অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চালভাড' ডালি

চালভাড' ডমিনিক ফেলিপ জেচিন্ত ডালি ই ডমিনিচ, মাৰ্কুচ দে পিউবল (১১ মে', ১৯০৪ – ২৩ জানুৱাৰী, ১৯৮৯), বা অধিক জনাজাত চালভাড' ডালি, আছিল ফিগুৱেৰেচত জন্মলাভ কৰা এজন প্ৰখ্যাত স্পেনীয় কাটালান চিত্ৰশিল্পী। ডালি কৌশলগত নক্সাত পাৰ্গত আছিল।

হালনাগাদ: ১৪ মাৰ্চ ২০২৪ ৩২১ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

চালভাড' ডমিনিক ফেলিপ জেচিন্ত ডালি ই ডমিনিচ, মাৰ্কুচ দে পিউবল (১১ মে', ১৯০৪ – ২৩ জানুৱাৰী, ১৯৮৯), বা অধিক জনাজাত চালভাড' ডালি, আছিল ফিগুৱেৰেচত জন্মলাভ কৰা এজন প্ৰখ্যাত স্পেনীয় কাটালান চিত্ৰশিল্পী।

ডালি কৌশলগত নক্সাত পাৰ্গত আছিল। তেখেত চাৰিয়েলিজম বা অধিবাস্তৱবাদী ধাৰাৰ অদ্ভুত অথচ চকুতলগা চিত্ৰসমূহৰ বাবে জনপ্ৰিয় হৈ পৰিছিল। ৰেঁনেচা যুগৰ শিল্পীসকলৰ প্ৰভাৱ তেখেতৰ চিত্ৰত পৰা বুলিও কোৱা হয়১২। তেখেতৰ সৰ্বোৎকৃষ্ট কৰ্ম, দা পাৰ্চিচ্‌টেন্স অৱ মেম'ৰী ১৯৩১ চনত সমাপ্ত হয়। তাৰ উপৰিও তেখেতৰ চলচ্চিত্ৰ, ভাস্কৰ্য আৰু আলোকচিত্ৰ গ্ৰহণতো দখল আছিল যাক বিভিন্ন ক্ষেত্ৰত আন আন বহুতো শিল্পীৰ লগত ফুটাই তুলিছিল।

ডালিৰ কল্পনাশক্তি আছিল প্ৰচুৰ, লগতে আচহুৱা আচৰণৰ প্ৰতি তেখেতৰ অহেতুক প্ৰীতি আছিল। অপ্ৰকৃতিস্থ ব্যৱহাৰ আৰু মনোযোগ আকৰ্ষণৰ বাবে কৰা ৰাজহুৱা কাম-কাজ কিছুমানে মাজে-সময়ে তেখেতৰ চিত্ৰশিল্পতকৈ অধিক প্ৰচাৰ লাভ কৰিছিল। ইয়াৰ বাবে তেখেত অনুৰাগী আৰু সমালোচকসকলৰ অপ্ৰিয়ভাজন হৈছিল৩।

উল্লেখযোগ্য যে এইগৰাকী চিত্ৰকৰৰ 'The Persistence of Memory' নামৰ ছবিখনৰ পৰা অনুপ্ৰাণিত হৈ অসমৰ সংগীতৰ কিম্বদন্তি ভূপেন হাজৰিকাই তেওঁৰ 'জীৱন ঘড়ীৰ প্ৰতিটো পল যেন গলি গলি গ'ল....' শীৰ্ষক গীতটি ৰচনা কৰিছিল। ৪

জীৱন

The Dalí family in 1910: from the upper left, aunt Maria Teresa, mother, father, Salvador Dalí, aunt Catherine (later became second wife of father), sister Ana Maria and grandmother Ana.
The Dalí family in 1910: from the upper left, aunt Maria Teresa, mother, father, Salvador Dalí, aunt Catherine (later became second wife of father), sister Ana Maria and grandmother Ana.ছবি: Josep Pichot (1869-1921) · Public domain

১৯০৪ চনৰ ১১ মেত স্পেইনত চালভাড' ডালিৰ জন্ম হয়। ৫৬ ডালিয়ে শৈশৱতে চিত্ৰশিল্প অধ্যয়ন কৰিবলৈ লয়। ১৯১৯ চনত ডালিৰ চিত্ৰসমূহৰ প্ৰথমখন ৰাজহুৱা প্ৰদৰ্শনী হয়। ডালিৰ ১৬ বছৰ বয়সত ১৯২১ চনত মাকৰ মৃত্যু হয়। এই ঘটনাই ডালিৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়। ১০২২ চনত ডালিয়ে মাদ্ৰিদলৈ গৈ 'Real Academia de Bellas Artes de San Fernando'ত অধ্যয়ন কৰিবলৈ লয়। এই কালছোৱাত ডালিৰ জীৱনত নানাধৰণৰ সংঘাতে দেখা দিয়ে। কিন্তু ইয়াৰ লগে লগে চিত্ৰশিল্পৰ সাধনায়ো পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হয়। এই সময়ছোৱাতে ডালিয়ে পেৰিছত পাব্‌ল' পিকাছ'ৰ সান্নিধ্য লাভ কৰে আৰু পৰৰ্ৱত্তীকালৰ চিত্ৰসমূহত ইয়াৰ প্ৰভুত প্ৰভাৱ পৰা দেখা যায়।

১৯৪৯ চনত ডালি স্পেইনলৈ যায় আৰু জীৱনৰ বাকী কালছোৱা তাতে কটায়। ১৯৮০ চনত ডালিৰ স্বাস্থ্যৰ গুৰুতৰভাৱে অৱনতি ঘটে। ১৯৮২ চনৰ জুন মাহৰ ১০ তাৰিখে ৮৭ বছৰ বয়সত ডালিৰ পত্নী গালাৰ মৃত্যু হয়। গালাৰ মৃত্যুয়ে ডালিৰো জীয়াই থকাৰ স্পৃহা কমাই আনে। ইয়াৰে ফলস্বৰূপে ডালিয়ে আত্মহত্যাৰো চেষ্টা কৰা বুলি জনা যায়।

artist Man Ray in Paris on June 16, 1934.]]

১৯৮৯ চনৰ ২৩ জানুৱাৰীত হৃদযন্ত্ৰ বিকল হৈ ডালিৰ ৮৪ বছৰ বয়সত মৃত্যু হয়।৭

তথ্যসূত্ৰ

  1. ↑ Phelan, Joseph, ',The Salvador Dalí Show. Artcyclopedia.com
  2. ↑ Dalí, Salvador. (2000) Dalí: 16 Art Stickers, Courier Dover Publications. ISBN 0-486-41074-9
  3. ↑ Saladyga, Stephen Francis. "The Mindset of Salvador Dalí" . lamplighter (Niagara University). Vol. 1 No. 3, Summer 2006. Retrieved July 22, 2006
  4. ↑ ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীতৰ অনুপ্ৰেৰণা ডালিৰ বিখ্যাত ছবি
  5. ↑ Birth certificate and Dalí Biography. Dalí Museum
  6. ↑ Dalí, The Secret Life of Salvador Dalí, 1948, London: Vision Press, p.33
  7. ↑ Etherington -Smith, Meredith The Persistence of Memory: A Biography of Dalí pp. xxiv, 411–412, 1995 Da Capo Press, ISBN 0-306-80662-2

সম্পৰ্কিত শ্ৰেণী

স্পেইনৰ ব্যক্তিচিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চালভাড' ডালি” প্ৰবন্ধৰ সংশোধন ৪১১৫৬৮ (১৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।