০১১ চনৰ পৰা ২০১৭ চনলৈকে ৰড্ৰিগেজে ষ্টৰ্মী ডেনিয়েলছৰ মেনেজাৰ হিচাপে কাম কৰিছিল। তেওঁ এফবিআইৰ সৈতে সহযোগিতা কৰিছিল আৰু ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সন্দৰ্ভত কিথ ডেভিদচনৰ সৈতে হোৱা চুক্তিত গুৰুত্বপূৰ্ণভাৱে জড়িত আছিল।৩৪৫৬ ২০১৮ চনত তেওঁ ষ্টৰ্মী ডেনিয়েলছে লিখা আৰু চেইণ্ট মাৰ্টিনছ পাব্লিচিং গ্ৰুপৰ দ্বাৰা প্ৰকাশিত ফুল ডিছক্লজাৰ গ্ৰন্থৰ অন্যতম বিষয় আছিল।৭ ২০২০ চনত সাংবাদিক জো পালাজলো আৰু মাইকেল ৰথফেল্ডে লিখা আৰু ৰেনডম হাউচৰ দ্বাৰা প্ৰকাশিত দ্য ফিক্সাৰ্ছ: দ্য বটম-ফিডাৰ্ছ, ক্ৰুকেড লয়াৰ্ছ, গছিপমংগাৰ্ছ, এণ্ড পৰ্ণ ষ্টাৰ্ছ হু ক্ৰিয়েটেড দ্য ৪৫থ প্ৰেছিডেণ্ট গ্ৰন্থৰো তেওঁ অন্যতম বিষয় আছিল।৮
কৰ্মজীৱন
এগৰাকী প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ শিল্পী হিচাপে ৰড্ৰিগেজে ডেমি ডেলিয়া নামেৰে ৫০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। ৰড্ৰিগেজে ১৯৯২ চনত বেৱাচ আৰু ২০০২ চনত ৰবাৰী হমিচাইড ডিভিজনত অভিনয় কৰিছিল। পৰ্ণ উদ্যোগ ত্যাগ কৰাৰ পিছত আৰু তৃতীয়বাৰৰ বাবে বিবাহ বিচ্ছেদ হোৱাৰ পিছত ৰড্ৰিগেজে ২০০৯ চনত তেওঁৰ প্ৰচাৰ কাৰ্যৰ ব্যৱসায় (publicity business) প্ৰতিষ্ঠা কৰে।৯ ২০০৯ চনৰ জুন মাহৰ পৰা তেওঁ নিজৰ দুই সন্তানৰ সৈতে 'ক্ৰাকল'ত প্ৰচাৰিত মামী এক্সএক্সএক্স নামৰ এটা চুটিম্যাদী ৱেব-আধাৰিত ৰিয়েলিটী শ্ব'ত অভিনয় কৰিছিল।১০১১
ৰড্ৰিগেজে ডিডি এণ্টাৰটেইনমেণ্ট (পৰৱৰ্তী সময়ত জিআৰ মিডিয়া নামেৰে জনাজাত) নামৰ নিজা মেনেজমেণ্ট কোম্পানী গঠন কৰিছিল, যিয়ে বিভিন্ন তাৰকাৰ উপপত্নী বুলি দাবী কৰি চৰ্চালৈ অহা মহিলাসকলৰ হৈ কাম কৰিছিল।১২ ২০১২ চনত তেওঁ DialAStar.com নামৰ এটা ফোন সেৱা আৰম্ভ কৰিছিল যাৰ জৰিয়তে অনুৰাগীসকলে তাৰকাসকলক ফোন কৰিব পাৰিছিল।১৩ নাদিয়া চুলেমানৰ মেনেজাৰ হিচাপে তেওঁ অক্টোমম হোম এলোন নামৰ পৰ্ণগ্ৰাফিক ছবিখন নিৰ্মাণ আৰু বিপণন কৰিছিল।১৪
২০১৭ চনত তেওঁ জিটনি প্ৰডাকচনছৰ সহ-প্ৰতিষ্ঠা কৰে আৰু ডব্লিউই টিভিত তেওঁৰ প্ৰথমটো ৰিয়েলিটী টিভি শ্ব' "মামা জুন: ফ্ৰম নট টু হট"ৰ কাৰ্যবাহী প্ৰযোজনা কৰে, য'ত তেওঁ নিজেও অভিনয় কৰিছিল।১৫
২০২০ চনত তেওঁ "হেপিলি এভাৰ অল্টাৰ্ড"ৰ কাৰ্যবাহী প্ৰযোজনা কৰে যিটো ২০২০ চনৰ ২২ জুলাইত লাইফটাইম টিভিত মুক্তি লাভ কৰিছিল।১৬
ব্যক্তিগত জীৱন
জিনাৰ জন্ম হৈছিল জিনা মেৰী ডেলিয়া নামেৰে। তেওঁ মেক্সিকান মাফিয়া মুৰব্বী মাইকেল "মিকি" এন্থনী ডেলিয়াৰ কন্যা আছিল আৰু অতি কম বয়সতে তেওঁ পৰিয়ালৰ পৰা আঁতৰি আহিছিল।৮১৭
২০২৪ চনৰ এপ্ৰিল মাহত নিউয়ৰ্কত ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে চলা অপৰাধমূলক গোচৰৰ শুনানিৰ সময়ত ২০১৬ চনৰ অক্টোবৰ মাহৰ ৰড্ৰিগেজ আৰু ষ্টৰ্মী ডেনিয়েলছৰ অধিবক্তা কিথ ডেভিদচনৰ মাজৰ কিছু পুৰণি বাৰ্তা (টেক্সট মেচেজ) প্ৰদৰ্শন কৰা হয়। এই বাৰ্তাসমূহে ইংগিত দিয়ে যে ৰড্ৰিগেজ সেইসকলৰ ভিতৰত এজন আছিল যিয়ে ডেনিয়েলছৰ সৈতে ট্ৰাম্পৰ সম্পৰ্কৰ কথা গোপনে ৰখাৰ বিনিময়ত ১,৩০,০০০ ডলাৰৰ লেনদেনৰ সন্দৰ্ভত মাইকেল কোহেনৰ সৈতে যোগাযোগ কৰিবলৈ ডেভিদচনক উৎসাহিত কৰিছিল।১৮
