কুষ্মাণ্ডা হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী। তেওঁৰ মিচিকিয়া হাঁহিৰপৰাই জগতৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। কালীকুল প্ৰথাৰ অনুগামীসকলে তেওঁক দুৰ্গাৰ চতুৰ্থ ৰূপ হিচাপে গণ্য কৰে। 'কু', 'উষ্ম' আৰু 'অণ্ড' - এই তিনিটা শব্দৰে তেওঁৰ নামটো গঠিত হৈছে যাৰ অৰ্থ হ'ল যথাক্ৰমে সামান্য উষ্ম অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড।১
নৱৰাত্ৰিৰ চতুৰ্থ দিনটোত কুষ্মাণ্ডাৰ আৰাধনা কৰা হয়। তেওঁ স্বাস্থ্য, সম্পত্তি আৰু শক্তি বৃদ্ধি কৰে বুলি বিশ্বাস আছে।২ আঠখন হাত থকাৰ বাবে দেৱী কুষ্মাণ্ডা অষ্টভূজা দেৱী বুলিও আখ্যা দিয়া হয়। তেওঁৰ জপমালাত সকলো সিদ্ধি আৰু নিধি প্ৰদানৰ শক্তি আছে বুলি কোৱা হয়।
কুষ্মাণ্ডাই কোমোৰাৰ বলি গ্ৰহণ কৰে।
ৰূপ
অষ্টভূজা কুষ্মাণ্ডাৰ হাতত যথাক্ৰমে ত্ৰিশূল, চক্ৰ, তৰোৱাল, শূল, গদা, ধনু-কাঁড় অমৃত আৰু তেজৰ দুটা কলহ থাকে। তেওঁৰ এখন হাত অভয় মুদ্ৰাত থকা দেখা যায় আৰু তেওঁৰ বাহন হৈছে বাঘ।
ব্যুৎপত্তি
আখ্যানমতে, যেতিয়া বিশ্বব্ৰহ্মাণ্ড আন্ধাৰেৰে আৱৰা এক মহাশূন্য আছিল তেতিয়াই এক জ্যোতিৰ কিৰণ কেউদিশে বিয়পি পৰিছিল। আদিতে এই জ্যোতি আছিল নিৰাকাৰ। লাহে লাহে ই এক দিব্য নাৰীৰ ৰূপ লয়। তেওঁকে দেৱী কুষ্মাণ্ডা ৰূপে জনা যায়। তেওঁৰ মিচিকিয়া হাঁহিৰ পৰাই ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়। গ্ৰহ-নক্ষত্ৰ আৰু তাৰকাৰাজ্যৰো এনেদৰেই উৎপত্তি হয়। জগতত জীৱন বৰ্তাই ৰাখিবলৈ তেওঁ নিজেই সূৰ্যৰ মধ্যবিন্দুত অৱস্থান কৰে আৰু এনেদৰেই জগতক শক্তি আৰু পোহৰৰ যোগান ধৰে। সেয়ে দেৱী কুষ্মাণ্ডাক সূৰ্যদেৱতাৰ শক্তিৰ উৎস বুলি কোৱা হয়। সূৰ্য তেওঁৰ অবিহনে নিস্তেজ আৰু শক্তিহীন বুলি বিশ্বাস কৰা হয়।৩
অন্য এক আখ্যানৰ মতে, পৰম শক্তিৰ দেৱীৰূপ আদি পৰাশক্তি শিৱৰ দেহৰ বাওঁ অংশৰ পৰা সিদ্ধিদাত্ৰী ৰূপে নিৰ্গত হয়। ইয়াৰ পিছতেই দেৱীয়ে সূৰ্যৰ অভ্যন্তৰত অৱস্থান কৰে আৰু কুষ্মাণ্ডা দেৱী নামেৰে পৰিচিত হয়।৪
মন্দিৰ
বাৰাণসীত দেৱী কুষ্মাণ্ডাৰ মন্দিৰ বিৰাজমান। জনবিশ্বাস অনুসৰি এই মন্দিৰৰ বিগ্ৰহ মানুহে সজা নহয়। বৰঞ্চ ই নিজে নিজে আৱিৰ্ভাৱ হোৱা। নৱৰাত্ৰিৰ সময়ত ইয়াত বহুসংখ্যক ভক্তৰ সমাগম হয়। কোৱা হয় যে ইয়াত অৱস্থিত দুৰ্গা কুণ্ডত স্নান কৰি কুষ্মাণ্ডাক আৰাধনা কৰিলে দেৱীয়ে সকলো পাপ মোচন কৰে।৫
অৰ্চনা
বিশ্বাস অনুসৰি দেৱী কুষ্মাণ্ডাৰ প্ৰিয় ভোগ বা পাচলি হৈছে কোমোৰা। সেয়ে তেওঁৰ পূজাত কোমোৰা বলি হিচাপে আগবঢ়োৱা হয়। ইয়াৰ লগতে ভক্তসকলে পূজাত গাখীৰ, দৈ আৰু হালৱা আদিও নিবেদন কৰাৰ লগতে প্ৰসাদ হিচাপে গ্ৰহণ কৰে।৬
তথ্যসূত্ৰ
- ↑ Worship Maa Kushmanda on the fourth day of Navaratri. www.ganeshaspeaks.com
- ↑ Story Of Devi Kushmanda: The Smiling Goddess
- ↑ LLP, Adarsh Mobile Applications. Goddess Kushmanda · Devi Kushmanda · Maa Kushmanda. www.drikpanchang.com
- ↑ Kushmanda, Goddess of Energy and Wealth. Art of Living
- ↑ (October 8, 2016). Goddess moves from Vindhyachal to this temple every Navaratra. Times of India
- ↑ Goddess Kushmanda - The Goddess of Creation. Prestige
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুষ্মাণ্ডা” প্ৰবন্ধৰ সংশোধন ৩৮৭৯৭২ (১৮ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।