অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

খৰিকটীয়াৰ জীয়ৰী তুলিছা

খৰিকটীয়াৰ জীয়ৰী তুলিছা (Tulisa, the Wood-Cutter's Daughter) হ'ল সোমদেৱ ভাটৰ সংকলিত গল্পৰ সংযোজন হিচাপে প্ৰকাশিত ভাৰতীয় কিংবদন্তি সাধুকথা। কাহিনীটোত এজন খৰিকটীয়াৰ জীয়ৰী তুলিছাই এজন ৰহস্যময় অদৃশ্য মানুহক বিয়া কৰাবলৈ সন্মত হয়। তুলিছাৰ দেউতাকে সিহঁতৰ বিয়াত সন্মতি দি বহুত ধন-সম্পত্তি অৰ্জন কৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪২৮ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

খৰিকটীয়াৰ জীয়ৰী তুলিছা (Tulisa, the Wood-Cutter's Daughter) হ'ল সোমদেৱ ভাটৰ সংকলিত গল্পৰ সংযোজন হিচাপে প্ৰকাশিত ভাৰতীয় কিংবদন্তি সাধুকথা।১

কাহিনীটোত এজন খৰিকটীয়াৰ জীয়ৰী তুলিছাই এজন ৰহস্যময় অদৃশ্য মানুহক বিয়া কৰাবলৈ সন্মত হয়। তুলিছাৰ দেউতাকে সিহঁতৰ বিয়াত সন্মতি দি বহুত ধন-সম্পত্তি অৰ্জন কৰে। বিয়াৰ পিছত তুলিছাই স্বামীৰ পৰিচয় আৱিষ্কাৰ কৰে। তাইৰ স্বামী বাসনাক দৌ নামৰ এজন সাপ ৰজা। তুলিছাই বাছনাক দৌক পূৰ্বৰ সিংহাসন পুনৰ লাভ কৰাত সহায় কৰে আৰু অৱশেষত তেওঁলোকে একেলগে সুখেৰে জীয়াই থাকে।২

উত্‍স

ফৰাচী লোককথাবিদ ইমানুৱেল কস্কিনে দাবী কৰিছিল যে ১৮৩৩ চনত বেনাৰস (বাৰাণসী)ৰ এগৰাকী ধোৱাই মানুহক এই কাহিনী কৈ মনোৰঞ্জন দিছিল।৩৪

সাৰাংশ

দুখীয়া খৰিকটীয়াৰ জীয়ৰী তুলিছাই এদিন খোজ কাঢ়ি গৈ থাকোঁতে এটা ৰহস্যময় মাত শুনিবলৈ পায়, য’ত তাইক বিয়াৰ প্ৰস্তাৱ দিয়া হৈছে। তুলিছাই প্ৰথম শুনোতে সেইটোত বিশেষ গুৰুত্ব নিদিয়ে যদিও বাৰে বাৰে একেটা কথাই ঘটি থকাত দেউতাকক সেই অদ্ভুত মাতটোৰ কথা কয়।

সেই ৰহস্যময় কণ্ঠৰ মালিক আচলতে সপ্ৰজ বাসনাক দৌ, যিয়ে তুলিছাৰ দেউতাকক বহুত ধন-সম্পত্তিৰ প্ৰতিশ্ৰুতি দি জীয়েকৰ পানী উপপত্নী হোৱাৰ আগ্ৰহ প্ৰকাশ কৰে। তুলিছাই মান্তি হৈ এটা ধুনীয়া ৰাজপ্ৰসাদত থাকিবলৈ আৰম্ভ কৰে। কিন্তু সেই ৰাজপ্ৰসাদত থাকিবলৈ হ’লে তুলিছাই দুটা চৰ্ত পূৰণ কৰিব লাগিব। এক, ৰাতিৰ আন্ধাৰত তাই কেতিয়াও স্বামীৰ মুখখন দেখা নাপাব। দুই, তাই কাকো আলহী হিচাপে গ্ৰহণ কৰিব নোৱাৰিব।

