অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ছেইণ্ট কেথেৰিন গীৰ্জা, চেৰ্নিহিভ

ছেইণ্ট কেথেৰিন গীৰ্জা (Catherine's Church, Chernihiv), অথবা কছাকসকলৰ পৱিত্ৰ মহান শ্বহীদ ছেইণ্ট কেথেৰিন কেথেড্ৰেল ইউক্ৰেইনৰ চেৰ্নিহিভত অৱস্থিত এটা সক্ৰিয় গীৰ্জা। ছেইণ্ট কেথেৰিন গীৰ্জা কছাক যুগত নিৰ্মাণ কৰা হৈছিল। ই ইউক্ৰেইনীয় বেৰোক শৈলীৰ পাঁচটা সোণালী গম্বুজৰ বাবে বিশেষভাৱে পৰিচিত।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৮১৪ শব্দ · ৫ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ছেইণ্ট কেথেৰিন গীৰ্জা (Catherine's Church, Chernihiv), অথবা কছাকসকলৰ পৱিত্ৰ মহান শ্বহীদ ছেইণ্ট কেথেৰিন কেথেড্ৰেল ইউক্ৰেইনৰ চেৰ্নিহিভত অৱস্থিত এটা সক্ৰিয় গীৰ্জা।

ছেইণ্ট কেথেৰিন গীৰ্জা কছাক যুগত নিৰ্মাণ কৰা হৈছিল। ই ইউক্ৰেইনীয় বেৰোক শৈলীৰ পাঁচটা সোণালী গম্বুজৰ বাবে বিশেষভাৱে পৰিচিত। গীৰ্জাটো চেৰ্নিহিভ চহৰৰ প্ৰৱেশদ্বাৰৰ ওচৰত অৱস্থিত আৰু প্ৰাচীন চেৰ্নিহিভ ঐতিহাসিক সংৰক্ষিত অঞ্চলৰ অন্তৰ্ভুক্ত। ই চহৰখনৰ অন্যতম প্ৰধান স্থাপত্যিক নিদৰ্শন। ১৬৯৬ চনত আজভৰ অট্টোমান দুৰ্গ আক্ৰমণৰ সময়ত বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰা চেৰ্নিহিভ ৰেজিমেণ্টৰ কছাকসকলৰ সন্মানত গীৰ্জাটো নিৰ্মাণ কৰা হৈছিল।

ইতিহাস

ছেইণ্ট কেথেৰিন গীৰ্জা ১৬৯৬ চনত আজভৰ অট্টোমান দুৰ্গ আক্ৰমণত অংশগ্ৰহণ কৰা চেৰ্নিহিভ ৰেজিমেণ্টৰ কছাকসকলৰ বীৰত্বৰ সন্মানত নিৰ্মাণ কৰা হৈছিল। এই আক্ৰমণ চেৰ্নিহিভৰ কৰ্ণেল ইয়াকিভ লিজোহুবৰ নেতৃত্বত সংঘটিত হৈছিল। ১৭১৫ চনত ইউক্ৰেইনত দীৰ্ঘদিন ধৰি সন্মানিত হৈ অহা ছেইণ্ট কেথেৰিনৰ নামত গীৰ্জাটো উৎসৰ্গা কৰা হয়। ১২৩

সময়ৰ লগে লগে ছেইণ্ট কেথেৰিন গীৰ্জাত বৃহৎ পৰিৱৰ্তন হোৱা নাছিল। ১৮৩৭ চনত গীৰ্জাৰ পশ্চিম সন্মুখভাগত এটা প্ৰৱেশকক্ষ যোগ কৰা হয় আৰু ১৯০৮ চনত ঘণ্টাঘৰ নিৰ্মাণ কৰা হয়। পিছলৈ গীৰ্জাটোৰ পুনৰুদ্ধাৰৰ সময়ত দুয়োটা নিৰ্মাণ আঁতৰোৱা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪১ চনৰপৰা ১৯৪৩ চনলৈ গীৰ্জাটো ক্ষতিগ্ৰস্ত হয়। এই সময়ত ছাদ আৰু গম্বুজৰ ওপৰৰ অংশ জ্বলি যায়। পুনৰুদ্ধাৰৰ কাম দুটা পৰ্যায়ত কৰা হয়ঃ ১৯৪৭–১৯৫৫ আৰু ১৯৭৫–১৯৮০ চনত। ৪

