অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কিলিয়া

কিলিয়া হৈছে দক্ষিণ-পশ্চিম ইউক্ৰেইনৰ ওডেছা অব্লাষ্টৰ অন্তৰ্গত ইজমাইল ৰায়মৰ এখন চহৰ। এই চহৰখনে ইউক্ৰেইনৰ অন্যতম স্থানীয় প্ৰশাসন অৰ্থাৎ কিলিয়া নগৰীয়া হ্ৰোমাডাৰ মুখ্য কাৰ্যালয় পৰিচালনা কৰে। কিলিয়া চহৰখন দানিউব ডেল্টা অঞ্চলত তথা বুডঝাকৰ ঐতিহাসিক বেচাৰাবিয়ান জিলাত অৱস্থিত।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ৬৬০ শব্দ · ৪ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কিলিয়া হৈছে দক্ষিণ-পশ্চিম ইউক্ৰেইনৰ ওডেছা অব্লাষ্টৰ অন্তৰ্গত ইজমাইল ৰায়মৰ এখন চহৰ। এই চহৰখনে ইউক্ৰেইনৰ অন্যতম স্থানীয় প্ৰশাসন অৰ্থাৎ কিলিয়া নগৰীয়া হ্ৰোমাডাৰ মুখ্য কাৰ্যালয় পৰিচালনা কৰে।১ কিলিয়া চহৰখন দানিউব ডেল্টা অঞ্চলত তথা বুডঝাকৰ ঐতিহাসিক বেচাৰাবিয়ান জিলাত অৱস্থিত। এই নদীৰ সিপাৰে ৰোমানিয়াৰ চিলিয়া ভেচে (অৰ্থাৎ পুৰণি কিলিয়া) নামৰ চহৰখন অৱস্থিত। ইউক্ৰেইনক ৰোমানিয়াৰপৰা পৃথক কৰা দানিউব নদীৰ কিলিয়া শাখাৰ নাম এই চহৰখনৰ নামেৰেই ৰখা হৈছে। ২০২২ চনৰ অনুমাণিক হিচাপ অনুসৰি ইয়াৰ জনসংখ্যা হৈছে ১৮,৭৪৫ জন।

ইতিহাস

১৩৬১ চনলৈকে বাইজেণ্টাইন সাম্ৰাজ্য ১৩৬১ চনৰপৰা ১৪১২ চনলৈ হাংগেৰী ৰাজ্য, ৱালাচিয়া, পোলণ্ড, জেনোয়া প্ৰজাতন্ত্ৰ আৰু অটোমান সাম্ৰাজ্যৰ মাজত বিবাদিত আছিল ১৪১২–১৪৪৮ চনলৈকে মলডোভিয়া ৰাজ্য ১৪৪৮–১৪৬৫ চনলৈকে হাংগেৰী ৰাজ্য ১৪৬৫–১৪৮৪ চনলৈকে মলডোভিয়া ৰাজ্য ১৪৮৪–১৮১২ চনলৈ অটোমান সাম্ৰাজ্য ১৮১২–১৮৫৬ চনলৈ ৰাছিয়ান সাম্ৰাজ্য ১৮৫৬–১৮৭৮ চনলৈ অটোমান সাম্ৰাজ্য ১৮৭৮–১৯১৭ চনলৈ ৰাছিয়ান সাম্ৰাজ্য ১৯১৭–১৯১৮ চনলৈ মলডোভিয়ান ডেম’ক্ৰেটিক ৰিপাব্লিক ১৯১৮–১৯৪০ চনলৈ ৰোমানিয়া ৰাজ্য ১৯৪০–১৯৪১ চনলৈ ছোভিয়েট ইউনিয়ন ১৯৪১–১৯৪৪ চনলৈ ৰোমানিয়া ৰাজ্য ১৯৪৪–১৯৯১ চনলৈ ছোভিয়েট ইউনিয়ন ১৯৯১–বৰ্তমানলৈ ইউক্ৰেইন

দানিউব নদীৰ চিলিয়া শাখাৰ ৰোমানিয়ান ফালে থকা এখন চহৰ, যাৰ নাম বৰ্তমান চিলিয়া ভেচে বা পুৰণি চিলিয়া, গ্ৰীক বাইজেণ্টাইনসকলৰদ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে ভঁৰাল। এই নামটো প্ৰথমবাৰৰ বাবে ১২৪১ চনত পাৰ্চী ইতিহাসবিদ ৰছিদ-অল-দিন হামাদানীৰ লিখনীত পোৱা গৈছিল। সেয়েহে কিলিয়াক কেতিয়াবা নোভা কিলিয়া অৰ্থাৎ নতুন কিলিয়া বুলিও কোৱা হয়।

