চলো দিল্লী ২০১১ চনত ৰিলিজ হোৱা শশান্ত শ্বাহ পৰিচালিত আৰু ২০১০ চনৰ আমেৰিকান ছবি "দিউ দেট"ৰ (Due Date) আধাৰত নিৰ্মিত কম বাজেটৰ এখন অলপ অগতানুগতিক হিন্দী ছবি। ইয়াত বিনয় পাঠক আৰু লাৰা দত্তই অভিনয় কৰিছে। অভিনেতা অক্ষয় কুমাৰে ইয়াত অতিথি শিল্পী ৰূপে ভূমুকি মাৰিছে। এৰ'চ ইণ্টাৰনেচনেল মিডিয়া লিমিটেড আৰু লাৰাৰ স্বামী মহেশ ভূপতিৰ বিগ ডেডী প্ৰোডাকচনৰ দ্বাৰা নিৰ্মিত এই ছবিখনৰ দৃশ্যগ্ৰহণ মুম্বাই, দিল্লী আৰু জয়পুৰত কৰা হৈছে।১ ২০১১ৰ ২৯ এপ্ৰিলত ছবিখনে মুক্তি পায়।২-
কাহিনী
নায়িকা মুম্বাইৰ এটি বৃহৎ কোম্পানীৰ মুখ্য বিষয়া ৷ বিমানেৰে মুম্বাইৰ পৰা দিল্লীলৈ ৰাওনা হওঁতে অনিবাৰ্য কাৰণত নিশা জয়পুৰত অৱতৰণ কৰিবলগীয়া হ'ল৷ নায়িকাই প্ৰি-পেইড টেক্সিৰে অকলে জয়পুৰৰ পৰা দিল্লীলৈ ৰাওনা হয়৷ তেওঁ অসীম সাহসী, নিজকে 'অবলা' বুলি কেতিয়াও নাভাবে৷ বাটত মন্নু গুপ্তা নামৰ ব্যৱসায়ীজনক পৰিস্থিতিৰ তাগিদাত টেক্সিত উঠাই লবলগীয়া হয়৷ কাহিনীৰ আচল ৰোমাঞ্চ এইখিনিৰ পৰাই আৰম্ভ হয়৷ ভাগৰুৱা নিদ্ৰাতুৰ টেক্সি ড্ৰাইভাৰক আঁতৰাই চালকৰ আসনত বহে মন্নু গুপ্তা৷ বাট ভুল কৰি ওলোটা পথেৰে যাওঁতে টেক্সিৰ বিজুটি ঘটে৷ টেক্সি ভাল হোৱালৈ প্ৰতীক্ষা কৰাৰ সময়খিনি কটাবলৈ এখন ট্ৰাকত দুয়ো উঠি হাইৱেৰ এখন ধাবালৈ আহে৷ ধাবাত নিগনি,সাপ,পইতাচোৰা, শিয়ালৰ আতংকৰ মাজত অনেক ধেমেলিয়া দৃশ্যৰ অৱতাৰণা হয়৷ চাইকেললৈ মন্নু গুপ্তাই টেক্সিখন ভাল হ'ল নাই চাবলৈ যায়৷ টেক্সি ভাল নোহোৱা দেখি নিজৰ বাকচ আৰু বেগ উঠাই লৈ আহে৷ কিন্তু সহযাত্ৰী নায়িকাৰ বেগটো আনিবলৈ পাহৰে৷ কিছু দূৰৈত থকা ৰেলষ্টেচনলৈ বুলি উটৰ গাড়ী আৰু বাচেৰে যাত্ৰা কৰে৷ৰেলৰ টিকট কাটিবলৈ লৈ নায়িকাই গম পায় পাৰ্চটো ফাটি টকা কৰবাত পৰিল৷ ৰেলখন ইতিমধ্যে চলিবলৈ আৰম্ভ কৰিছে৷ মন্নু গুপ্তাই ৰেলৰ চেইন টানি নায়িকাক ৰেলত উঠায়৷ বিনা টিকটৰ সমস্যাটো মন্নু গুপ্তাই সমাধান কৰে যদিও টিটিৰ দূৰ্নাম গোৱাত ৰেলৰ চেইন টনাৰ অপৰাধত দুয়োকে ৰেলৱে পুলিচত জমা দিয়ে৷ ডকাইতে নিজৰ সংগীৰ সৈতে দুয়োকে উদ্ধাৰ কৰে৷ডকাইতৰ হাতৰ পৰা মুকলি হৈ সৰু চহৰ এখনৰ হোটেলৰ এটা কোঠাত দুয়ো আশ্ৰয় লয়৷ হোটেলৰ পৰা মোবাইল চাৰ্জ কৰিবলৈ সক্ষম হোৱাত নায়িকাই দিল্লীত প্ৰতীক্ষাত থকা গিৰিয়েকক মাতি পঠায়৷ কিন্তু দুটা দলৰ সংঘৰ্ষৰ ফলত চহৰখনত কাৰফিউ হয়৷ অৱশেষত নায়কে আহি নায়িকা আৰু মন্নু গুপ্তাক নিজৰ গাড়ীৰে দিল্লীলৈ লৈ আহিবলৈ সক্ষম হয়৷ দিল্লীত আহি পাই নায়িকাই উদঘাটন কৰে যে হাঁহিমাতি থকা মন্নু গুপ্তা পৰিবাৰ যোৱা দুটা বছৰ ধৰি ক'মাত আক্ৰান্ত হৈ শয্যাশায়ী৷মন্নু গুপ্তাৰ মূখত 'ইচমে কৌনচি বৰী বাত হ্যেই'- চিনেমাখনৰ এক উল্লেখযোগ্য ডাইলগ ৷ নায়িকা লাৰা দত্তৰ সৈতে মন্নু গুপ্তাৰ অভিনয় কৰা বিনয় পাঠকৰ অভিনয় চিনেমাখনৰ এক সম্পদ৷ চিত্ৰ সমালোচকে এই চিনেমাখনক ৫ৰ ভিতৰত ৪ৰে মূল্যাকংণ কৰিছে৷
তথ্যসূত্ৰ
- ↑ (1 March 2011). Mahesh Bhupathi turns producer for Lara Dutta. Times of India
- ↑ (10 March 2011). Lara, Vinay: An odd couple. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চল' দিল্লী” প্ৰবন্ধৰ সংশোধন ৪০৩০১১ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।