ছেইণ্ট কেথেৰিন গীৰ্জা ১৭শ আৰু ১৮শ শতিকাৰ ইউক্ৰেইনীয় তথা কছাক পুনৰুজ্জীৱনৰ প্ৰামাণিক অৱস্থাত সংৰক্ষিত অন্যতম উল্লেখযোগ্য স্মাৰক। ই ১৮শ শতিকাৰ ইউক্ৰেইনীয় গীৰ্জাৰ স্থাপত্যৰ বিকাশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। ঐতিহাসিক চহৰাঞ্চলত ইয়াৰ স্থাপত্যিক ভূমিকা আজিও গুৰুত্বপূৰ্ণ।

১৯৯০ চনৰ বসন্তকালত চেৰ্নিহিভৰ এদল কছাকে ১৯৩৩ চনত ছোভিয়েট কৰ্তৃপক্ষই বন্ধ কৰা তেওঁলোকৰ কাৰ্যকলাপ পুনৰ আৰম্ভ কৰে।

১৯৯২ চনত ছেইণ্ট কেথেৰিন গীৰ্জাৰ কছাক অৰ্থডক্স সম্প্ৰদায়ক চৰকাৰীভাৱে পঞ্জীয়ন কৰা হয়। ১৯৯৪ চনত এই সম্প্ৰদায়ক পূৰ্বৰ সম্প্ৰদায়ৰ "সংশ্লিষ্ট অধিকাৰ আৰু কৰ্তব্যৰ উত্তৰাধিকাৰী" হিচাপে স্বীকৃতি দিয়া হয়। ১৯৯৫ চনৰ ২ এপ্ৰিলত কছাক অৰ্থডক্স সম্প্ৰদায়ক কিয়েভ আৰু সমগ্ৰ ৰুছ-ইউক্ৰেইনৰ পেট্ৰিয়াৰ্ক ভ্লাদিমিৰ (ৰোমানিউক)ৰ সুৰক্ষাৰ অধীনত লোৱা হয়।

২০০৬ চনৰ ৫ এপ্ৰিলত গীৰ্জাৰ ভৱনটো ছেইণ্ট কেথেৰিন গীৰ্জাৰ কছাক অৰ্থডক্স সম্প্ৰদায়ৰ অধিকাৰলৈ হস্তান্তৰ কৰা হয়।

২০০৮ চনৰ ২২ মে'ত ইউক্ৰেইনৰ উচ্চ আপীল আদালতৰ সিদ্ধান্ত অনুসৰি ছেইণ্ট কেথেৰিন গীৰ্জা কিয়েভ পেট্ৰিয়াৰ্কেটৰ ইউক্ৰেইনীয় অৰ্থডক্স গীৰ্জাৰ বিশ্বাসীসকলক হস্তান্তৰ কৰাৰ বৈধতা নিশ্চিত কৰা হয়।

২০০৮ চনৰ ১৯ জুলাইত কছাক অৰ্থডক্স সম্প্ৰদায়ৰ সভাপতি আৰু চেৰ্নিহিভ আৰু নিজিনৰ বিশপৰ সৈতে সম্প্ৰদায়টোৱে গীৰ্জাত প্ৰৱেশ কৰে আৰু ৭৫ বছৰৰ নিষেধাজ্ঞাৰ পিছত ৰাজহুৱা উপাসনা পুনৰ আৰম্ভ কৰে। তাৰ পিছৰপৰা গীৰ্জাটো চেৰ্নিহিভ ধৰ্মপ্ৰদেশৰ কছাক কেথেড্ৰেল হিচাপে পৰিগণিত হয়।

২০১১ চনৰ ৭ ডিচেম্বৰত ছেইণ্ট কেথেৰিন কেথেড্ৰেলত ধৰ্মগুৰু মাৰ্কিউৰি, ব্ৰাগিনস্কিৰ মহন্তৰ সন্তীকৰণ অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ নেতৃত্ব দিছিল কিয়েভ আৰু সমগ্ৰ ৰুছ-ইউক্ৰেইনৰ পেট্ৰিয়াৰ্ক ফিলাৰেটে। সন্তজনৰ দেহৰ পৱিত্ৰ অৱশেষৰ ভঁৰালটো গীৰ্জাৰ অন্যতম পৱিত্ৰ সামগ্ৰী হৈ পৰে।