এদিন তাই এটা কাছক সহায় কৰে, যিয়ে তাইক কয় যে সি ভৱিষ্যতে তাইৰ ঋণ পৰিশোধ কৰিব। পিছত এগৰাকী বৃদ্ধা (আচলতে ছদ্মবেশত দুষ্ট শক্তি সৰকাছুকি) আহি তুলিছাৰ ওচৰলৈ আহি তাইক স্বামীৰ নাম দাবী কৰিবলৈ বুজাই দিয়ে। তুলিছাই স্বামীৰ নাম সুধিলে ৰাজকুমাৰে কয় যে তেওঁৰ নাম বাছনাক দৌ৷ সেই মুহূৰ্ততে ৰাজপ্ৰসাদ আৰু ৰাজকুমাৰ অদৃশ্য হৈ পৰে আৰু তুলিছা অকলশৰীয়া হৈ পৰে।

তাই দুখীয়া মাক-দেউতাকৰ ওচৰলৈ উভতি আহে। এদিন কৃতজ্ঞ কাছটোৱে তাইৰ ওচৰলৈ উভতি আহি তাইক কয় যে বাছনাক দৌ আচলতে সাপৰ ৰাজকুমাৰ, যাৰ নিজৰ মাকে তেওঁক সিংহাসনৰ পৰা নমাই দিছে। তুলিছাই যদি ৰজাৰ মাতৃৰ ডিঙিৰ পৰা সাপৰ চকু কাঢ়ি নিবলৈ সফল হয় তেন্তে ৰাণীৰ শক্তি ধ্বংস হৈ যাব আৰু বাছনাক দৌ পুনৰ ৰজা হ’বলৈ সক্ষম হ’ব। অৱশ্যে এই চকুকেইটা সংগ্ৰহ কৰিবলৈ তাইক হুমা চৰাইৰ কণী লাগে।

তুলিছা আৰু কাছ একেলগে সাপৰ ৰাণীৰ ৰাজপ্ৰসাদত উপস্থিত হয় য’ত তুলিছাই বহু বাধাৰ সন্মুখীন হ’বলগীয়া হয় আৰু বিভিন্ন কঠিন পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হয়। প্ৰথমে তাইক কাঁচৰ বাকচ এটাত হাজাৰ হাজাৰ ফুলৰ সুগন্ধি ভৰাই দিবলৈ কোৱা হয়। কাছৰ সহায়ত মৌমাখিৰ জাক এটা আহি বাৰীৰ পৰা সুগন্ধি সংগ্ৰহ কৰি বাকচটো ভৰাই পেলায়। ইয়াৰ পিছত তাইক বীজৰ মোনা এটা বহুমূলীয়া ৰত্নলৈ ৰূপান্তৰিত কৰিবলৈ কোৱা হয়। বহুতো কাছ আহি গুটি চোবাই ৰত্নলৈ পৰিণত কৰে।

অন্তিম কাম আছিল বিষাক্ত সাপৰ খাদটোৰ সিটো পাৰে থকা হুমা চৰাইৰ কণী চুৰি কৰা৷ মৌমাখি আৰু কাছৰ সহায়ত তুলিছাই এই কঠিন কাম সফলতাৰে সম্পূৰ্ণ কৰিলে।১

এইদৰে তুলিছাই স্বামী বাছনাক ডাউক মুক্ত কৰিবলৈ সক্ষম হয় আৰু দুয়ো একেলগে ৰাজ্যখন পুনৰ শাসন কৰিবলৈ আৰম্ভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Krappe, Alexander H. (1942). Guiding Animals. The Journal of American Folklore. পৃ. 228–246
  2. ↑ Dunlop, Colin John. History of Prose Fiction. Vol. I. London: George Bell and Sons. 1896. pp. 110-112 (footnote nr. 2)
  3. ↑ Cosquin, Emmanuel. Contes populaires de Lorraine comparés avec les contes des autres provinces de France et des pays étrangers, et précedés d'un essai sur l'origine et la propagation des contes populaires européens. Tome II. Deuxiéme Tirage. Paris: Vieweg. 1887. pp. 225-227
  4. ↑ (1842). The Woodcutter's Daughter. The Asiatic Journal. পৃ. 114–123

সম্পৰ্কিত শ্ৰেণী

কাল্পনিক চৰিত্ৰসাধুকথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খৰিকটীয়াৰ জীয়ৰী তুলিছা” প্ৰবন্ধৰ সংশোধন ৬২৪৫৬২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।