কোলাৰম্মা (ইংৰাজী: Kolaramma) ভাৰতৰ কৰ্ণাটকৰ কোলাৰ চহৰৰ প্ৰধান উপাস্য দেৱী।১ কোলাৰাম্মা মন্দিৰটো বহু হাজাৰ বছৰ পুৰণি আৰু চোল ৰাজবংশৰ দ্বাৰা দক্ষিণ ভাৰতীয় শৈলীত নিৰ্মাণ কৰা হৈছিল। দেৱী পাৰ্বতীক কোলাৰৰ মানুহে কোলাৰম্মা বুলি পূজা কৰে। মহীশূৰৰ পূৰ্বৰ মহাৰাজসকলে কোলাৰম্মাৰ আশীৰ্বাদ ল’বলৈ সঘনাই এই মন্দিৰলৈ আহিছিল বুলি কোৱা হয়। কোলাৰম্মা মন্দিৰত চোল সাম্ৰাজ্যৰ দিনৰ শিলালিপি সংৰক্ষিত কৰা আছে৷২ মন্দিৰটোত সুন্দৰকৈ খোদিত কোলাৰম্মাৰ মূৰ্তি আৰু চানেকী আছে যিবোৰ সেই অঞ্চলত প্ৰচুৰ পৰিমাণে পোৱা গ্ৰেনাইট শিল ব্যৱহাৰ কৰি কৰা হৈছে নিৰ্মাণ কৰা হৈছে৷
এই মন্দিৰৰ আন এগৰাকী দেৱী হৈছে চেলাম্মা বা বৃশ্বিক দেৱী। চেলাম্মা মন্দিৰত প্ৰাৰ্থনা কৰিলে দেৱীয়ে ব্যক্তি জনক বৃশ্বিকৰ দংশনৰ পৰা ৰক্ষা কৰে বুলি মানুহে বিশ্বাস কৰে। মন্দিৰৰ আন এটা আমোদজনক কথা হ'ল হুণ্ডি বা কুঁৱা যিটো মানুহৰ পৰা ধনৰ নৈবদ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হয়, আৰু মন্দিৰৰ মজিয়াত থকা এই সৰু হুণ্ডিটোত অন্ততঃ এটা মুদ্ৰা ৰখাটো এটা পৰম্পৰা৷ এই হুণ্ডিটো হৈছে মাটিত খন্দা এটা ডাঙৰ গাঁত, গাঁতটোত এতিয়াও শ শ বছৰৰ পৰা জমা হোৱা মুদ্ৰাৰ জনজননিৰ শব্দ শুনিবলৈ পোৱা যায়।
তথ্যসূত্ৰ
- ↑ Benjamin Lewis Rice. (1974). Epigraphia Carnatica: Inscriptions in the Kolar District. Mysore Government Central Press. পৃ. 30–40
- ↑ Rice, Benjamin Lewis. (1894). Epigraphia Carnatica: Volume X: Inscriptions in the Kolar District. Department of Archeology, Mysore State
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোলাৰম্মা” প্ৰবন্ধৰ সংশোধন ৬৩৩১৪৮ (২৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।