ক্ৰিমিয়ান জ্যোতিৰ্বৈজ্ঞানিক মানমন্দিৰ (ইংৰাজী ভাষা: Crimean Astrophysical Observatory; CrAO, মানমন্দিৰ ক’ড: ০৯৫) ক্ৰিমিয়া উপদ্বীপৰ কেন্দ্ৰীয় ক্ৰিমিয়া চহৰ বাখচিচাৰায়ৰ ওচৰৰ নৌচনী গৱেষণা চৌহদত অৱস্থিত। এই মানমন্দিৰটোক প্ৰায়ে ইয়াৰ স্থান আৰু চৌহদৰ নাম অনুসৰি চমুকৈ ক্ৰিমিয়া-নৌচনী বুলিও কোৱা হয়। ক্ষুদ্ৰ গ্ৰহ আৱিষ্কাৰৰ ক্ষেত্ৰত এই স্থান আজিও বিশ্বৰ অন্যতম উৎপাদনশীল স্থান হিচাপে পৰিগণিত হৈ আহিছে।১
ক্ৰিমিয়ান জ্যোতিৰ্বৈজ্ঞানিক মানমন্দিৰে ১৯৪৭ চনৰ পৰা বুলেটিন অৱ দ্য ক্ৰিমিয়ান এট্ৰ’ফিজিকেল অবজাৰভেটৰী নামৰ পত্ৰিকা প্ৰকাশ কৰি আহিছে, যিখন ১৯৭৭ চনৰ পৰা ইংৰাজী ভাষা ভাষাত প্ৰকাশ পাইছে। ১৯৫০ চনৰ মাজভাগৰ পৰা মানমন্দিৰৰ সা-সুবিধাসমূহ নৌচনী নামৰ উপনিৱেশৰ ভূখণ্ডত অৱস্থিত; ইয়াৰ আগতে এইসমূহ আৰু অলপ দক্ষিণত, চিমিইজৰ ওচৰত আছিল। পূৰ্বৰ সেই সা-সুবিধাসমূহ এতিয়াও কিছু পৰিমাণে ব্যৱহাৰ কৰা হয় আৰু সেই অংশটোক ক্ৰিমিয়ান জ্যোতিৰ্বৈজ্ঞানিক মানমন্দিৰ-চিমিইজ (মানমন্দিৰ ক’ড: ০৯৪) বুলি জনা যায়।
মানমন্দিৰৰ মুৰব্বীসকল
- ১৯৪৫–১৯৫২: গ্ৰিগৰী শ্বাইন - নিৰ্মাণ কাৰ্যৰ মুৰব্বী আৰু নৌচনীস্থিত মানমন্দিৰটোৰ প্ৰথম সঞ্চালক।
- ১৯৫২–১৯৮৭: আন্দ্ৰেই চেভাৰ্নি।
- ১৯৮৭–২০০৫: নিকোলাই ষ্টেশ্বেনকো।২৩
- ২০০৫ – বৰ্তমান: আল্লা ৰষ্টপচিনা-শ্বাখোভস্কায়া (ৰোমানোভা)।৪৫
আৱিষ্কৃত ক্ষুদ্ৰ গ্ৰহসমূহৰ তালিকা
২০১৬ চনৰ তথ্য অনুসৰি, মাইনৰ প্লেনেক্ট চেন্টাৰে (MPC) ১৯৬৬–২০০৭ চনৰ ভিতৰত ক্ৰিমিয়া-নৌচনী মানমন্দিৰৰ স্থানত আৱিষ্কৃত হোৱা মুঠ ১২৮৬টা সংখ্যাযুক্ত ক্ষুদ্ৰ গ্ৰহৰ তালিকা প্ৰদান কৰিছে।১ এই আৱিষ্কাৰসমূহৰ বেছিভাগৰে কৃতিত্ব ৰাছিয়ান/ছোভিয়েট জ্যোতিৰ্বিজ্ঞানী ক্ৰমে তামাৰা স্মিৰ্নোভা, লিউডমিলা চেৰ্নিখ, নিকোলাই চেৰ্নিখ, লিউডমিলা ঝুৰাভলেভা, বেলা এ. বুৰ্নাশ্বেভা, নিকোলাই এফিমোভিচ কুৰোচকিন, লিউডমিলা কাৰাচকিনা, নাটালিয়া ভিটালিভনা মেটলোভা আৰু গালিনা ৰিচাৰ্ডোভনা কাষ্টেলক দিয়া হয়। এক বিশেষত্ব হিচাপে, ব্ৰিটিছ জ্যোতিৰ্বিজ্ঞানী তথা দীৰ্ঘদিনীয়া