কেমেৰ'ণ মিচেল ডিয়াজ(জন্ম ৩০ আগষ্ট,১৯৭২) হ'ল এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। ১৯৯০ৰ দশকত তেওঁ দ্য মাস্ক,মাই বেষ্ট ফ্ৰেইণ্ডছ ৱেডিং আৰু দেয়াৰ্ছ চামথিং এবাউট মেৰী আদি ছবিত অভিনয় কৰি চৰ্চা লাভ কৰে। তেওঁৰ অন্যান্য উল্লেখযোগ্য কৃতিত্ব সমূহ হ'ল দুখন চাৰ্লিজ এঞ্জেলছ ছবিত অভিনয়,শ্ৰেক শৃংখলাত প্ৰিন্সেছ ফিয়োনাৰ চৰিত্ৰত কণ্ঠদান,দ্য হলিডে,দ্য গ্ৰীণ হৰ্ণেট,বেড টিচ্চাৰ আদি। দেয়াৰ্ছ চামথিং এবাউট মেৰী,বিইং জন মালকোভিছ,ভেনিলা স্কাই,গেংছ অৱ নিউয়ৰ্ক আদিত কৰা অভিনয়ৰ বাবে তেওঁ গ'ল্ডেন গ্ল'ব বঁটাৰ বাবে মনোনীত হয়।
প্ৰাৰম্ভিক জীৱন
চাৰিজনী বাইভনীৰ সৰ্বকনিষ্ঠা কেমেৰ'ণৰ জন্ম হৈছিল কেলিফোৰ্ণিয়াৰ ছান ডিয়েগ'ত। তেওঁৰ মাতৃ বিলি এগৰাকী আমদানি-ৰপ্তানি প্ৰতিনিধি আৰু দেউতাক এমিলিও ডিয়াজ(১৯৪৯-২০০৮) কেলিফোৰ্ণিয়া তেল কোম্পানী UNOCALত এজন ফিল্ড গ'জাৰ আছিল।১২ ডিয়াজৰ চিমিন নামৰ এগৰাকী বায়েক আছে।৩৪ বংশসূত্ৰে তেওঁৰ দেউতাক কিউবান আৰু মাক জাৰ্মান,ইংৰাজ তথা চাৰোকি(Cherokee)।৫৬৭ ডিয়াজ লং বীচ্চ কেলিফোৰ্ণিয়াত লালিত পালিত হৈছিল আৰু লং বীচ্চ পলিটেকনিক হাই স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।৮
কেৰিয়াৰ
মডেলিং
১৬ বছৰ বয়সতে ডিয়াজে ফেশ্বন মডেল হিচাপে কেৰিয়াৰ আৰম্ভ কৰে আৰু ইলাইট মডেল মেনেজমেন্ট নামৰ সংস্থাটোৰ লগত চুক্তিবদ্ধ হয়।তাৰ পিছৰ কিছু বছৰ তেওঁ কেলভিন ক্লেইন,লিভাইছ আদি সংস্থাৰ লগত বিশ্বৰ বিভিন্ন ঠাইত কাম কৰে।৯ যেতিয়া তেওঁ সোতৰ বছৰীয়া হয়,"ছেভেনটীন" আলোচনীৰ জুলাই,১৯৯০ সংখ্যাৰ বেটুপাতত স্থান পায়।১০
অভিনয়
১৯ বছৰ বয়সত কেমেৰ'ণ ডিয়াজে চিইজ নো এঞ্জেল ছবিত অভিনয় কৰে।২১ বছৰ বয়সত তেওঁ দ্য মাস্ক ছবিৰ বাবে অডিশ্যন দিয়ে।১১নিৰ্বাচিত হোৱাৰ পিছত তেওঁ আগৰ অভিজ্ঞতা নোহোৱাৰ বাবে অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে।দ্য মাস্ক ছবিখন ১৯৯৪ৰ সৰ্বাধিক উপাৰ্জনকাৰী দহখন ছবিৰ এখন হিচাপে পৰিগণিত হয়।১২ লাউঞ্জ গায়িকা টিনা কাৰ্লাইল হিচাপে তেওঁৰ প্ৰদৰ্শনে বহুকেইটা বঁটাৰ মনোনয়ন লাভ কৰে১৩ আৰু তেওঁক যৌন চিহ্ন হিচাপে প্ৰতিষ্ঠা কৰে।১৪১৫
নিজৰ অভিজ্ঞতাক পুষ্ট কৰি তুলিবলৈ দিয়াজে পিছৰ তিনি বছৰত কোনো ডাঙৰ ছবিত অভিনয় নকৰাৰ সিদ্ধান্ত লয় আৰু দ্য লাষ্ট চাপাৰ(১৯৯৫),ফিলিং মিনেচটা(১৯৯৬),চিইজ দ্য ৱান(১৯৯৬) আৰু হেড এবাভ ৱাটাৰ(১৯৯৬) আদিত অভিনয় কৰে। তেওঁ মৰটেল কমবেট চলচ্চিত্ৰৰ বাবেও নিৰ্বাচিত হৈছিল যদিও তাৰ বাবে প্ৰশিক্ষণ লৈ থাকোঁতে হাত ভগাৰ বাবে সেইখন বাদ দিব লগীয়া হয়।১৬
