অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জিনা লিন

তানিয়া মাৰ্চাডো (জন্ম: ১৫ ফেব্ৰুৱাৰী ১৯৭৪ তেওঁক ২০১০ চনত 'এভিএন হল অৱ ফেেম'ত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু তেওঁ পেণ্টহাউচ আলোচনীৰ ২০১২ চনৰ এপ্ৰিল মাহৰ 'পেণ্টহাউচ পেট' আছিল। লিন এমিনেমৰ "ছুপাৰমেন" গীতৰ সংগীত ভিডিঅ'ত অভিনয় কৰাৰ বাবেও পৰিচিত।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ২৯৯ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

তানিয়া মাৰ্চাডো (জন্ম: ১৫ ফেব্ৰুৱাৰী ১৯৭৪), পেছাগতভাৱে জিনা লিন নামেৰে পৰিচিত এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী, মডেল আৰু ষ্ট্ৰিপাৰ।১ তেওঁক ২০১০ চনত 'এভিএন হল অৱ ফেেম'ত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু তেওঁ পেণ্টহাউচ আলোচনীৰ ২০১২ চনৰ এপ্ৰিল মাহৰ 'পেণ্টহাউচ পেট' আছিল। লিন এমিনেমৰ "ছুপাৰমেন" গীতৰ সংগীত ভিডিঅ'ত অভিনয় কৰাৰ বাবেও পৰিচিত।

প্ৰাৰম্ভিক জীৱন

লিনৰ জন্ম পুৱৰ্টো ৰিকাত হৈছিল আৰু পাঁচ বছৰ বয়সত তেওঁ নিউ জাৰ্চীলৈ গুচি আহে।২ পুৱৰ্টো ৰিকান আৰু ইটালীয় মূলৰ৩ লিন নিউ জাৰ্চীৰ জেকচন টাউনশ্বিপত ডাঙৰ-দীঘল হৈছিল।১৪

কেৰিয়াৰ

২০০০ চনৰ জুন মাহত লিনে 'প্লেজাৰ প্ৰডাকচন'ৰ সৈতে এবছৰীয়া একচেটিয়া অভিনয়ৰ চুক্তি স্বাক্ষৰ কৰে।১ ২০০২ চনত তেওঁ এনালাইজ ডেট (Analyze That) নামৰ ছবিখনত এগৰাকী ষ্ট্ৰিপাৰ হিচাপে এটা চুটি চৰিত্ৰত অভিনয় কৰিছিল।৫ দ্য ছোপ্ৰানোছ ধাৰাবাহিকৰ চতুৰ্থ ছিজনৰপৰা লিনে "বাডা বিং!" নামৰ ষ্ট্ৰিপ ক্লাবটোত এগৰাকী ষ্ট্ৰিপাৰ হিচাপে মাজে মাজে অভিনয় কৰিছিল।৬ ২০০৯ চনৰ তথ্য অনুসৰি, তেওঁ কোম্পানীটোৰ লগতে তেওঁৰ নিজাকৈ ষ্টুডিঅ' 'জিনা লিন প্ৰডাকচন'ৰ বাবে চিনেমা নিৰ্মাণ কৰি আছিল।৭ তেওঁ ছবি পৰিচালনাও কৰে আৰু তেওঁৰ নামত ২০খনতকৈও অধিক ছবিৰ কৃতিত্ব আছে।

২০০৩ চনত লিনে আমেৰিকান ৰেপাৰ এমিনেমৰ "ছুপাৰমেন" গীতৰ সংগীত ভিডিঅ'ত তেওঁৰ প্ৰেমিকা হিচাপে অভিনয় কৰিছিল। যদিও ভিডিঅ'টো টোটেল ৰিকুৱেষ্ট লাইভৰ বাবে অতিৰিক্তভাৱে সাহসী আছিল, 'কমপ্লেক্স' আলোচনীয়ে লিনৰ উপস্থিতিৰ বাবে ইয়াক এমিনেমৰ আটাইতকৈ স্মৰণীয় সংগীত ভিডিঅ'সমূহৰ এটা বুলি বৰ্ণনা কৰিছিল।৮

২০০৬ চনত লিনৰ ডেট্ৰইটৰ বাতৰি কাকত মেট্ৰ' টাইমছত এটা সাক্ষাৎকাৰ প্ৰকাশ পাইছিল।৩ লেখাটোত লিনক আন সহযোগী পৰ্ণ অভিনেতা যেনে জুৱেল ডি'নাইল, বেলাডোনা, টেলৰ চেইণ্ট ক্লেয়াৰ আৰু জন ষ্টাগ্লিয়ানোৰ সৈতে তুলনা কৰা হৈছিল।৯

