অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চায়েণ্টিফিক টেম্পেৰামেণ্ট

চায়েণ্টিফিক টেম্পেৰামেণ্ট ‘চায়েণ্টিফিক টেম্পেৰামেণ্ট’ হৈছে অসমৰ চৰকাৰী পঞ্জীয়নভূক্ত বিজ্ঞান আৰু বিজ্ঞান মানসিকতাৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কৰ্মৰত অগ্ৰণী সামাজিক অনুষ্ঠান। বিজ্ঞান শিক্ষাৰ বাবে ‘চায়েণ্টিফিক টেম্পেৰামেণ্ট’ সংস্থাই সামাজিক মাধ্যম, চ’চিয়েল মিডিয়াৰ মাধ্যমেৰে বিভিন্ন কাম কৰি আহিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২০ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

চায়েণ্টিফিক টেম্পেৰামেণ্ট ‘চায়েণ্টিফিক টেম্পেৰামেণ্ট’ হৈছে অসমৰ চৰকাৰী পঞ্জীয়নভূক্ত বিজ্ঞান আৰু বিজ্ঞান মানসিকতাৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কৰ্মৰত অগ্ৰণী সামাজিক অনুষ্ঠান। বিজ্ঞান শিক্ষাৰ বাবে ‘চায়েণ্টিফিক টেম্পেৰামেণ্ট’ সংস্থাই সামাজিক মাধ্যম, চ’চিয়েল মিডিয়াৰ মাধ্যমেৰে বিভিন্ন কাম কৰি আহিছে। সেইদৰে এই সংস্থাৰ পৰাই ‘অনুৰণন’ শীৰ্ষক এখন ই-আলোচনী প্ৰকাশ হৈ আছে। এই আলোচনীখনেই হৈছে অসমৰ প্ৰথম বিজ্ঞান ভিত্তিক ই-আলোচনী। ই-আলোচনীখনৰ ISSN হৈছে- ২৫২৮-২০০৫৫।১

বিৱৰণ

scientifictemperament.in প্লেটফৰ্ম টি অসমৰ অসমীয়া ভাষাৰ সৰ্বপ্ৰথম প্লেটফৰ্ম য’ত মাতৃ ভাষাত বিজ্ঞান আৰু বৈজ্ঞানিক চিন্তা ধাৰাৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে একেলেথাৰিয়ে কেইবাটাও বিভাগ সামৰি কাম কৰি থকা হৈছে। এই প্লেটফৰ্ম টি প্ৰথমে আৰম্ভ হৈছিল ইয়ুটিউব চেনেল এটিৰ জৰিয়তে। পৰৱৰ্তী সময়ত ২০১৯ চনৰে বহাগ বিহুৰ মানুহ বিহুৰ দিনাই প্লেটফৰ্মটিৰ ৱেবচাইট এটি মুকলি কৰা হয়। প্লেটফৰ্ম টিৰ বৰ্তমানৰ সভাপতি আৰু ইয়ুটিউবৰ ভিদিঅ’ সমূহৰ তত্ত্বাবধায়ক হিচাপে ৰিপুঞ্জয় বৰদলৈয়ে কাম কৰি আছে। এই প্লেটফৰ্মটিৰ পৰা প্ৰকাশ হয় দুমহীয়া বিজ্ঞান ই আলোচনী ‘অনুৰণন’। ইয়াৰ তত্ত্বাবধায়ক হৈছে ডo সংগীতা বৰুৱা। দুমাহৰ মূৰে মূৰে কেইবাটাই জনপ্ৰিয় শিতানলৈ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত প্ৰকাশ পোৱা এই বিজ্ঞান ই আলোচনী খনেই হৈছে International Standard Serial Number (ISSN – ২৫৮২-২০৫৫) থকা অসমৰ প্ৰথমখন বিজ্ঞান ই আলোচনী। এই সংস্থাটোৰ ৱেবচাইটটোৰ লিংক হ’ল scientifictemperament.in।

তথ্যসূত্ৰ

  1. ↑ scientifictemperament.in

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চায়েণ্টিফিক টেম্পেৰামেণ্ট” প্ৰবন্ধৰ সংশোধন ২৪৬৪৯২ (২৩ ছেপ্তেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।