১৯৯৭ চনত 'মাই বেষ্ট ফ্ৰেইণ্ডছ ৱেদিং' আৰু 'এ লাইফ লেছ অৰ্ডিনেৰী' ছবিৰ জৰিয়তে দিয়াজ মূলসুঁতিৰ ছবিলৈ ঘূৰি আহে। তাৰ পিছৰ বছৰ তেঁও 'দেয়াৰ্ছ চামথিং এবাউট মেৰী'(১৯৯৮) নামৰ ছবিখনত অভিনয় কৰে যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ গোল্ডেন গ্লোব বঁটাৰ বাবে মনোনীত হয়।৯ 'বিইং জন মালকোভিছ'(১৯৯৯) ছবিত অভিনয় কৰি তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ গোল্ডেন গ্লোব বঁটা,ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্ট বঁটা,স্ক্ৰীণ এক্টৰ্ছ গীল্ড এৱাৰ্ডছ আদিৰ বাবে মনোনয়ন লাভ কৰে।১৯৯৮ আৰু ২০০৮ৰ ভিতৰত তেওঁ 'থিংছ য়ু কেন টেল জাষ্ট বাই লুকিং এট হাৰ','ভেৰি বেদ থিংছ','এনি গিভেন চানদে','চাৰ্লিজ এঞ্জেলছ' আদি ছবিত অভিনয় কৰে।৯ ২০০১ চনত তেওঁ 'ভেনিলা স্কাই' ছবিত কৰা অভিনয়ৰ বাবে সহঃ অভিনেত্ৰীকৰ গোল্ডেন গ্লোব বঁটা,এচ.এ.জি. বঁটা,ক্ৰিটিকছ ছইছ বঁটা,আমেকৰিকান ফিল্ম ইনষ্টিটিউট বঁটা আদিৰ মনোনয়ন লাভ কৰে আৰু 'শ্ৰেক' ছবিত প্ৰিন্সেছ ফিয়োনাৰ চৰিত্ৰত কণ্ঠদান কৰে যাৰ বাবে তেওঁ দহ মিলিয়ন ডলাৰ উপাৰ্জন কৰে।৯ ২০০৩ত তেওঁ মাৰ্টিন স্কৰছেজৰ 'গেংগছ অৱ নিউয়ৰ্ক'(২০০২)ত কৰা অভিনয়ৰ বাবে গোল্ডেন গ্লোবৰ মনোনয়ন লাভ কৰে আৰু 'চালিজ এঞ্জেলছ:ফুল থ্ৰোটল'ত কৰা অভিনয়ৰ বাবে ২০ মিলিয়ন ডলাৰ লাভ কৰি এটা চৰিত্ৰৰ বাবে এই বুজন পৰিমাণৰ ধন লাভ কৰা তৃতীয়গৰাকী অভিনেত্ৰী হিচাপে পৰিগণিত হয়।ইয়াৰ পিছত তেওঁ 'ইন হাৰ চ্যুজ'(২০০৫ ),'দ্য হলিডে'(২০০৬) আদি ছবিত অভিনয় কৰে।'হোৱাট হেপেনছ ইন ভেগাচ' আৰু 'শ্ৰেক'ৰ ছিকুৱেল সমূহৰ বাবে এবছৰমানৰ ভিতৰত তেওঁ প্ৰায় ৫০ মিলিয়ন ডলাৰ উপাৰ্জন কৰে।.১৭১৮১৯ ২০০৯ত তেওঁ 'মাই চিষ্টাৰ্ছ কিপাৰ' আৰু 'দ্য বক্স' নামৰ ছবি দুখনত অভিনয় কৰে।
২০১০চনত ফ'ৰ্বছ আলোচনীয়ে তেওঁক সবাতোকৈ ধনী হিস্পানিক মহিলা তাৰকা আৰু লগতে ষাঠিতম ধনী ব্যক্তি হিচাপে আখ্যা দিয়ে।২০২১ সেই বছৰতে তেওঁ 'শ্ৰেক ফৰেভাৰ আফটাৰ' ত ফিয়োনাৰ চৰিত্ৰত কণ্ঠ দিয়ে আৰু ভেনিলা স্কাইৰ সহঃ শিল্পী টম ক্ৰুজৰ লগত 'নাইট এণ্ড ডে'ত অভিনয় কৰে। ২০১১ত তেওঁ 'গ্ৰীণ হৰ্ণেট' ছবিত লেনৰ কেছৰ চৰিত্ৰত অভিনয় কৰে আৰু হাস্যমধুৰ ছবি 'বেড টীছাৰ'ত কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰে। CEOWORLD আলোচনীয়ে তেওঁক শীৰ্ষ মহিলা মনোৰঞ্জকৰ সূচীত অন্তৰ্ভুক্ত কৰে।২২