২০০৯ চনত তেওঁ মিংহেগছ নামৰ চলচ্চিত্ৰখনত অভিনয় কৰিছিল, য’ত তেওঁ মুখ্য চৰিত্ৰ লেনিৰ সতীয়া ভনীৰ চৰিত্ৰত অভিনয় কৰিছিল।

২০১২ চনৰ মাৰ্চ মাহত পেণ্টহাউচ আলোচনীয়ে ঘোষণা কৰিছিল যে লিন ২০১২ চনৰ এপ্ৰিল মাহৰ 'পেণ্টহাউচ পেট' হ’ব।১০ সেই মাহৰ শেষৰফালে লিনে ঘোষণা কৰিছিল যে তেওঁ পৰ্ণ উদ্যোগৰপৰা অৱসৰ গ্ৰহণ কৰিছে, কিন্তু ৱেবকামৰ জৰিয়তে নিজৰ উপস্থিতি অব্যাহত ৰাখিব।১১

বঁটাসমূহ

২০০৬ চনৰ ইৰ'টিকা এলএত জিনা লিন
২০০৬ চনৰ ইৰ'টিকা এলএত জিনা লিনছবি: Luke Ford · CC BY-SA 2.5
  • ২০০২ নাইটমুভছ বঁটা – শ্ৰেষ্ঠ ফিচাৰ ডান্সাৰ১২
  • ২০০৩ এক্সোটিক ডান্সাৰ বঁটা – বছৰটোৰ শ্ৰেষ্ঠ এডাল্ট মুভি ফিচাৰ এণ্টাৰটেইনাৰ১৩
  • ২০০৫ এভিএন বঁটা (AVN Award) – জিনা লিনছ ডাৰ্কচাইডৰ বাবে শ্ৰেষ্ঠ গঞ্জো ৰিলিজ১৪
  • ২০০৫ নাইটমুভছ বঁটা – শ্ৰেষ্ঠ নতুন প্ৰডাকচন কোম্পানী (অনুৰাগীৰ পছন্দ)১২
  • ২০০৬ এফআইচিইবি নিনফা বঁটা (FICEB Ninfa Award) – শ্ৰেষ্ঠ অভিনেত্ৰী (ৰাইজৰ পছন্দত)১৫
  • ২০০৭ নাইটমুভছ বঁটা – শ্ৰেষ্ঠ ফিচাৰ ডান্সাৰ (সম্পাদকৰ পছন্দত)১২
  • ২০০৭ নাইটমুভছ হল অৱ ফেেমত অন্তৰ্ভুক্ত১২
  • ২০০৮ ফেম বঁটা (F.A.M.E. Award) – ফেভাৰিট এছ১৬
  • ২০০৯ নাইটমুভছ ত্ৰিপল প্লে বঁটা (নৃত্য/অভিনয়/পৰিচালনা)১২
  • ২০১০ এভিএন হল অৱ ফেেমত অন্তৰ্ভুক্ত১৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Humphrey Pennyworth. (June 15, 2000). Gina Lynn Signs With Pleasure One Year, 10 Video Deal. AVN
  2. ↑ PinkWorld Interview with Gina Lynn. PinkWorld
  3. ↑ Staff. Starlet nights Em's fave porn pet Gina Lynn on Detroit; Ubiquity inks Nomo; a killer Encore show. Metro Times
  4. ↑ Gussow, Mel. "Photographing Celebrities, Even Those of an X-Rated World". The New York Times, July 29, 2003. Accessed July 22, 2008
  5. ↑ Gussow, Mel. (July 29, 2003). Photographing Celebrities, Even Those of an X-Rated World. The New York Times
  6. ↑ (November 3, 2006). Gina Lynn Returns to 'The Sopranos'. avn.com
  7. ↑ (July 29, 2009). Gina Lynn Crosses Over to Mainstream, Returns to Roots. AVN
  8. ↑ Gina Lynn - A History Of Porn Stars In Eminem Videos. Complex
  9. ↑ Stanton, Thomas J. Metrotimes Spotlights Lynn. Adult Video News
  10. ↑ Penthouse Magazine April 2012
  11. ↑ (March 28, 2012). Gina Lynn Is Done With Porn. Xtrememagazine.com
  12. ↑ http://www.nightmovesusa.com/awards-show/past-winner-history.html
  13. ↑ (August 29, 2003). AVN - Gina Lynn Takes Prize At Exotic Dancer Awards. Business.avn.com
  14. ↑ AVN Awards Past Winners
  15. ↑ Awards Won. Barcelona International Erotic Film Festival
  16. ↑ David Sullivan. (June 7, 2008). 2008 F.A.M.E. Winners Announced at Erotica LA. AVN
  17. ↑ 2010 Nominees. AVN.com

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিনা লিন” প্ৰবন্ধৰ সংশোধন ৫৯৪৪৬২ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।