২০১৩ চনৰ ইউৰোমাইদান আৰু ২০১৪ চনৰ মৰ্যাদাৰ বিপ্লৱৰ সময়ত গীৰ্জাৰ সদস্যসকলে সক্ৰিয়ভাৱে সমৰ্থন আগবঢ়ায়। তেওঁলোকে ইউক্ৰেইনীয় সেনাবাহিনীক সহায় কৰা স্বেচ্ছাসেৱী আন্দোলনতো অংশগ্ৰহণ কৰে। বস্তুগত আৰু আৰ্থিক সহায় আগবঢ়োৱা তথা ব্যক্তিগতভাৱে অংশগ্ৰহণ কৰা এশজনতকৈ অধিক দাতাৰ নাম গীৰ্জাৰ স্মাৰক তালিকাত অন্তৰ্ভুক্ত কৰা হয়। মুখ্য পুৰোহিত ইউজেন (অৰ্ডা) আৰু গীৰ্জা পৰিষদৰ সভাপতিগৰাকীৰ প্ৰত্যক্ষ অংশগ্ৰহণত কিয়েভ মাইদানক সহায় আগবঢ়োৱা হৈছিল।

কছাক সম্প্ৰদায়ৰ সদস্যসকলে ডনবাস যুদ্ধতো অংশগ্ৰহণ কৰিছিল। ২০১৪ চনৰ ২৬ জুনত এটিঅ' অঞ্চলত লুহানস্ক চহৰৰ ওচৰত নিকোলা ব্ৰুই নামৰ এজন গীৰ্জাৰ সদস্য যুদ্ধত নিহত হয়। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কছাক কেথেড্ৰেলত অনুষ্ঠিত হয়। গীৰ্জা পৰিষদৰ সিদ্ধান্ত অনুসৰি নিকোলা ব্ৰুইৰ নাম স্থায়ীভাৱে স্মাৰক তালিকাত অন্তৰ্ভুক্ত কৰা হয়। ২০১৫ চনৰ ১৫ মে'ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশ অনুসৰি দেশৰ সাৰ্বভৌমত্ব, ভৌগোলিক অখণ্ডতা আৰু শপতৰ প্ৰতি আনুগত্য ৰক্ষাৰ সময়ত প্ৰদৰ্শন কৰা ব্যক্তিগত সাহস আৰু উচ্চ পেছাগত দক্ষতাৰ বাবে ব্ৰুইক তৃতীয় শ্ৰেণীৰ "অৰ্ডাৰ ফৰ পাৰ্ছনেল ক'ৰেজ" সন্মান প্ৰদান কৰা হয়। ৫৬

ইউক্ৰেইনীয় পৰম্পৰা আৰু প্ৰাচীন কছাক প্ৰথা অনুসৰি গীৰ্জাটোত "চেৰ্নিহিভ অঞ্চলৰ বীৰ" হিচাপে ১৩৪জন লোকৰ নামৰ এখন স্মাৰক তালিকা সংৰক্ষণ কৰা হৈছে। ইয়াৰ ভিতৰত ইউক্ৰেইনৰ বাবে যুঁজ দি নিহত চেৰ্নিহিভৰ ২৪জন লোকো আছে।

ৰকেট আক্ৰমণৰ পিছত
ৰকেট আক্ৰমণৰ পিছতছবি: Djohnni · CC BY-SA 3.0

২০২২ চনত চেৰ্নিহিভৰ অৱৰোধৰ সময়ত ৰকেট আক্ৰমণত গীৰ্জাটো ক্ষতিগ্ৰস্ত হয়।৭

স্থাপত্য

গীৰ্জাটো ইটাৰে নিৰ্মিত আৰু ইয়াৰ আকৃতি ক্ৰছৰ দৰে। ইয়াৰ পাঁচটা গম্বুজ আছে। ইয়াৰ স্থাপত্যৰ বিন্যাস কেন্দ্ৰিক আৰু পিৰামিডৰ দৰে। মাজৰ গম্বুজটো সৰ্বোচ্চ আৰু আন গম্বুজসমূহ স্থাপত্যিক ক্ৰছৰ বাহুবোৰৰ ওপৰত স্থাপন কৰা হৈছে।

ইয়াৰ ৰূপ পাঁচটা অষ্টভুজীয়া অংশ আৰু প্ৰতিটোৰ ওপৰত এটা গম্বুজ থকা পৰম্পৰাগত ইউক্ৰেইনীয় কাঠৰ গীৰ্জাৰ সৈতে মিল আছে। পিৰামিডৰ দৰে বিন্যাসৰ বাবে গীৰ্জাটো কোমল, মাৰ্জিত আৰু গম্ভীৰ ৰূপত দেখা যায়।