তথ্যসূত্ৰ
- ↑ Meet the Cast. WE tv
- ↑ (February 22, 2017). Top 10 moments from Mama June: From Not to Hot premiere. starcasm.net
- ↑ Sara Sidner; Maeve Reston. (May 3, 2018). Stormy Daniels' former manager cooperating with FBI. CNN
- ↑ (July 24, 2018). President Trump Aiming to Turn Stormy Daniels' Ex-Manager Against Her. The Blast
- ↑ Greenwood, Max. (May 3, 2018). Former Stormy Daniels manager cooperating with FBI: report. TheHill
- ↑ Haberman, Maggie; Savage, Charlie. (February 14, 2018). Trump Lawyer's Payment to Porn Star Raises New Questions. The New York Times
- ↑ (October 2, 2018). Stormy Daniels Details Trump Romp, Death Threats in New Memoir · Hollywood Reporter. www.hollywoodreporter.com
- ↑ Gross, Terry. (January 14, 2020). Book Details The 'Bottom-Feeders' And 'Fixers' Who Enabled Trump's Election. NPR.org
- ↑ Walden, Celia. (August 31, 2014). We Meet The PR Who Says She Can Make You A (D-list) Star. Glamour UK
- ↑ (July 10, 2009). Sony TV brings you porn star mom in 'Mommy XXX'. Monsters and Critics
- ↑ (May 27, 2009). Porn Star Moms And Softball, 'Mommy XXX' and 'All Stars' Coming To Crackle. Tubefilter News
- ↑ (February 17, 2011). Gina Rodriguez Manages Celebrity Sex Scandals From Michelle "Bombshell" McGee to Tiger Woods' Purported Mistresses – ABC News. Abcnews.go.com
- ↑ (April 26, 2012). Dial A Star: Talk to Octomom. Abcnews.go.com
- ↑ Peter Gicas. (December 3, 2012). Octomom Nadya Suleman 'thankful' her porn film is up for 4 awards – NBC News.com. Entertainment.nbcnews.com
- ↑ (March 30, 2017). Mama June Reveals the Real Reason She Wants to Lose Weight. E! Online
- ↑ (July 15, 2020). Mama June's Manager Launches New Makeover Reality Show 'Happily Ever Altered'
- ↑ Palazzolo, Joe; Rothfeld, Michael. (January 14, 2020). The Fixers: The Bottom-Feeders, Crooked Lawyers, Gossipmongers, and Porn Stars Who Created the 45th President. Random House Publishing. ISBN 978-0-593-13239-5
- ↑ Scannell, Kara; Del Valle, Lauren; Herb, Jeremy. (April 30, 2024). Ex-attorney for Daniels and McDougal testifies in Trump trial. CNN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিনা ৰড্ৰিগেজ” প্ৰবন্ধৰ সংশোধন ৬৩২৬৫২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।