জমীন কি দোস্ত; পোছাকী নাম: উইলিমিনা লিওনোৰা আৰ্মষ্ট্ৰং, জন্ম: ১৪ আগষ্ট, ১৮৬৬ চন – মৃত্যু: ২ নৱেম্বৰ, ১৯৪৭ চন; আছিল এগৰাকী আমেৰিকান চিকিৎসক, লেখিকা আৰু প্ৰবক্তা। তেওঁৰ গ্ৰন্থ ইনচেন্স অৱ চেণ্ডেলউড (১৯০৪)১ আৰু উইল লেভিংটন কম্ফৰ্টৰ সহযোগত লিখা আৰু ছন অৱ পাৱাৰ (১৯২০) নামেৰে প্ৰকাশিত ভাৰতৰ কাহিনীৰ বাবে তেওঁ বেছিকৈ পৰিচিত।২
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৮৬৬ চনত নেব্ৰাস্কাত উইলিয়াম লিঅ'নাৰ্ড আৰ্মষ্ট্ৰং আৰু এলিজাবেথ ছামাৰ্ছ আৰ্মষ্ট্ৰং (১৮৩০-১৮৭০)ৰ কন্যা উইলিমিনা লিওনোৰা আৰ্মষ্ট্ৰঙৰ জন্ম হৈছিল।৩ তেওঁৰ পিতৃ আমেৰিকাৰ গৃহ-যুদ্ধত ইউনিয়ন আৰ্মীৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ আছিল। ফিলাডেলফিয়াত তেওঁ শিক্ষা লাভ কৰিছিল।৪
কেৰিয়াৰ
১৮৮৭ চনত তেওঁ চিকিৎসা মিছনেৰী হিচাপে ভাৰতলৈ যায় আৰু তেওঁৰ ডাঙৰ ভগ্নী চিকিৎসক চেলেনি আৰ্মষ্ট্ৰং-হপকিন্সৰ সৈতে সেৱা আগবঢ়ায়।৫ ১৯০১ চনত তেওঁ লছ এঞ্জেলছত দৰ্শনৰ শিক্ষক,৬ আৰু গল্প আৰু কবিতা লিখি বসতি স্থাপন কৰে।৪ ১৯০৪ চনত তেওঁ ইনচেন্স অৱ চেণ্ডেলউদ নামৰ কিতাপখন প্ৰকাশ কৰে য'ত তেওঁ ভাৰতত বাস কৰাৰ অভিজ্ঞতা লিপিৱদ্ধ কৰে।৫ উইল লেভিংটন কম্ফৰ্টৰ সহযোগত ছন অৱ পাৱাৰ হিচাপে প্ৰকাশিত জমীন কি দোস্ত নামৰ কলম নামেৰে ভাৰতৰ আঠাইশটা গল্প লিখিছিল।৭ তেওঁ গীতো ৰচনা কৰিছিল।৮ ১৯১৩ চনত আৰ্মষ্ট্ৰঙে সম্মোহনৰদ্বাৰা তেওঁৰ এগৰাকী ছাত্ৰৰপৰা ঋণ ল'বলৈ বাধ্য কৰাই মামলা কৰা হয়।৯
মৃত্যু
১৯৪৭ চনত উইলিমিনা লিওনোৰা আৰ্মষ্ট্ৰঙৰ মৃত্যু হয় আৰু তেওঁক কেলিফৰ্ণিয়াৰ চিলমাৰৰ গ্লেন হেভেন মেম’ৰিয়েল পাৰ্কত সমাধিস্থ কৰা হয়। তেওঁৰ গৱেষণা পত্ৰসমূহ বিশেষ সংগ্ৰহ বিভাগৰ ইউচিএলএ লাইব্ৰেৰীত আছে।১০
কৃতিত্ব
কিতাপ
তলত উল্লেখ কৰা গ্ৰন্থসমূহৰ উপৰি তেওঁ কেইবাটাও উল্লেখযোগ্য গীতো ৰচনা কৰিছিল।
- ১৯০৪ – উইলিমিনা লিওনোৰা আৰ্মষ্ট্ৰং, ইনচেন্স অৱ দ্য চেণ্ডেলউড১
- ১৯২০ – উইল লেভিংটন কম্ফৰ্ট, উইলিমিনা লিওনোৰা আৰ্মষ্ট্ৰং, ছন অৱ পাৱাৰ২
- ১৯৩১ – উইল লেভিংটন কম্ফৰ্ট, জমীন কি দোস্ত, কেৰ'লিন ৰেনাৰ, বেষ্টিয়েন উণ্ড হাইলিগে১১
- ১৯৫৭ – এছেন্সিয়েল থিংছ টু নো এণ্ড ডু, নূৰ ঝানে সংকলিত কৰে১২
গীত
- ১৯০৮ – জমীন কী দোস্ত, হেভ নো ফিয়েৰ১৩
- ১৯০৮ – জমীন কী দোস্ত, আৰ্মাগেদন ১৪
- ১৯০৮ – জমীন কী দোস্ত, লাইট অফ মাই আইজ১৫
- ১৯০৮ – জমীন কী দোস্ত, আই হিয়েৰ হিজ ভয়েচ কলিং মি১৬
- ১৯০৮ – জমীন কী দোস্ত, আমেৰিকা ইনভিন্সিবল; অফিচ ফৰ আৱাৰ ডেড১৭ আদি।
তথ্যসূত্ৰ
- ↑ Armstrong, Willimina Leonora. (1904). Incense of Sandalwood. Baumgardt Publishing Company
- ↑ Dost, 1866-1947; Comfort Will Levington Zamin Ki. (2006). Son of Power. Project Gutenberg
- ↑ Congress, The Library of. LC Linked Data Service: Authorities and Vocabularies (Library of Congress). id.loc.gov
- ↑ Zamin Ki Dost, 1866-1947 - Social Networks and Archival Context. snaccooperative.org
- ↑ Finding Aid for the Zamin Ki Dost Papers, 1930-1960. oac.cdlib.org
- ↑ (1906-12-21). Institute Sessions. The Pomona Progress. পৃ. 10
- ↑ McWilliams, Carey. (1973). Southern California: An Island on the Land. Gibbs Smith. পৃ. 255. ISBN 978-0-87905-007-8
- ↑ Zamin Ki dost - Franklin Search Results. franklin.library.upenn.edu
- ↑ (1913-09-06). Asks Law to Wrest Cash from Grip of Occult. The Los Angeles Times. পৃ. 11
- ↑ Finding Aid for the Zamin Ki Dost Papers, 1930-1960, UCLA Library, Department of Special Collections
- ↑ Comfort, Will Levington; Dost, Zamin Ki; Renner, Caroline. (1931). Bestien und Heilige. Transmare Verlag
- ↑ (1957). Essential things to know and do, New Age Publishing. UCLA Library
- ↑ Zamin Ki Dost. (1918). Have no fear. franklin.library.upenn.edu
- ↑ Zamin Ki Dost. (1918). Armageddon. franklin.library.upenn.edu
- ↑ Zamin Ki Dost. (1918). Light of my eyes. franklin.library.upenn.edu
- ↑ Zamin Ki Dost. (1918). I hear his voice calling me. franklin.library.upenn.edu
- ↑ Zamin Ki Dost. (1918). America invincible; Office for our dead/. franklin.library.upenn.edu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জমীন কি দোস্ত” প্ৰবন্ধৰ সংশোধন ৫৭৮২১৪ (১৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।