গজলক্ষ্মী এগৰাকী হিন্দু দেৱী। হাতীৰ সৈতে থকা এইগৰাকী লক্ষ্মী, হিন্দু দেৱী লক্ষ্মীৰ অষ্টলক্ষ্মী ৰূপবোৰৰ ভিতৰত এটা। এই ৰূপত দেৱীক পদুমৰ ওপৰত বহি থকা আৰু তেওঁৰ দুয়োফালে দুটা হাতীৰে চিত্ৰিত কৰা হৈছে। তেওঁক পদ্মাসনেৰে যোগিক ভঙ্গীত বহি থকা বুলি দেখুওৱা হয়, ইয়াৰোপৰি তেওঁ চতুৰ্ভূজা। দেৱীয়ে ওপৰৰ দুয়োখন হাতেৰে দুপাহ পদুম ধাৰণ কৰে, আৰু তলৰ হাত দুখন সাধাৰণতে অভয় আৰু বৰদা মুদ্ৰা ভঙ্গীত পৰিৱেশিত হয়। দেৱীৰ কাষত থকা হাতী দুটাই দেৱীক শুদ্ধিকৰণ কৰে। হাতী দুটাই দেৱীৰ ওপৰত শুঁড়েৰে পানী ঢালি থাকে। লক্ষ্মীৰ অন্যান্য দিশৰ দৰে এই দিশটোৱে সমৃদ্ধি, সৌভাগ্য আৰু প্ৰাচুৰ্যক প্ৰতিনিধিত্ব কৰে। গজলক্ষ্মীৰ এই স্বৰূপ হিন্দু আৰু বৌদ্ধ মূৰ্তিবিদ্যাত সচৰাচৰ দেখা যায়। স্বামী চিদানন্দৰ ব্যাখ্যা অনুসৰি গজ লক্ষ্মী ("হাতী লক্ষ্মী") হৈছে পশু সম্পদ (যেনে গৰু) বা ৰাজকীয় শক্তি প্ৰদানকাৰী। হিন্দু পৌৰাণিক কাহিনী অনুসৰি, গজ লক্ষ্মীয়ে ইন্দ্ৰই (দেৱতাৰ ৰজা) হেৰুওৱা সম্পদ সাগৰৰ পৰা ঘূৰাই আনিছিল। বসুধা নাৰায়ণনে দেৱীৰ নামটোৰ বাবে "হাতীৰ দ্বাৰা পূজা কৰা" বুলি ব্যাখ্যা কৰিছে।
গজলক্ষ্মীৰ এই চিত্ৰণ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা পিছৰ সময়ছোৱাত সম্ভৱতঃ বৌদ্ধ প্ৰেক্ষাপটত পোৱা গৈছে১ আৰু খ্ৰীষ্টপূৰ্ব ১২৫-১০০পৰা ভাৰহুতৰ বৌদ্ধ স্তুপ সমূহত দেখা পোৱা গৈছে। দেৱীৰ চিত্ৰণ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ এজিলিজৰ মুদ্ৰা আৰু কৌচাম্বিৰ তৃতীয় শতিকাৰ মুদ্ৰাত দেখা পোৱা যায়। এগৰাকী মহিলাৰ সৈতে চিত্ৰিত এটা বা দুটা হাতী গৌতম বুদ্ধৰ জন্মৰ প্ৰতীক বুলি ভবা হয়।
ধ্ৰুপদী স্থানীয় কলিঙ্গ স্থাপত্য শৈলীত উৰিষ্যাৰ মন্দিৰবোৰত প্ৰায়ে ললিতাসনত গজলক্ষ্মীৰ চিত্ৰ থাকে আৰু এই চিত্ৰ তেওঁলোকৰ ললাটবিম্বা বা মন্দিৰৰ দুৱাৰমুখৰ ওপৰত কেন্দ্ৰীয় সুৰক্ষামূলক প্ৰতিচ্ছবি।
কম্বোডিয়াৰ চিয়েম ৰিপৰ বেণ্টেয় শ্ৰেইৰ মন্দিৰৰ টাইম্পানাৰ এটা গোলাপী শিলত গজলক্ষ্মী দেৱীৰ এক সুন্দৰ ভাস্কৰ্যযুক্ত ছবি আছে। এক হাজাৰ বছৰতকৈও অধিক পুৰণি, এই টাইম্পানামটো সৃষ্টি কৰাৰ সময়ত যি ৰূপৰ আছিল, আজিও ঠিক একেই সুন্দৰতাৰে ই বৰ্তি আছে। গজলক্ষ্মীক গোৱা আৰু কোঙ্কণৰ বহু ঠাইত উৰ্বৰতাৰ দেৱী হিচাপে উপাসনা কৰা হয়, তেওঁলোকৰ মাজত দেৱী গৰাকী গজন্তলক্ষ্মী, গজলক্ষ্মী, কেলবাই বা ভাউকা দেৱী আদি নামৰে জনপ্ৰিয়। বিভিন্ন কোঙ্কণী সম্প্ৰদায়ে এইগৰাকী দেৱীক তেওঁলোকৰ তত্ত্বাৱধায়িনী দেৱতা হিচাপে পূজে।২
টিম'থি টেইলৰৰ মতে, গুণ্ডেষ্ট্ৰাপ কোলড্ৰনৰ প্লেট বিত হস্তীৰ সৈতে চিত্ৰায়িত কৰা দেৱীগৰাকীৰ সৈতে আৰু গজলক্ষ্মীৰ সম্পৰ্ক থাকিব পাৰে।৩
তথ্যসূত্ৰ
- ↑ Coomaraswamy, Ananda, Elements of Buddhist Iconography, Harvard University Press, p. 22, 1935, online text
- ↑ (August 7, 2014). Gajalaxhmi: The goddess of Rain. Navhind times
- ↑ Taylor, Timothy (1992), “The Gundestrup cauldron”, Scientific American, 266: 84-89
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গজলক্ষ্মী” প্ৰবন্ধৰ সংশোধন ৩৭৫১২৫ (২২ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।