এমপিচি সঞ্চালক ব্ৰায়ান জি মাৰ্চডেনকো ১৯৮২ চনত নৌচনীত ৩৭৫৫৬ সিয়াজটিয়ে নামৰ ক্ষুদ্ৰ গ্ৰহটোৰ সহ-আৱিষ্কাৰৰ কৃতিত্ব দিয়া হৈছিল। ইয়াক শীতল যুদ্ধৰ সময়ত পূব আৰু পশ্চিমৰ মাজত গঢ়ি উঠা জ্যোতিৰ্বৈজ্ঞানিক সহযোগিতা আৰু বন্ধুত্বৰ এক প্ৰতীকী ইংগিত হিচাপে গণ্য কৰা হয়।৬
এমপিচিয়ে তলত দিয়া ক্ষুদ্ৰ গ্ৰহসমূহৰ আৱিষ্কাৰৰ কৃতিত্ব কোনো একক জ্যোতিৰ্বিজ্ঞানীৰ পৰিৱৰ্তে পোনপটীয়াকৈ মানমন্দিৰটোক প্ৰদান কৰিছে:৭
| ২০৯৪ মেগনিটকা | ১২ অক্টোবৰ ১৯৭১ |
| ২১৬৩ কোৰচাক | ১৬ ছেপ্টেম্বৰ ১৯৭১ |
| ২১৭০ বাইলোৰাছিয়া | ১৬ ছেপ্টেম্বৰ ১৯৭১ |
| ২৪০৬ ওৰেলস্কায়া | ২০ আগষ্ট ১৯৬৬ |
| ২৬৯৮ আজাৰবাইজান | ১১ অক্টোবৰ ১৯৭১ |
| ২৯৪৯ কাভাৰ্জনিয়েভ | ৯ আগষ্ট ১৯৭০ |
| ৪০০৪ লিষ্টিভ | ১৬ ছেপ্টেম্বৰ ১৯৭১ |
| ৪৪৬৬ আবাই | ২৩ ছেপ্টেম্বৰ ১৯৭১ |
| ৪৯১৬ ব্ৰামবাৰ্গ | ১০ আগষ্ট ১৯৭০ |
| ৪৯১৭ ইউৰিলভোভিয়া | ২৮ ছেপ্টেম্বৰ ১৯৭৩ |
| ৫৭০৬ ফিনকেলষ্টাইন | ২৩ ছেপ্টেম্বৰ ১৯৭১ |
| ১৮২৮৪ চেৰেটেলী | ১০ আগষ্ট ১৯৭০ |
| ১০৯৫৭৩ মিশ্বামিস্মিৰ্নোভ | ২০ আগষ্ট ২০০১ |
| ১০ আগষ্ট ২০০৭ |
চিত্ৰভঁৰাল
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (16 November 2016). Minor Planet Discovery Sites. Minor Planet Center
- ↑ Стешенко Николай Владимирович, Астронет
- ↑ СТЕШЕНКО Николай Владимирович, Кто есть кто в Крыму
- ↑ Ростопчина-шаховская (Романова) Алла Николаевна আৰ্কাইভ কপি, Анкета выпускника Казанского ГУ
- ↑ Администрация КРАО
- ↑ Schmadel, Lutz D. (2007). Dictionary of Minor Planet Names – (37556) Svyaztie. Springer Berlin Heidelberg. পৃ. 892–893. ISBN 978-3-540-00238-3
- ↑ (14 November 2016). Minor Planet Discoverers (by number). Minor Planet Center
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰিমিয়ান জ্যোতিৰ্বৈজ্ঞানিক মানমন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৬৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।