ব্যক্তিগত জীৱন

দ্য নেশ্যনেল এনকুয়াৰাৰ নামৰ সংবাদপত্ৰ খনে দিয়াজে সেই সময়ৰ প্ৰেমিক জাষ্টিন টিম্বাৰলেকক প্ৰতাৰণা কৰা বুলি প্ৰকাশ কৰাত তেওঁ কিছু পৰিমাণে কুখ্যাতি লাভ কৰে।২৩ ২০০০ত আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী এল গোৰলৈ তেওঁ মুকলি সমৰ্থন আগবঢ়ায়।২৪ ইৰাক আৰু আফগানিস্তানত হোৱা যুদ্ধত জড়িত হৈ পৰা লোকসকলৰ দ্বাৰা গঠিত সৰ্বপ্ৰথম আৰু সৰ্ববৃহৎ স্বেচ্চাসেৱী সংগঠন 'ইৰাক এণ্ড আফগানিস্তান ভেটেৰাণছ অৱ আমেৰিকা' ৰ লগতো দিয়াজ জড়িত আছিল আৰু সৈন্যবাহিনীৰ লোকসকলৰ পৰিয়ালৰ হকে মাত মাতিছিল। ২০০৮ চনৰ এপ্ৰিল মাহৰ ১৫ তাৰিখে তেঁওৰ দেউতাক এমিলিও ডিয়াজ নিউমোনিয়াত ভূগি মৃত্যুমুখত পৰে।২৫
ব্যক্তিগত সম্পৰ্ক
১৯৯০ চনৰ পৰা ১৯৯৪ চনলৈ দিয়াজে ভিডিঅ' প্ৰযোজক Carlos de la Torre ৰ সৈতে একেলগে থাকে।২৬২৭ ১৯৯৫ চনত 'ফিলিং মিনেচটা'ৰ প্ৰযোজনাৰ সময়ত তেওঁ অভিনেতা ভিনচেন্ট ডি অনফ্ৰিঅ'ৰ প্ৰেমত পৰে।২৭ ১৯৯৫ চনৰেই শেষৰফালে তেওঁ অভিনেতা মেট ডিলনৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে। ডিচেম্বৰ,১৯৯৮ ত এই সম্পৰ্কটিৰো অন্ত পৰে।২৮ ১৯৯৯ ত অভিনেতা জেৰেদ লেটোৰ লগত তেওঁৰ প্ৰেমজনিত সম্পৰ্ক আৰম্ভ হয় আৰু ২০০০ ত তেওঁলোকৰ বাগদান সম্পন্ন হয়।২৯ ২০০৩ত তেওঁলোকে চাৰি বছৰীয়া সম্পৰ্কৰ সমাপ্তি ঘটাই।৩০ ২০০৩ৰ পৰা ২০০৬লৈ দিয়াজে গায়ক জাষ্টিন টিম্বাৰলেকৰ লগত প্ৰেমজনিত সম্পৰ্ক বজাই ৰাখে।২৮ অক্টোবৰ ২০০৪ত দিয়াজ আৰু টিম্বাৰলেকে এখন সংবাদপত্ৰৰ ফটোগ্ৰাফাৰৰ লগত বিবাদত লিপ্ত হয়।সেই ফটোগ্ৰাফাৰ আৰু আন এজন মানুহে তেওঁলোকৰ ফটো তুলিব খোজোতে দুয়ো কেমেৰাটো কাঢ়ি আনে।এই ঘটনাৱলী য়ুএছ ৱিকলিত প্ৰকাশ পোৱাৰ পিছত দুয়োৰে প্ৰতিনিধিয়ে কয় যে প্ৰকৃততে সেয়া চিত্ৰগ্ৰহণস্থলীত তেওঁলোকে কৰা অভিনয়হে আছিল।৩১ জুলাই, ২০১০ৰ পৰা ছেপ্তেম্বৰ, ২০১১ লৈ দিয়াজে বেছবল খেলুৱৈ এলেক্স ৰড্ৰিগজৰ লগত প্ৰেমত কৰে।৩২
চলচ্চিত্ৰপঞ্জী
| ছবি | |||
|---|---|---|---|
| বৰ্ষ | শীৰ্ষক | ভূমিকা | টোকা |
| ১৯৯৪ | দ্য মাস্ক | টিনা কাৰ্লাইল | |
| ১৯৯৫ | দ্য লাষ্ট চাপাৰ | জ্যুড | |
| ১৯৯৬ | ছিইজ দ্য ওৱান | হিডাৰ | |
| ফিলিং মিনেচ'টা | ফ্ৰেডি ক্লেইটন | ||
| হেড এবাভ ৱাটাৰ | নাটালি | ||
| কিইজ টু ট্যুলছা | ট্ৰুডী | ||
| ১৯৯৭ | মাই বেষ্ট ফ্ৰেইণ্ডছ ৱেডিং | কিম্বাৰলি ৱালেছ | শ্ৰেষ্ঠ অভিনেত্ৰীৰ আলমা বঁটা জনপ্ৰিয় সহঃ অভিনেত্ৰীৰ ব্লকবাষ্টাৰ এন্টাৰটেইনমেন্ট বঁটা মনোনীত — শ্ৰেষ্ঠ সহং অভিনেত্ৰীৰ ছেটেলাইট বঁটা |