বৰ্তমান কিলিয়া থকা স্থানত জেনোয়া প্ৰজাতন্ত্ৰৰদ্বাৰা এক বৃহৎ উপনিৱেশ স্থাপন কৰা হৈছিল, যিখন লিকোষ্টোমো নামেৰে জনাজাত আছিল আৰু ইয়াৰ মুৰব্বী আছিল এজন কঞ্চুল। সেই সময়ৰ কেৱল জেনোৱা দুৰ্গৰ প্ৰতিৰক্ষামূলক খাৱৈসমূহহে এতিয়া অৱশিষ্ট আছে।২

১৪ শতিকাত চিলিয়া ভেচেৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰা অটোমান সাম্ৰাজ্যৰ বিৰুদ্ধে যুঁজিবলৈ মলডোভিয়াৰ ষ্টিফেন দ্য গ্ৰেটৰদ্বাৰা এই চহৰখন প্ৰতিষ্ঠা কৰা হৈছিল। ই আছিল মলডোভিয়াৰ এটা ডাঙৰ বন্দৰ। অৱশ্যে, ১৪৮৪ চনত অৱশেষত অটোমানসকলে ইয়াক জয় কৰে। ১৫৭০ চনত কিলিয়া চহৰখনত মুছলমান আৰু খ্ৰীষ্টান লোকসকলে বসবাস কৰিছিল। ইয়াত ১৩টা চুবুৰিত ২৯৮টা মুছলমান পৰিয়াল আৰু ৫টা চুবুৰিত ৩১৬টা খ্ৰীষ্টান পৰিয়াল আছিল আৰু ই আছিল চুলতানৰ পোনপটীয়া মালিকানাধীন এক সম্পত্তি। মুছলমান চুবুৰীসমূহৰ এটা চাৰকাচিয়ান চুবুৰি হিচাপে নথিভুক্ত আছিল।৩ ৰাছিয়া-তুৰস্ক যুদ্ধৰ সময়ত জেনেৰেল ইভান গুডোভিচৰ নেতৃত্বত ৰাছিয়ান সৈন্যই কিলিয়া দখল কৰিছিল। লণ্ডনৰ দ্য টাইমছ কাকতে প্ৰকাশ কৰিছিল যে এই আক্ৰমণত প্ৰায় ৩৫,০০০ বাসিন্দাৰ গণহত্যা কৰা হৈছিল, যাৰ উল্লেখ গদ্য আৰু কবিতাত পোৱা যায়।৪ ১৭৯২ চনত চহৰখন পুনৰ অটোমানসকলক ঘূৰাই দিয়া হয়, কিন্তু ১৮০৬ চনত ৰাছিয়ানসকলে ইয়াক পুনৰ নিজৰ অধীনলৈ আনে আৰু ১৮১২ চনত চৰকাৰীভাৱে ইয়াক লাভ কৰে।

১৫ শতিকাৰ কিলিয়া
১৫ শতিকাৰ কিলিয়াছবি: not credited · Public domain

ক্ৰিমিয়ান যুদ্ধৰ সময়ত ১৮৫৪ চনৰ জুলাই মাহত এংলো-ফৰাচী নৌসেনাৰদ্বাৰা কৰা বোমা বৰ্ষণৰ পিছত ১৮৫৬ চনৰ পেৰিছ চুক্তিৰ জৰিয়তে চহৰখন ৰোমানিয়াক প্ৰদান কৰা হয়।৫ ১৮৭৮ চনত বাৰ্লিন কংগ্ৰেছৰ সিদ্ধান্ত মৰ্মে বুডঝাক অঞ্চলৰ সৈতে কিলিয়াক পুনৰ ৰাছিয়ালৈ হস্তান্তৰ কৰা হয়। ১৯১৮ চনৰপৰা ১৯৪০ চনৰ পৰিসৰত ই পুনৰ ৰোমানিয়াৰ অংশ আছিল।

