অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

গোৰক্ষাসন

গোৰক্ষাসন, (গোপালকৰ ভংগিমা) হঠযোগত বহি থকা আসন। ধ্যান আৰু তান্ত্ৰিক সাধনাত ইয়াৰ ব্যৱহাৰ কৰা হৈছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ
যোগ-প্ৰদীপিকাত উল্লেখ থকা ভদ্ৰগোৰক্ষাসন
যোগ-প্ৰদীপিকাত উল্লেখ থকা ভদ্ৰগোৰক্ষাসনছবি: Jogapradipika manuscript illustrator, probably from the Punjab, India, 1830 · Public domain

গোৰক্ষাসন, (গোপালকৰ ভংগিমা) হঠযোগত বহি থকা আসন। ধ্যান আৰু তান্ত্ৰিক সাধনাত ইয়াৰ ব্যৱহাৰ কৰা হৈছে।

ব্যুৎপত্তি আৰু উৎপত্তি

নাথ-যোগী সম্প্ৰদায়ৰ পৰম্পৰাৰ প্ৰতিষ্থাপক ঋষি গোৰক্ষনাথৰ নামেৰে এই ভংগিমাৰ নামকৰণ কৰা হৈছে, যিজনে ধ্যান-ধাৰণাৰ বাবে এই ভংগিমা ব্যৱহাৰ কৰিছিল বুলি কোৱা হয়। সেই অনুসৰি তেওঁৰ তান্ত্ৰিক ভক্ত কনফটা যোগীসকলে ইয়াক চৰ্চা কৰে। ই কুণ্ডলিনীক জাগ্ৰত কৰে আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া বন্ধ কৰে বুলি কোৱা হয়।১২ সংস্কৃত শব্দ আসনৰ অৰ্থ হৈছে "ভংগিমা" বা "আসন।" ৩৪

গোৰক্ষাসনৰ উৎপত্তি মধ্যযুগীয়, চতুৰ্দশ শতিকাৰ শিৱ সংহিতা ৩.১০৮-১১২, পঞ্চদশ শতিকাৰ হঠযোগ প্ৰদীপিকা ১.২৮-২৯, আৰু ১৭ শতিকাৰ ঘেৰান্দ সংহিতা ২.২৪কে ধৰি হঠযোগ গ্ৰন্থসমূহত বৰ্ণনা কৰা হৈছে।

বিৱৰণ

গোৰক্ষাসন হৈছে বদ্ধ কনাসনৰ দৰে (মধ্যযুগত ভদ্ৰাসন নামেৰে জনাজাত) ভৰিৰ তলুৱা একেলগে হেঁচা মাৰি আঁঠু মাটিত ৰাখি বহি থকা অৱস্থা।১৫

তাৰতম্য

এই ভংগিমাক কেতিয়াবা মূলাবন্ধাসনৰ দৰে ভৰিৰ আঙুলিবোৰ মাটিত আৰু গোৰোহাবোৰ পোনে পোনে ওপৰত ৰখা বুলিও বৰ্ণনা কৰা হয়।২ হঠযোগ প্ৰদীপিকাত যোগীক নিৰ্দেশ দিয়া আছে যে "উৰুৰ সংযোগস্থলৰ দুয়োফালে গোৰোহাবোৰ অণ্ডকোষৰ তলত ৰাখক, বাওঁ ভৰিৰ গোৰোহা বাঁওফালে আৰু সোঁ ভৰিৰ গোৰোহা সোঁফালে ৰাখিব লাগে।" দুয়োখন হাতেৰে ভৰিৰ কাষবোৰ দৃঢ়ভাৱে আৰু স্থিৰভাৱে ধৰি ৰাখক।" ইয়াত দাবী কৰা হৈছে যে, এই ভংগিমাই সকলো ৰোগ ধ্বংস কৰে।৬

একে নামৰ আন ভংগিমা

বি.কে.এছ.আয়েংগাৰৰ ১৯৬৬ চনৰ লাইট অন যোগত গোৰক্ষাসন নামটো এটা বেলেগ ভৰসাম্য ৰক্ষাৰ ভংগিমাত দিয়া হৈছে, য’ত পদ্মাসনৰ দৰে ভৰি দুখন ভাঁজ কৰি আঁঠু দুটা কেৱল মাটিত, নিতম্ব আঁঠুৰ পোনে পোনে ওপৰত আৰু হাত দুখন প্ৰাৰ্থনাৰ অৱস্থাত ৰাখিছে। আয়েংগাৰে ইয়াক "এটা কঠিন ভৰসাম্য ৰক্ষাৰ ভংগিমা আৰু মাত্ৰ কেইছেকেণ্ডমানৰ বাবেহে ভৰসাম্য ৰক্ষা কৰিব পাৰিলেও অভ্যাসকাৰী উল্লসিত হয়।"৩

তথ্যসূত্ৰ

  1. ↑ Tigunait, Pandit Rajmani. Gorakshasana: Master Pose of Tantric Yogis. Yoga International
  2. ↑ (August 2015). Gorakshasana – Yogi Gorakhnath's Pose. Yogic Way of Life
  3. ↑ Iyengar, B. K. S. (1979). ((Light on Yoga|Light on Yoga: Yoga Dipika)). Unwin Paperbacks. পৃ. 142–143
  4. ↑ Wagenaar, Henk W.; Parikh, S. S. (1993). Allied Chambers transliterated Hindi-Hindi-English dictionary. Allied Publishers. পৃ. 223. ISBN 978-81-86062-10-4
  5. ↑ Gorakshasana. Jaisiyaram
  6. ↑ Mallinson, James; Singleton, Mark. (2017). ((Roots of Yoga)). Penguin Books. পৃ. 111. ISBN 978-0-241-25304-5

সম্পৰ্কিত শ্ৰেণী

স্বাস্থ্যযোগাসন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোৰক্ষাসন” প্ৰবন্ধৰ সংশোধন ৬৩১৭৯১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।