অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছাদিয়া আবু গাজালেহ

ছাদিয়া আবু গাজালেহ ( ৮ জানুৱাৰী ১৯৪৯ – ২৮ নৱেম্বৰ ১৯৬৮) আছিল এগৰাকী পেলেষ্টাইনী উগ্ৰপন্থী। পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ পপুলাৰ ফ্ৰণ্ট ফৰ দ্য লিবাৰেচন অৱ পেলেষ্টাইন (পিএফএলপি)ত যোগদান কৰে আৰু ইজৰাইলে পশ্চিম তীৰ দখলৰ বিৰোধিতা কৰা পেলেষ্টাইনী ফেডাইনত অংশগ্ৰহণ কৰা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম।

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০২৬ ৪৪৮ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ছাদিয়া আবু গাজালেহ ( ৮ জানুৱাৰী ১৯৪৯ – ২৮ নৱেম্বৰ ১৯৬৮) আছিল এগৰাকী পেলেষ্টাইনী উগ্ৰপন্থী। পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ পপুলাৰ ফ্ৰণ্ট ফৰ দ্য লিবাৰেচন অৱ পেলেষ্টাইন (পিএফএলপি)ত যোগদান কৰে আৰু ইজৰাইলে পশ্চিম তীৰ দখলৰ বিৰোধিতা কৰা পেলেষ্টাইনী ফেডাইনত অংশগ্ৰহণ কৰা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম। নাবলুছৰ ঘৰত বোমা প্ৰস্তুত কৰি থকা অৱস্থাত দুৰ্ঘটনাত নিহত হয় ছাদিয়া। তেওঁক পেলেষ্টাইনত শ্বহীদ আৰু ইজৰাইলত সন্ত্ৰাসবাদী হিচাপে গণ্য কৰা হৈছে।

জীৱনী

১৯৪৯ চনৰ ৮ জানুৱাৰীত১ জৰ্ডানৰ দখলত থকা পশ্চিম পাৰৰ পেলেষ্টাইনৰ নাবলুছ চহৰত ছাদিয়া আবু গাজালেহৰ জন্ম হৈছিল। তেওঁ নাবলুছৰ ফাতিমিদ স্কুল ফৰ গাৰ্লছত আৰু পিছলৈ আল-আইছিয়া স্কুলত শিক্ষা গ্ৰহণ কৰে। স্কুলত পঢ়ি থকাৰ সময়তে ১৯৬০ চনৰ আৰম্ভণিতে আৰব জাতীয়তাবাদী আন্দোলনত (এএনএম) যোগদান কৰে।

স্কুলৰপৰা স্নাতক হোৱাৰ পিছত ১৯৬৬ চনত তেওঁ সংযুক্ত আৰব গণৰাজ্যৰ কাইৰোলৈ (বৰ্তমান ইজিপ্ত) গুচি যায় আৰু তাৰপৰা আইন শ্বামছ বিশ্ববিদ্যালয়ত এবছৰ সমাজবিজ্ঞান আৰু মনোবিজ্ঞান অধ্যয়ন কৰে। ১৯৬৭ চনত ইজৰাইলে পশ্চিম পাৰ দখল কৰাৰ পাছত তেওঁ পেলেষ্টাইনলৈ উভতি যায়, পৰিয়ালে তেওঁক বিৰত ৰাখিবলৈ চেষ্টা কৰাৰ পাছতো। তেওঁ পুনৰ নাবলাছলৈ গুচি যায় আৰু তাৰপৰাই তেওঁ আন-নাজাহ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত শিক্ষা সম্পূৰ্ণ কৰে।

১৯৬৭ চনত এএনএমৰ প্ৰাক্তন সদস্যসকলে প্ৰতিষ্ঠা কৰা নৱজাত পপুলাৰ ফ্ৰণ্ট ফৰ দ্য লিবাৰেচন অৱ পেলেষ্টাইন (পিএফএলপি)ত যোগদান কৰে। তেওঁ দ্ৰুতগতিত পদবীসমূহ অতিক্ৰমি সংস্থাটোৰ অন্যতম আগশাৰীৰ ব্যক্তিত্ব হিচাপে পৰিগণিত হয়। দখল কৰা পশ্চিম পাৰত পেলেষ্টাইনী ফেডাইনত অংশগ্ৰহণ কৰা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম আছিল তেওঁ। তেওঁ মহিলা ইউনিটসমূহ সংগঠিত আৰু নেতৃত্ব দিছিল, আৰু দখলৰ বিৰুদ্ধে কেইবাটাও সামৰিক অভিযানত অংশগ্ৰহণ কৰিছিল। সশস্ত্ৰ কাৰ্যত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰি তেওঁ পৰম্পৰাগত পেলেষ্টাইনী লিংগ ভূমিকাৰপৰা আঁতৰি আহিছিল, যিয়ে মহিলাসকলক পৰিয়ালৰ সদস্যৰ যত্ন লোৱাৰ ভূমিকাতে সীমাবদ্ধ কৰি ৰাখিছিল।২

