ক'লা ৰাজহাঁহ তত্ত্ব বা ক'লা ৰাজহাঁহজনিত ঘটনাৰ তত্ত্ব (black swan theory/theory of black swan events) হৈছে এনে এটা ৰূপক, যাক আকস্মিকভাৱে উদ্ভৱ হোৱা ঘটনা এটাক বুজাবলৈ ব্যৱহাৰ কৰা হয় যিটো ঘটনা নঘটালৈকে তাৰ অস্তিত্ব নাই বুলিয়েই ভবা হয়।১ এই পৰিভাষাটো এটা পুৰণি উক্তিৰ লগত জড়িত, যিয়ে ক'লা ৰাজহাঁহৰ কোনো অস্তিত্ব নাই বুলি ধাৰণা কৰিছিল, কিন্তু পাছলৈ অষ্ট্ৰেলিয়াৰ অৰণ্যৰ মাজত ক'লা ৰাজহাঁহ দেখিবলৈ পোৱা গ'ল আৰু উক্তিটোক পুনৰ বিবেচনাৰ মাজলৈ অনা হ'ল।২
এই তত্ত্বটোৰ জন্মদাতা হৈছে নাছিম নিকোলাছ টালেব। এই তত্ত্বটোৰ জৰিয়তে তেওঁ বুজাব খোজা কথাকেইটা হৈছে:
- উচ্চ-প্ৰফাইল, অনুমান কৰিবলৈ কঠিন, বিৰল কিছুমান পৰিঘটনাৰ অসামঞ্জস্য ভূমিকা যিবোৰ ইতিহাস, বিজ্ঞান, অৰ্থনীতি আৰু প্ৰযুক্তিবিদ্যাৰ চিৰপৰিচিত বাঞ্ছাবোৰৰ ঊৰ্দ্ধত।
- বৈজ্ঞানিক কৌশল প্ৰয়োগ কৰি আনুষংগিক বিৰল ঘটনাক্ৰমৰ সম্ভাৱিতাৰ গণনা-অযোগ্যতা
- মনোবৈজ্ঞানিক পক্ষপাতিতা, যিবোৰে "অনিশ্চয়তা" আৰু "ঐতিহাসিক বিষয়ত বিৰল ঘটনাবোৰ গুৰুত্বপূৰ্ণ ভূমিকা"ৰ সন্দৰ্ভত মানুহক বিভ্ৰান্ত কৰে-ব্যক্তিগত আৰু সামূহিক দুয়োটা পৰ্যায়তে।৩
পৃষ্ঠভূমি
লেটিন ভাষাৰ এটা বিশেষ উক্তিৰ পৰা "ক'লা ৰাজহাঁহ" শব্দ দুটি আহৰণ কৰা হৈছে। যাৰ সবাতোকৈ পুৰণি উল্লেখটো পোৱা যায় ২য় শতিকাত-ৰোমান কবি জুভেনালে তেওঁৰ "ছেটায়াৰ ষষ্ঠ"ত কৰা চৰিত্ৰাংকনত; য'ত "ক'লা ৰাজহাঁহৰ দৰে মাটিত ঘূৰি ফুৰা বিৰল চৰাই"ৰ প্ৰসংগ উত্থাপিত হৈছিল। ("rara avis in terris nigroque simillima cygno" ("a rare bird in the lands and very much like a black swan").৪৫৬যেতিয়া এই বাক্যশাৰী লিখা হৈছিল-তেতিয়া ধৰি লোৱা হৈছিল যে, ক'লা ৰাজহাঁহৰ কোনো অস্তিত্ব নাই। এটা বিশেষ পদ্ধতি অথবা প্ৰক্ৰিয়াৰ ভঙ্গুৰতাক উপমাৰ ৰূপত প্ৰকাশ কৰিবলৈ এই বিশেষ ৰূপকটো ব্যৱহাৰ কৰা হয়। সিদ্ধান্ত এটাৰ গ্ৰহণযোগ্যতাক পুনৰ বিবেচনাৰ মাজলৈ অনা হয় যেতিয়াই তাৰ প্ৰাথমিক নীতিকেইটা অপ্ৰমাণিত হয়। এই ক্ষেত্ৰত, এটা ক'লা ৰাজহাঁহৰ নিৰীক্ষণে যিকোনো চিন্তা-প্ৰণালী বা প্ৰক্ৰিয়াটোৰ যুক্তিটো আৰু তাৰ জৰিয়তে আহৰণ কৰা যুক্তিবাদক অসত্য প্ৰমাণিত কৰে। ৭
তথ্যসূত্ৰ
- ↑ energyeducation.ca/encyclopedia/Black_swan_theor
- ↑ আৰ্কাইভ কপি
- ↑ Linton, Oliver. (8 Feb 2019). Financial Econometrics. Cambridge University Press
- ↑ Puhvel, Jaan. (Summer 1984). The Origin of Etruscan tusna ("Swan"). The American Journal of Philology. Johns Hopkins University Press. পৃ. 209–212
- ↑ Juvenal; Persius; Ramsay, George Gilbert. Satires. WikiSource
- ↑ Iuvenalis; Bucheler. Saturae. WikiSource
- ↑ Lloyd,John L; Jones, Cliff. (, 13-Oct-2011). Dependable and Historic Computing: Essays Dedicated to Brian Randell on the Occasion of His 75th Birthday. Springer Science & Business Media
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক'লা ৰাজহাঁহ তত্ত্ব” প্ৰবন্ধৰ সংশোধন ৬২৪৬৩৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।