অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

গজবা-ই-হিন্দ

গজবা-ই-হিন্দ হৈছে ইছলামৰ শেষ নবী মহম্মদৰ ভৱিষ্যদ্বাণী, য’ত কোৱা হৈছে যে ভাৰতীয় উপমহাদেশত মুছলমান আৰু অমুছলমানৰ মাজত যুদ্ধ হ’ব, য’ত মুছলমানসকলে বিজয়ী হ’ব।

হালনাগাদ: ২১ অক্টোবৰ ২০২৪ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

গজবা-ই-হিন্দ হৈছে ইছলামৰ শেষ নবী মহম্মদৰ ভৱিষ্যদ্বাণী, য’ত কোৱা হৈছে যে ভাৰতীয় উপমহাদেশত মুছলমান আৰু অমুছলমানৰ মাজত যুদ্ধ হ’ব, য’ত মুছলমানসকলে বিজয়ী হ’ব।১

অৰ্থ

"গজবা" শব্দটোৱে ইছলাম প্ৰচাৰৰ উদ্দেশ্যে কৰা সামৰিক অভিযান বুজায়, আৰু "হিন্দ" হৈছে ভাৰতৰ আৰবী প্ৰতিশব্দ। বহলভাৱে ক’বলৈ গ’লে গাজৱা-ই-হিন্দৰ অৰ্থ হ’ল যুদ্ধৰ জৰিয়তে ভাৰতীয় উপমহাদেশত বসবাস কৰা কাফিৰসকলক জয় কৰি মুছলমানলৈ ৰূপান্তৰ কৰা আৰু ইছলামীয় শাসন প্ৰতিষ্ঠা। এই যুদ্ধত জড়িত ইছলামিক যোদ্ধাসকলক ‘গাজী’ বুলি কোৱা হয়।২

ধৰ্মীয় গ্ৰন্থত বিৱৰণ

কেইবাখনো হাদীছত মহম্মদে গজবা-ই-হিন্দৰ ভৱিষ্যদ্বাণী কৰিছিল।

আবু হুৰায়ৰা দ্বাৰা বৰ্ণিত, মুহাম্মাদে ভাৰতৰ (তৎকালীন সময়ত ভাৰত বুলি অভিহিত কৰোঁতে অখণ্ড ভাৰত নতুবা ভাৰতীয় উপমহাদেশক বুজোৱা হৈছিল) কথা উল্লেখ কৰিছিল আৰু লগতে কৈছিল যে,

এই সন্দৰ্ভত চাহাবী আবু হুৰাইৰা দ্বাৰা বৰ্ণিত কেইটামান উক্তি হাদীছত আছে। তলত পৰ্যায়ক্ৰমে উল্লেখ কৰা হৈছে:

অপৰাধমূলক কাৰ্যকলাপ

ৰাষ্ট্ৰীয় তদন্ত সংস্থাই অভিযান চলাইছিল, য’ত তেওঁলোকে মোবাইল ফোন, মেম’ৰী কাৰ্ড, চিম কাৰ্ড ইত্যাদি ডিজিটেল ডিভাইচৰ লগতে জিহাদ সম্পৰ্কীয় নথি-পত্ৰ জব্দ কৰে। দৰভঙাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, পুৱা প্ৰায় ৬:০০ বজাত নিয়া(NIA) ৰ দলে ছ’টি বজাৰ অঞ্চলৰ এজন সন্দেহযুক্ত লোকৰ বাসগৃহত অভিযান চলায়। মহম্মদ হাবিবুল্লাহ তথা তেওঁৰ পুত্ৰ মহম্মদ চমিউল্লাহক দুঘণ্টা ধৰি জেৰা কৰি আটক কৰা হয়। এই সময়ছোৱাত তেওঁৰ মোবাইল ফোন আৰু চিম কাৰ্ড জব্দ কৰা হয়।৩

বিহাৰৰ পাটনা জিলাৰ ফুলৱৰীশ্বৰীফ আৰক্ষীয়ে মাৰ্ঘুব আহমেদ দানিশ ওৰফে তাহিৰক গ্ৰেপ্তাৰ কৰাৰ পিছত ১৪ জুলাই ২০২২ তাৰিখে মোং নং ৮৪০/২০২২ অধীনত গোচৰ ৰুজু কৰিছিল। মাৰ্ঘুব আছিল জেন (Zain) নামৰ এজন পাকিস্তানী নাগৰিকে সৃষ্টি কৰা হোৱাটছএপ গ্ৰুপ ‘গজবা-ই-হিন্দ’ৰ এডমিন।৪

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (2019-08-12). As Islamists Call For “Ghazwa e Hind” Post Article 370 Abolition, A Look At The Term’s History And Meaning. Swarajya by Kovai Media Private Limited
  2. ↑ शुक्ला, अभिषेक. (2024-02-23). What is Ghazwa e Hind Also Know History of Darul Uloom-क्‍या है गजवा-ए-हिंद का मकसद. Navbharat Times
  3. ↑ (2023-07-03). NIA raids in 3 states uncover PFI's 'Ghazwa-e-Hind' module. The Times of India
  4. ↑ Standard, Business. (2023-11-26). NIA conducts raids in Pakistan-backed Ghazwa-e-Hind terror module case. Business Standard

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গজবা-ই-হিন্দ” প্ৰবন্ধৰ সংশোধন ৪৩৯৯২৯ (২১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।