অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

গল্ফ

গল্ফ হৈছে এটি এককভাৱে খেলা ক্ৰীড়া, য'ত খেলুৱৈয়ে এবিধ গল্ফ ষ্টিক (club) ব্যৱহাৰ কৰি বলটো দূৰৰ পৰা সৰু গাঁতত পেলোৱাৰ চেষ্টা কৰে। প্ৰতিটো খেলুৱৈয়ে বিভিন্ন ধৰণৰ ষ্টিক ব্যৱহাৰ কৰে, যাক "ক্লাব" বোলে। ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি পাটাৰলৈ, ভিন্ন ক্লাব বিভিন্ন উদ্দেশ্যত ব্যৱহৃত হয়।

হালনাগাদ: ১৭ জুন ২০২৫ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গল্ফ হৈছে এটি এককভাৱে খেলা ক্ৰীড়া, য'ত খেলুৱৈয়ে এবিধ গল্ফ ষ্টিক (club) ব্যৱহাৰ কৰি বলটো দূৰৰ পৰা সৰু গাঁতত পেলোৱাৰ চেষ্টা কৰে। প্ৰতিটো খেলুৱৈয়ে বিভিন্ন ধৰণৰ ষ্টিক ব্যৱহাৰ কৰে, যাক "ক্লাব" বোলে। ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি পাটাৰলৈ, ভিন্ন ক্লাব বিভিন্ন উদ্দেশ্যত ব্যৱহৃত হয়। গল্ফ অলিম্পিকত প্ৰথমবাৰ ১৯০০ আৰু ১৯০৪ চনত অন্তৰ্ভুক্ত হৈছিল। পিচত ১১২ বছৰ বাদে ২০১৬ চনত পুনৰ অন্তৰ্ভুক্ত হয়। আধুনিক গল্ফ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ, জাপান আৰু অষ্ট্ৰেলিয়াত বিশেষ জনপ্ৰিয় খেল।

ইতিহাস

গল্ফৰ আধুনিক ৰূপৰ উৎপত্তি ১৫শ শতিকাত স্কটলেণ্ডত হৈছিল। স্কটলেণ্ডৰ পৰ্বতীয়া অঞ্চলত বলক ষ্টিকৰে ঠেলি গাঁতত পেলোৱাৰ এই খেল ধীৰে ধীৰে ইউৰোপত, বিশেষকৈ ইংলেণ্ডত লোকপ্ৰিয় হয়।

১৮৬০ চনত প্ৰথম "The Open Championship" অনুষ্ঠিত হৈছিল, যিটো বিশ্বৰ আটাইতকৈ পুৰণি গল্ফ প্ৰতিযোগিতা।১

খেলাৰ নিয়ম

গল্ফ সাধাৰণতে ৯ বা ১৮ "হোল"যুক্ত কোৰ্ছত খেলা হয়। প্ৰতিটো হোলত খেলুৱৈয়ে বলটো টি (tee) ৰ পৰা মাৰিবলৈ আৰম্ভ কৰে আৰু বলটো গাঁতৰ ফালে ঠেলে। লক্ষ্য হৈছে—সৰ্বনিম্ন ষ্ট্ৰ'কত বলটো গাঁতত পেলোৱা।

তথ্যসূত্ৰ

  1. ↑ History of Golf. Encyclopædia Britannica

সম্পৰ্কিত শ্ৰেণী

কলাবিনোদনখেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গল্ফ” প্ৰবন্ধৰ সংশোধন ৫১৮৬৭৬ (১৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।