গীৰ্জাৰ সন্মুখভাগ ইয়াৰ অন্যতম বৈশিষ্ট্য। সন্মুখভাগৰ অলংকৰণত প্ৰৱেশদ্বাৰ আৰু খিৰিকীৰ সীমাৰেখাই মুখ্য ভূমিকা পালন কৰিছে। ইয়াত ত্ৰিভুজাকাৰ শীৰ্ষ, ফ্ৰেম আৰু অগভীৰ কৰ্ণিছ আছে। গীৰ্জাটোত ছাঁচেৰে নিৰ্মিত অলংকাৰ ব্যৱহাৰ কৰা হোৱা নাই। নিৰ্মাণৰ সময়লৈকে ভিত্তিৰ সমতল ইটাৰ স্থান লোৱা ইটাক নিৰ্মাণ আৰু অলংকাৰ দুয়োটা কামতে ব্যৱহাৰ কৰা হৈছিল। সন্মুখভাগ প্লাষ্টাৰ আৰু চূণেৰে আৱৃত কৰা হৈছে।

অভ্যন্তৰৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ওপৰলৈ মুকলি হৈ থকা বিন্যাস। ই পাঁচটা কক্ষ আৰু কোনো মধ্যৱৰ্তী স্তম্ভ নথকা গীৰ্জা। ইয়াৰ ওপৰত পাঁচটা গম্বুজ আছে। ওপৰৰ অংশটো পৰম্পৰাগত ইউক্ৰেইনীয় শৈলীত ভাঁজযুক্ত ৰূপত নিৰ্মাণ কৰা হৈছে। দেৱালসমূহ বগা কৰা হৈছে আৰু গম্বুজ আৰু ক্ৰছসমূহ সোণেৰে সজোৱা হৈছে।

গীৰ্জাক লৈ সংঘাত

কিয়েভ পেট্ৰিয়াৰ্কেটৰ উপৰি ইউক্ৰেইনৰ ৰাছিয়ান অৰ্থডক্স গীৰ্জাৰো কছাকসকলৰ ছেইণ্ট কেথেৰিন গীৰ্জাটোৰ ওপৰত দাবী আছিল। গীৰ্জাটো কিয়েভ পেট্ৰিয়াৰ্কেটৰ সম্প্ৰদায়লৈ হস্তান্তৰ কৰাৰ পাছত ইউক্ৰেইনৰ ৰাছিয়ান অৰ্থডক্স গীৰ্জাৰ প্ৰতিনিধিসকলে ভৱনটোৰ দেৱালৰ কাষত তিৰপালৰ তম্বুৰ আকৃতিৰ "শিবিৰ গীৰ্জা" স্থাপন কৰে।

‘মৰ্যাদাৰ বিপ্লৱৰ’ পিছত ২০১৪ চনৰ ২১ ফেব্ৰুৱাৰীত চেৰ্নিহিভৰ সম্প্ৰদায়ৰ হেঁচাত ইউক্ৰেইনৰ ৰাছিয়ান অৰ্থডক্স গীৰ্জাৰ বিশ্বাসীসকলে তম্বুটো আঁতৰাই পেলায়। ৮

তথ্যসূত্ৰ

  • "Churches of Ukraine", Mistetstvo Kyiv 2000,

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kollmann, Nancy Shields. (2017). The Russian Empire 1450–1801. Oxford University Press. পৃ. 58. ISBN 978-0-19-928051-3
  2. ↑ O'Rourke, Shane. (2011). Cossacks. The Encyclopedia of War. American Cancer Society. ISBN 978-1-4443-3823-2
  3. ↑ Magocsi, Paul Robert. (1996). A History of Ukraine. পৃ. 179–181
  4. ↑ Miden, Ervin. (2020-10-31). Ordering the Genealogy of the First Representatives of the Cossack-Officer Lyzohub Family. Path of Science. পৃ. 1001–1007
  5. ↑ Galeotti, Mark; Hook, Adam. (2019). Armies of Russia's war in Ukraine. Elite. Osprey Publishing. পৃ. 14–16. ISBN 978-1-4728-3345-7
  6. ↑ Mitrokhin, Nikolay. (2021). Civil war? Interstate war? Hybrid war? dimensions and interpretations of the Donbas Conflict in 2014-2020. Soviet and post-Soviet politics and society. ibidem Verlag. পৃ. 115. ISBN 978-3-8382-7383-9
  7. ↑ Residents of a devastated Chernihiv ponder their future after a Russian siege ends
  8. ↑ (25 November 2013). EuroMaidan rallies in Ukraine – Nov. 21–23 coverage. Kyiv Post

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেইণ্ট কেথেৰিন গীৰ্জা, চেৰ্নিহিভ” প্ৰবন্ধৰ সংশোধন ৬৩২৮০২ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।