ক’ৰ'মণ্ডল আৰু বেংগল চেটলমেণ্টছ্ প্ৰেচিডেঞ্চি (Presidency of Coromandel and Bengal Settlements) ব্ৰিটিছ ভাৰতৰ এটা প্ৰশাসনিক বিভাগ আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬৮২ চনৰ ১৭ জুলাইত এই প্ৰেচিডেঞ্চি প্ৰতিষ্ঠা কৰিছিল।
ইতিহাস
১৬৫৮ চনত বংগ আৰু ক'ৰ'মণ্ডল উপকূলৰ সকলো বসতিস্থল ফ'ৰ্ট চেণ্ট জৰ্জৰ অধীন কৰা হয়।১ বেংগল এজেঞ্চি বিলুপ্ত হোৱাৰ পিছত কোম্পানীয়ে বংগৰ প্ৰশাসনৰ বাবে ক'ৰ'মণ্ডল উপকূল আৰু বংগৰ নামেৰে নামাকৰণ কৰা ক'ৰ'মণ্ডল আৰু বেংগল চেটলমেণ্টছ কোম্পানীটোৱে বংগ প্ৰশাসনৰ বাবে স্থাপন কৰে।
১৬৯৪ চনৰ পৰা ১৬৯৮ চনৰ ভিতৰত প্ৰেচিডেঞ্চিৰ ভূখণ্ডৰ প্ৰশাসন মাদ্ৰাচৰ (ফ'ৰ্ট চেণ্ট জৰ্জ প্ৰেচিডেঞ্চি) অধীনত আছিল। তাৰ পিছত আকৌ ১৭০০ চনত বেংগল প্ৰেচিডেঞ্চিৰ সৃষ্টি নোহোৱালৈকে ক'ৰ'মণ্ডল আৰু বেংগল চেটলমেণ্টছ্ প্ৰেচিডেঞ্চিৰ কৰ্তৃত্ব পুনৰ প্ৰতিষ্ঠা কৰা হয়।২
লগতে চাওক
- মাদ্ৰাচ প্ৰেচিডেঞ্চি
- ফোৰ্ট উইলিয়াম, পশ্চিম বংগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক’ৰ'মণ্ডল আৰু বেংগল চেটলমেণ্টছ্ প্ৰেচিডেঞ্চি” প্ৰবন্ধৰ সংশোধন ৫০৮৭৭০ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।