অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছাট'কো ইছিমিন

ছাট'কো ইছিমিন (ইংৰাজী: Satoko Ishimine; জন্ম: ৩ অক্টোবৰ ১৯৭৫) এগৰাকী জাপানী গায়িকা আৰু গীতিকাৰ৷ তেওঁ ১৯৯২ চনত কেৱল ১৬ বছৰ বয়সতে ১৬ সংখ্যক বাৰ্ষিক নাগাছাকি সংগীত মহোৎসৱৰ (16th annual Nagasaki Singing Festival) গ্ৰেণ্ড প্ৰিক্স লাভ কৰি খ্যাতি লাভ কৰে৷ ইয়াৰ ফলত তেওঁ টোছিবা ইএমআইৰ (Toshiba EMI) সৈতে…

হালনাগাদ: ৬ জুন ২০২৫ ২৪২ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ছাট'কো ইছিমিন (ইংৰাজী: Satoko Ishimine; জন্ম: ৩ অক্টোবৰ ১৯৭৫) এগৰাকী জাপানী গায়িকা আৰু গীতিকাৰ৷ তেওঁ ১৯৯২ চনত কেৱল ১৬ বছৰ বয়সতে ১৬ সংখ্যক বাৰ্ষিক নাগাছাকি সংগীত মহোৎসৱৰ (16th annual Nagasaki Singing Festival) গ্ৰেণ্ড প্ৰিক্স লাভ কৰি খ্যাতি লাভ কৰে৷ ইয়াৰ ফলত তেওঁ টোছিবা ইএমআইৰ (Toshiba EMI) সৈতে গীত বাণীবদ্ধ কৰাৰ চুক্তি লাভ কৰে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ইছিমিনে গীতৰ প্ৰশিক্ষণ আৰু নৃত্যৰ পাঠ ল’বলৈ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছলৈ যায়। ১৯৯৪ চনৰ নৱেম্বৰ মাহত তেওঁ প্ৰথমটো একক গীত ডয়'বি টু পেন টু উডেড'কেই (Doyōbi to Pen to Udedokei, শনিবাৰ, পেন আৰু হাতঘড়ী) মুকলি কৰে।

১৯৯৫ চনৰ মাৰ্চ মাহত “৫ম এন.এইছ.কে নৱাগত গায়ন প্ৰতিযোগিতা”ত (5th NHK's Newcomer Singing Contest) ইছিমিনে প্ৰথম পুৰস্কাৰ লাভ কৰে। মে’ মাহত তেওঁ ছবি হিমেয়ুৰি নো টো (হিমেয়ুৰিৰ টাৱাৰ)ৰ বাবে প্ৰথমে শ্বৌকিচি কিনাই বাণীবদ্ধ কৰা বিখ্যাত গীত হানাৰ কভাৰ সংস্কৰণ মুকলি কৰে। এয়া তেওঁৰ তৃতীয়টো একক গীত আছিল আৰু গীতটোৰ প্ৰায় ৫ লাখতকৈ অধিক প্ৰতিলিপি বিক্ৰী হয়। বছৰৰ শেষৰ ফালে এই গীতটোৰ বাবে তেওঁ “৪৬ সংখ্যক বাৰ্ষিক এন এইচ কে কোহাকু উটা গাচেন”ত (46th annual NHK Kōhaku Uta Gassen) অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হয়।

প্ৰাৰম্ভিক জীৱন

জাপানৰ অকিনাৱা প্ৰিফেকচাৰৰ নাহা চহৰত তিনিগৰাকী ভগ্নীৰ আটাইতকৈ সৰু ভগ্নী হিচাপে ছাট'কো ইছিমিনৰ জন্ম হৈছিল। তেওঁৰ পৰিয়ালে দ্য কাৰ্পেণ্টাৰছ আৰু দ্য বিটলছৰ দৰে কিংবদন্তি বিদেশী সংগীতজ্ঞৰ গীত শুনি ভাল পাইছিল। দহ বছৰ বয়সৰ পৰাই তেওঁ এগৰাকী পেছাদাৰী গায়িকা হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল।১ সৰুৰে পৰা ইছিমিনে গীত গাইছিল আৰু তেওঁৰ গীত সকলোৱে প্ৰশংসা কৰিছিল৷২ সংগীত পৰিচালক আয়ামি মাটছুওৰ সহযোগত৩ তেওঁ আই টিউনছত তিনিটা গীত মুকলি কৰে।৪

তথ্যসূত্ৰ

  1. ↑ 「その頃のわたしは、歌手になりたいということを恥ずかしくて言えずにいたのですが 」. Official blog. May 2, 2007
  2. ↑ 「石嶺聡子、開花…葛藤乗り越え自分色咲いた 」. ZAKZAK. January 23, 2004
  3. ↑ 「ディレクターの松尾さんも誘って。 」. Official blog. February 3, 2015
  4. ↑ 「10年ぶりとなる新譜3曲がiTunes Storeにて配信スタートしました。 」. Official blog. June 29, 2013

সম্পৰ্কিত শ্ৰেণী

জাপানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাট'কো ইছিমিন” প্ৰবন্ধৰ সংশোধন ৫১৫৬০৬ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।