১৯৬৮ চনৰ ২৮ নৱেম্বৰত আবু গাজালেহ নিজৰ ঘৰত বোমা প্ৰস্তুত কৰি থকাৰ সময়তে নিহত হয়। ইজৰাইলৰ টেল আভিভ চহৰৰ এটা অট্টালিকা উৰুৱাই দিবলৈ বোমাটো ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল।৩ ভুলবশতঃ বোমাটো বিস্ফোৰণ হোৱাত তেওঁৰ মৃত্যু হয়।

উত্তৰাধিকাৰ

ইজৰাইলৰ দখল প্ৰতিহত কৰি হত্যা কৰা প্ৰথমগৰাকী পেলেষ্টাইনী মহিলা হিচাপে৪ আবু গাজালেহক পেলেষ্টাইনী জাতীয়তাবাদী আন্দোলনে বহুলভাৱে শ্বহীদ বুলি গণ্য কৰে। ইজৰাইলৰ সূত্ৰত তেওঁক সন্ত্ৰাসবাদী বুলিও বৰ্ণনা কৰা হৈছে।৫

ইজৰাইলৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামত মহিলাৰ অংশগ্ৰহণৰ উদাহৰণ হিচাপে আবু গাজালেহক সঘনাই উল্লেখ কৰা হৈছে; তেওঁক ডালাল মোঘ্ৰাবি আৰু লেইলা খালেদকে ধৰি অন্যান্য পেলেষ্টাইনী উগ্ৰপন্থী মহিলাৰ সৈতে তালিকাভুক্ত কৰা হৈছে। আনকি খালেদে নিজেই আবু গাজালেহৰ নামকো তেওঁৰ নম ডি গুৱেৰ হিচাপে গ্ৰহণ কৰিছিল।৬ দক্ষিণ আফ্ৰিকাৰ সমাজবাদী সংগঠন আবাহলালি বেছমজোণ্ডোলোৰ কাৰ্যালয়ত আবু গাজালেহৰ এখন প্ৰতিকৃতি ৰখা হৈছে, লগতে আন কেইবাজনো বিপ্লৱী ব্যক্তিৰ প্ৰতিকৃতিও ৰখা হৈছে।৭

২০১৪ চনৰ আৰম্ভণিতে পেলেষ্টাইনী ছোৱালীৰ বাবে এখন নতুন মাধ্যমিক বিদ্যালয়ৰ নাম আবু গাজালেহৰ নামেৰে ৰখা হয়; ইজৰাইলৰ সংগঠন আৰুট্জ শ্বেভা আৰু পেলেষ্টাইন মিডিয়া ৱাচে ইয়াক পেলেষ্টাইন কৰ্তৃপক্ষৰ সন্ত্ৰাসবাদৰ প্ৰচাৰ বুলি দাবী কৰে। বিদ্যালয়খনৰ এগৰাকী পেলেষ্টাইনী ছাত্ৰই আবু গাজালেহক "বিস্ময়কৰ পেলেষ্টাইনী যোদ্ধাৰ আৰ্হি" বুলি ধৰি লৈছিল আৰু কৈছিল যে তেওঁলোকে "এই বিদ্যালয়ত তেওঁৰ পথ অনুসৰণ কৰে।"৮ ২০২৩ চনৰ ডিচেম্বৰ মাহত ইজৰাইলৰ গাজা ষ্ট্ৰিপ আক্ৰমণৰ সময়ত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) হত্যাকাণ্ড সংঘটিত কৰা বুলি কোৱা হৈছে।৯

তথ্যসূত্ৰ

  1. ↑ Passia 2018
  2. ↑ Hawari 2019
  3. ↑ Toubi 2019
  4. ↑ Omar 2022, পৃ. 22
  5. ↑ Williamson 2024
  6. ↑ Khalili 2007, পৃ. 123
  7. ↑ Aadnesgaard 2023
  8. ↑ Williamson 2024
  9. ↑ Zaanin 2023

সম্পৰ্কিত শ্ৰেণী

মহিলা উগ্ৰপন্থী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাদিয়া আবু গাজালেহ” প্ৰবন্ধৰ সংশোধন ৫৭৫২৩৪ (৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।