অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কোকনা

কোকনী, কোকনা, কুকনা হ’ল এক ভাৰতীয় আদিবাসী জনজাতীয় সম্প্ৰদায়। তেওঁলোকে মহাৰাষ্ট্ৰৰ সহ্যাদ্ৰী-সাতপুৰা পৰ্বতমালা (মূলতঃ নন্দুৰবাৰ আৰু ধুলে জিলাৰ চাক্ৰী আৰু নাৱাপুৰ তালুকাত) আৰু গুজৰাটত (মূলতঃ আহৱা-ডাং, নৱসাৰী আৰু বলচাদ জিলাত) বাস কৰে।

হালনাগাদ: ২ জুন ২০২৬ ১৭০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কোকনী, কোকনা, কুকনা হ’ল এক ভাৰতীয় আদিবাসী জনজাতীয় সম্প্ৰদায়। তেওঁলোকে মহাৰাষ্ট্ৰৰ সহ্যাদ্ৰী-সাতপুৰা পৰ্বতমালা (মূলতঃ নন্দুৰবাৰ আৰু ধুলে জিলাৰ চাক্ৰী আৰু নাৱাপুৰ তালুকাত) আৰু গুজৰাটত (মূলতঃ আহৱা-ডাং, নৱসাৰী আৰু বলচাদ জিলাত) বাস কৰে। তেওঁলোকৰ উৎপত্তি থানে জিলাৰ কোঙ্কণ পট্টীত হোৱা বুলি বিশ্বাস কৰা হয়।১২ তেওঁলোকক কোকনা, কোকনী আৰু কুকনা বুলিও জনা যায়। এই জনজাতিৰ উৎপত্তিৰ সন্দৰ্ভত পৰ্যাপ্ত গৱেষণা নোহোৱাৰ বাবে বিভিন্ন মতভেদ আছে।৩ ভাৰতৰ গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু ৰাজস্থান ৰাজ্যত তেওঁলোকক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিয়া হৈছে।৪

সামাজিক জীৱন

কোকনা-কোকনী জনজাতীয় সমাজ হ’ল প্ৰাচীন আদিম সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ সমাজ আৰু ইয়াৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱন বৈশিষ্ট্যপূৰ্ণ।৫ কোকনী জনজাতিৰ মুঠ জনসংখ্যা বিবেচনা কৰিলে দেখা যায় যে মহাৰাষ্ট্ৰত কোকনী এক প্ৰধান জনজাতি। সমাজ-সাংস্কৃতিক দৃষ্টিকোণৰ পৰা জনজাতিটোৰ উৎপত্তিৰ বিষয়ে কম ঐতিহাসিক তথ্য উপলব্ধ যদিও তেওঁলোকৰ বৰ্তমানৰ সামাজিক ৰীতি-নীতি আৰু সাংস্কৃতিক অনুশীলনে তেওঁলোকৰ আদিমতা নিশ্চিত কৰে।

কৃষিৰ প্ৰতি থকা আগ্ৰহ আৰু উন্নতিয়ে জনজাতিটোৰ সমৃদ্ধি আৰু সামাজিক স্থিৰতা আনিছে। ইয়াৰ উপৰিও ভূমিৰ মালিকীস্বত্বৰ বাবে কোকনা সকলৰ সামাজিক মৰ্যাদা উচ্চ হৈ আছে। তেওঁলোকৰ উচ্চ আৰ্থ-সামাজিক স্থিতিৰ বাবে কোকনা জনজাতিসকলে নিজকে আন জনজাতিৰ তুলনাত শ্ৰেষ্ঠ বুলি গণ্য কৰে।১

