অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গে' স্বীকাৰাত্মক মনোচিকিৎসা

গে' স্বীকাৰাত্মক মনোচিকিৎসা (ইংৰাজী:Gay affirmative psychotherapy) হল অবিপৰীতকামী বিশেষকৈ গে' আৰু লেছবিয়ান সকলৰ বাবে এক প্ৰকাৰৰ মনোচিকিৎসা যত নিজৰ বিশ্বাসযোগ্যতা আৰু নিজক গ্ৰহণ কৰিবলৈ শিকোৱা হয় যাতে ব্যক্তিজনে নিজৰ যৌন আৰু প্ৰেম অভিমুখীতাক সলনি কৰিবলৈ নিবিচাৰে বা একে লিংগৰ প্ৰতি থকা প্ৰেম আৰু…

হালনাগাদ: ২৮ নৱেম্বৰ ২০২১ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

গে' স্বীকাৰাত্মক মনোচিকিৎসা (ইংৰাজী ভাষা:Gay affirmative psychotherapy) হল অবিপৰীতকামী বিশেষকৈ গে' আৰু লেছবিয়ান সকলৰ বাবে এক প্ৰকাৰৰ মনোচিকিৎসা যত নিজৰ বিশ্বাসযোগ্যতা আৰু নিজক গ্ৰহণ কৰিবলৈ শিকোৱা হয় যাতে ব্যক্তিজনে নিজৰ যৌন আৰু প্ৰেম অভিমুখীতাক সলনি কৰিবলৈ নিবিচাৰে বা একে লিংগৰ প্ৰতি থকা প্ৰেম আৰু আকৰ্ষণক শেষ কৰিবলৈ বা দবাই ৰাখিবলৈ চেষ্টা নকৰে। আমেৰিকা মনোবিজ্ঞান সংস্থাই গে' স্বীকাৰাত্মক মনোচিকিৎসাৰ নিৰ্দেশিকা আৰু উপকৰণ প্ৰদান কৰে।১ স্বীকাৰাত্মক মনোচিকিৎসাই কয় যে সমকামিতা কোনো মানসিক ৰোগ নহয়। বৰঞ্চ গে' পৰিচয়ক আঁকোৱালি ললে অন্য কিছু মানসিক ৰোগ বা নিচা সেৱনৰ দৰে সমস্যাৰ পৰা মুক্তি পোৱাত সহায়ক হয়।২ যিসকল ৰোগীৰ ধৰ্মীয় বিশ্বাস সমকামিতাৰ বিৰূদ্ধে তেওঁলোকৰ ক্ষেত্ৰত অন্য প্ৰকাৰৰ ব্যৱস্থাৰ প্ৰয়োজন যত তেওঁলোকৰ পৰস্পৰ বিৰোধী ধর্মীয় মতবাদ আৰু প্ৰেম তথা যৌন অভিমুখীতা একত্রিকৰণ কৰিব পৰা যায়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Practice Guidelines by American psychological association
  2. ↑ Practice Guidelines by American psychological association
  3. ↑ Haldeman, Douglas (2004). When Sexual and Religious Orientation Collide:: Considerations in Working with Conflicted Same-Sex Attracted Male Clients

সম্পৰ্কিত শ্ৰেণী

সমকামিতাএলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গে' স্বীকাৰাত্মক মনোচিকিৎসা” প্ৰবন্ধৰ সংশোধন ৩০৭৮৭৭ (২৮ নৱেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।