| এ লাইফ লেছ অৰ্ডিনেৰী | চেলিন নেভিল | ||
| ১৯৯৮ | ফিয়াৰ এণ্ড ল'ডিং ইন লাচ ভেগাচ | সোণালী চুলিৰ টিভি সাংবাদিক | |
| দেয়াৰ্ছ ছামথিং এবাউট মেৰী | মেৰী জেনছেন | শ্ৰেষ্ঠ ধেমেলীয়া মুখ্য অভিনেত্ৰীৰ আমেৰিকান কমেডি এৱাৰ্ডছ বঁটা জনপ্ৰিয় অভিনেত্ৰীৰ ব্লকবাষ্টাৰ এন্টাৰটেইনমেন্ট বঁটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ নিউয়ৰ্ক ফিল্ম ক্ৰিটিক চাৰ্কল বঁটা মনোনীত — শ্ৰেষ্ঠ অভিনেত্ৰীৰ আলমা বঁটা মনোনীত — শ্ৰেষ্ঠ অভিনেত্ৰীৰ গোল্ডেন গ্লোব বঁটা | |
| ভেৰী বেড থিংছ | ল'ৰা গেৰেটী | ||
| ১৯৯৯ | মেন ৱমেন ফিল্ম | অনিৰ্দিষ্ট তাৰকা | সংক্ষিপ্ত চৰিত্ৰ |
| বিইং জন মালকোভিছ | লট স্কৱাৰ্টজ | মনোনীত — শ্ৰেষ্ঠ ধেমেলীয়া সহঃ অভিনেত্ৰীৰ আমেৰিকান কমেডী এৱাৰ্ডছ মনোনীত — শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ বাফটা বঁটা মনোনীত — শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ গোল্ডেন গ্লোব বঁটা মনোনীত — শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ ছেটেলাইট বঁটা মনোনীত — শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ অনলাইন ফিল্ম ক্ৰিটিকছ ছোছাইটী বঁটা মনোনীত — সহঃ ভূমিকাত মহিলা শিল্পীৰ দ্বাৰা শ্ৰেষ্ঠ অভিনয়ৰ স্ক্ৰীণ এক্টৰ্ছ গীল্ড বঁটা | |
| থিংছ য়ু কেন টেল জাষ্ট বাই লুকিং এট হাৰ | কেৰল ফেবাৰ | ||
| দ্য ইনভিজিবল চাৰ্কাছ | ফেইথ | ||
| এনী গিভেন চানদে | ক্ৰিষ্টিনা পাজিনিয়াছি | শ্ৰেষ্ঠ অভিনেত্ৰীৰ আলমা বঁটা প্ৰিয় অভিনেত্ৰীৰ ব্লকবাষ্টাৰ এন্টাৰটেইনমেন্ট বঁটা | |
| ২০০০ | ছাৰ্লিজ এঞ্জেলছ | নাটালি কুক | প্ৰিয় একছন দলৰ ব্লকবাষ্টাৰ এন্টাৰটেইনমেন্ট বঁটা আন অংশীদাৰসকল হ'ল ল্যুচি লু আৰু ড্ৰিউ বেৰিম'ৰ মনোনীত — শ্ৰেষ্ঠ অভিনেত্ৰীৰ ছেটাৰ্ণ বঁটা মনোনীত — শ্ৰেষ্ঠ অভিনেত্ৰীৰ ছেটেলাইট বঁটা |
| ২০০১ | শ্ৰেক | প্ৰিন্সেছ ফিয়োনা | কণ্ঠ |- | ভেনিলা স্কাই | জুলি গিয়ান্নি | শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ বষ্টন ছোছাইটী অফ ফিল্ম ক্ৰিটিকছ বঁটা মনোনীত — শ্ৰেষ্ঠ অভিনেত্ৰীৰ আমেৰিকান ফিল্ম ইনষ্টিটিউট বঁটা মনোনীত — শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ আলমা বঁটা মনোনীত — শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ গোল্ডেন গ্লোব বঁটা মনোনীত — শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ ফিনিক্স ফিল্ম ক্ৰিটিকছ ছোছাইটী বঁটা মনোনীত — শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ ডালাছ-ফ'ৰ্ট ৱৰ্থ ফিল্ম ক্ৰিটিকছ এছোছিয়েছন বঁটা মনোনীত — শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ চেটাৰ্ণ বঁটা মনোনীত — সহঃ ভূমিকাত মহিলা শিল্পীৰ দ্বাৰা শ্ৰেষ্ঠ অভিনয়ৰ স্ক্ৰীণ এক্টৰ্ছ গীল্ড বঁটা |- | rowspan="2"|২০০২ | দ্য ছুইটেষ্ট থিং | ক্ৰিষ্টিনা ৱাল্টাৰ্ছ | |
| গেংগছ অৱ নিউয়ৰ্ক | জেনী ইভাৰডিয়েন | মনোনীত —শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ গোল্ডেন গ্লোব বঁটা মনোনীত — শ্ৰেষ্ঠ শিল্পী নিৰ্বাচনৰ অনলাইন ফিল্ম ক্ৰিটিকছ ছোছাইটী বঁটা | |
| ২০০৩ | চাৰ্লিজ এঞ্জেলছ: ফুল থ্ৰোটল | নাটালি কুক | শ্ৰেষ্ঠ অভিনেত্ৰীৰ ইমাজেন বঁটা |
| ২০০৪ | শ্ৰেক ২ | প্ৰিন্সেছ ফিয়োনা | কণ্ঠ |
| ২০০৫ | ইন হাৰ চ্যুজ | মেগি ফেলাৰ | মনোনীত— শ্ৰেষ্ঠ অভিনেত্ৰীৰ ইমাজেন বঁটা |
| ২০০৬ | দ্য হলিডে | আমাণ্ডা ৱুডছ | মনোনীত — শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ আলমা বঁটা |
| ২০০৭ | শ্ৰেক দ্য থাৰ্ড | প্ৰিন্সেছ ফিয়োনা | কণ্ঠ |
| ২০০৮ | হোৱাট হেপেনছ ইন ভেগাচ | জয় মেকনেলি | |
| ২০০৯ | মাই চিষ্টাৰ্ছ কিপাৰ | চাৰা ফিটজগেৰাল্ড | মনোনীত — শ্ৰেষ্ঠ অভিনেত্ৰীৰ আলমা বঁটা |
| দ্য বক্স | ন'ৰমা লিৱিছ | ||
| ২০১০ | শ্ৰেক ফৰেভাৰ আফটাৰ | প্ৰিন্সেছ ফিয়োনা | কণ্ঠ মনোনীত — কণ্ঠ প্ৰক্ষেপণৰ এনী বঁটা |
| নাইট এণ্ড দে | জ্যুন হেভেনছ | ||
| ২০১১ | দ্য গ্ৰীণ হৰ্ণেট | লেনৰ কেছ | |
| বেড টীছাৰ | এলিজাবেথ হেলছি | মনোনীত — শ্ৰেষ্ট অভিনেত্ৰীৰ আলমা বঁটা | |
| ২০১২ | হোৱাট টু এক্সপেক্ট হোৱেন য়ু আৰ এক্সপেক্টিং | জ্যুলছ | |
| গেমবিট | পি.জে.পাজনৌস্কি | চিত্ৰগ্ৰহণ সম্পূৰ্ণ৩৩ |
তথ্যসূত্ৰ
- ↑ (May 20, 2004). Family ties, Father & mother. People
- ↑ FilmReference.com: Cameron Diaz Biography (1972–)
- ↑ YouTube interview about her Spanish-Cuban roots.
- ↑ CAMERON DIAZ: A Life Less Ordinary: Interview. Urbancinefile.com.au
- ↑ Jenkins, David. (January 9, 2003). Girl, interrupted. The Daily Telegraph
- ↑ (July 29, 2005). Cameron Diaz: Hollywood crowd-pleaser. BBC News
- ↑ Hawk, Mason. (1998). A Cheap Date With Cameron Diaz. NYRock
- ↑ Cameron Diaz biography. Yahoo! Movies