ধৰ্ম আৰু সাংস্কৃতিক জীৱন

জনজাতীয় লোকসকলৰ মাজত প্ৰচলিত সৰ্বপ্ৰাণবাদী (animistic) ধৰ্মীয় বিশ্বাস আৰু ৰীতি-নীতিসমূহ কোকনা জনজাতিৰ মাজতো দেখা যায়। অৰ্থাৎ ধৰ্ম হ’ল অলৌকিক শক্তি আৰু ঐশ্বৰিক সত্তাৰ ওপৰত বিশ্বাস। পানীৰ দেৱতা, জুইৰ দেৱতা আৰু পশুৰ দেৱতাৰ লগতে কোকনা সকলে অসুৰকো বিশ্বাস কৰে। কোকনা সকল মূলত প্ৰকৃতি উপাসক। সেয়েহে তেওঁলোকৰ দেৱ-দেৱী আৰু উপাসনা স্থলীসমূহো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। যিহেতু কোকনা সকল বহু বছৰ ধৰি কৃষিকাৰ্যৰ সৈতে জড়িত, সেয়েহে তেওঁলোকে বিশ্বাস কৰে যে বৰষুণেই হ’ল সৰ্বোচ্চ দেৱতা। তেওঁলোকৰ দেৱ-দেৱীসমূহ দৈনিক জীৱনৰ সম্পৰ্কৰ ওপৰত আধাৰিত, যেনে— শস্য প্ৰদান কৰা 'ধানতাৰী', কৃষি কৰ্মত সহায় কৰা 'গাভকাৰী' আৰু জীৱন ধাৰণত সহায় কৰা 'কানছাৰী'। যিকোনো শুভ কাম বা আৰ্থিক কাৰ্যকলাপৰ আৰম্ভণিতে দেৱতাক সন্তুষ্ট কৰিবলৈ উপাসনা কৰা হয়। যিহেতু প্ৰকৃতিয়েই কোকনা সকলৰ আৰ্থ-সামাজিক জীৱনৰ আধাৰ, সেয়েহে তেওঁলোকৰ ধৰ্মীয় আৰু আধ্যাত্মিক ধাৰণাসমূহো প্ৰকৃতিৰ ওপৰত ভিত্তি কৰিয়েই গঢ় লৈ উঠিছে।১

ডোংগৰীদেৱ উৎসৱ

পাহাৰৰ দেৱতা (ডোংগৰীদেৱ) পাহাৰৰ গুহাত বাস কৰে আৰু তেওঁৰ সুখ-দুখেই মানুহৰ জীৱনৰ আনন্দ আৰু যন্ত্ৰণাৰ ওপৰত প্ৰভাৱ পেলায় বুলি বিশ্বাস কৰি তেওঁক পূজা কৰা হয়। সমগ্ৰ গাঁওবাসীয়ে ডোংগৰীদেৱ উৎসৱ পালন কৰে আৰু গাঁৱৰ প্ৰতিটো পৰিয়ালৰ পৰা অতি কমেও এজন ব্যক্তিয়ে এই উৎসৱত অংশগ্ৰহণ কৰিব লাগে। ৭০-৮০ জন ডেকা-বুঢ়া একগোট হৈ বৃত্তাকাৰে নৃত্য কৰে আৰু নিজা উপভাষাত গীত গায়। এই উৎসৱত উপাসনাৰ বাবে বিভিন্ন বাদ্যযন্ত্ৰ আৰু সামগ্ৰী ব্যৱহাৰ কৰা হয়, যেনে— পতাকা, ঘূংগুৰু কাথী (ঘণ্টা লগোৱা লাঠী), পাউৰী, টাপ্ৰা, নাৰ্জী ফুল, মাডুৱা (nachani) আৰু চাউলৰ দানা। এই উৎসৱ সাধাৰণতে আঠৰ পৰা দহ দিন ধৰি চলে আৰু শেষত পূৰ্ণিমাৰ আগৰ ৰাতি তেওঁলোকে পাহাৰৰ পাদদেশলৈ যায়, গোটেই ৰাতি নাচে, কোকনী গীত গায় আৰু ৰাতিপুৱা পাহাৰক পূজা কৰি তললৈ নামি আহে। এই উৎসৱৰ জৰিয়তে দয়া, সৌহাৰ্দ্য, উদাৰতা, সততা, অনুশাসন, সামূহিক জীৱন আৰু মনৰ পবিত্ৰতাৰ দৰে গুণসমূহ প্ৰকাশ পায়।৬

তথ্যসূত্ৰ

  1. ↑ Adhav, Kalyan Rau. (3 September 2010). Kokana adivasichya loksahityacha abhyas. University
  2. ↑ Choudhuri / Choudhury. Census of India 2011. The Tribal Research & Training Institute, Government of Gujarat
  3. ↑ মৰাঠী পুষ্টক কোকণা-কোকণী ইতিহাস আৰু জীৱন. www.rasik.com
  4. ↑ Demographic Status of Scheduled Tribe Population of India, Ministry of Tribal Affairs, India Archived copy
  5. ↑ কুংকণা: জাতি আৰু উপভাষা
  6. ↑ ডोंगरीदेव.... एक आदिवासी (कोकणी) सण/सोहळा

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোকনা” প্ৰবন্ধৰ সংশোধন ৬১০৯৯৬ (২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।