- ↑ Stated on Inside the Actors Studio, 2005
- ↑ (October 30, 2010). Covers Throughout the Years – Historic Seventeen Magazine Covers. Seventeen
- ↑ Actress of the week – Cameron Diaz ''askmen.com'.' Retrieved November 20, 2006
- ↑ "1994 DOMESTIC GROSSES, #1–50", Box Office Mojo
- ↑ The Task (1994) – Awards IMDb
- ↑ (May 18, 2009). Cameron Diaz: being a sex symbol is limiting. Topcelebrityheadlines.com
- ↑ (February 13, 2009). The 100 Greatest Sex Symbols. Channel 4
- ↑ (December 23, 2009). Cameron Diaz Was Almost In Mortal Kombat?. HEAVY
- ↑ Rose, Lacy. (August 7, 2008). Hollywood's Top-Earning Actresses. Forbes Magazine
- ↑ "Top 5 list of Hollywood's highest paid actresses." Hollyscoop.com 2008]
- ↑ "Only women to make it into top earners." Adelaide Now
- ↑ (July 7, 2010). Richest Hispanic Celebrities According to Forbes. Celestrellas.com
- ↑ (June 28, 2010). Cameron Diaz Forbes 100 Celebrity list. Forbes
- ↑ (May 18, 2011). Accomplished Women Entertainers. CEOWORLD magazine
- ↑ (February 16, 2007). Libel damages for US actress Diaz. BBC News
- ↑ LiberalArtists.com. LiberalArtists.com
- ↑ (April 16, 2008). Cameron Diaz's father succumbs to pneumonia
- ↑ "Cameron Diaz & Jennifer Lopez: What They Think About Motherhood" May 07, 2012, Celebrity Central, People Magazine
- ↑ Bio at Talk Talk
- ↑ Cameron Diaz Biography. Movies.yahoo.com
- ↑ Mimon, Diana. Cameron Diaz Biography. About.com. The New York Times Company
- ↑ (June 30, 2003). Back on the Market. People. Time Inc.. পৃ. 85
- ↑ Justin, Cameron Go Camera Shy E-online Joal Ryan – November 10, 2004
- ↑ "Alex Rodriguez on Split with Cameron Diaz: 'We'll Always Be Friends'" September 22, 2011, People Magazine
- ↑ Cameron has moved on to next film, per Brett, Jennifer. (August 23, 2011). Cameron Diaz is filming at Woodruff Arts Center today. The Atlanta Journal-Constitution
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেমেৰ'ণ দিয়াজ” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৪৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।