১৯৪০ চনৰ জুলাই মাহত ছোভিয়েট চৰকাৰৰ চৰম পত্ৰৰ পিছত ৰোমানিয়াই বেচাৰাবিয়া আৰু উত্তৰ বুকোভিনা অঞ্চল এৰি দিবলৈ সন্মত হয়; ছোভিয়েট ইউনিয়নে ইয়াক দখল কৰে আৰু ইউক্ৰেইন ছোভিয়েট সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ অন্তৰ্ভুক্ত কৰে। অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪১ চনৰপৰা ১৯৪৪ চনলৈ ই পুনৰ ৰোমানিয়াৰ অধীনলৈ গৈছিল আৰু সেই সময়ছোৱাত ই চিলিয়া কাউণ্টিৰ ৰাজধানী আছিল। ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত ই স্বাধীন ইউক্ৰেইনৰ অংশ হয়। ১৯৪১ চনত ৰোমানিয়া কৰ্তৃপক্ষই ইয়াৰ ইহুদীসকলক ট্ৰান্সনিষ্ট্ৰিয়া অঞ্চললৈ নিৰ্বাসিত কৰিছিল, য’ত নিৰ্বাসিত ৩১৬ জন ইহুদীৰ এক বুজনসংখ্যক লোকৰ মৃত্যু হৈছিল।৬ য়াদ ভাচেম ৱেবছাইটৰ তথ্য অনুসৰি, যুদ্ধৰ পূৰ্বে কিলিয়াত বসবাস কৰা ১৯৯ জন ইহুদীৰ ইউক্ৰেইনত মৃত্যু হৈছিল।৭

কিলিয়াৰ আটাইতকৈ পুৰণি অট্টালিকাটো হৈছে মাটিৰ তলত আংশিকভাৱে থকা চেইণ্ট নিকোলাস গীৰ্জা, যাৰ প্ৰতিষ্ঠা কাল ১৪৮৫ চনৰ হ’ব পাৰে বুলি ধাৰণা কৰা হয়, যদিও গীৰ্জাৰ এক পুৰণি লিপি অনুসৰি ইয়াৰ প্ৰতিষ্ঠা ১৬৪৭ চনৰ ১০ মে’ত হৈছিল।

২০২০ চনৰ ১৮ জুলাইলৈকে কিলিয়া চহৰখন কিলিয়া ৰায়মৰ প্ৰশাসনিক কেন্দ্ৰ আছিল। ইউক্ৰেইনৰ প্ৰশাসনিক সংস্কাৰৰ অংশ হিচাপে ২০২০ চনৰ জুলাই মাহত এই ৰায়ম বিলুপ্ত কৰা হয়, যাৰ ফলত ওডেছা অব্লাষ্টৰ ৰায়মৰ সংখ্যা সাতটালৈ হ্ৰাস পায়। কিলিয়া ৰায়মৰ এলেকাক ইজমাইল ৰায়মৰ সৈতে একত্ৰিত কৰা হয়।৮৯

জনগাঁথনি

২০০১ চনৰ ইউক্ৰেইনৰ লোকপিয়ল অনুসৰি ইউক্ৰেনীয়সকলে চহৰখনৰ জনসংখ্যাৰ বেছিভাগ অংশ গঠন কৰিছে। ইয়াৰ উপৰি ৰাছিয়ান, মলডোভিয়ান আৰু বুলগেৰীয়ানসকলে উল্লেখযোগ্য সংখ্যালঘু সম্প্ৰদায় গঠন কৰিছে।১০

২০০১ চনৰ তথ্য অনুসৰি, এই চহৰৰ ৫৫.৫% বাসিন্দাই ৰাছিয়ান ভাষাক নিজৰ মাতৃভাষা হিচাপে ব্যৱহাৰ কৰিছিল, আনহাতে ৩৯.৫৬% লোকে ইউক্ৰেনীয় ভাষা আৰু ২.৯৩% বাসিন্দাই ৰোমানিয়ান ভাষা কৈছিল।১১

প্ৰসিদ্ধ ব্যক্তিসকল

  • এমিলিয়ান বুকোভ (১৯০৯–১৯৮৪)— ছোভিয়েট মলডোভিয়ান লেখক আৰু কবি
  • ভাদিম প্ৰিষ্টাইকো (জন্ম ১৯৭০)— ইউক্ৰেইনৰ কূটনীতিবিদ
  • আলেকজেণ্ডাৰ ডুবোভয় (জন্ম ১৯৭৬)— ইউক্ৰেইনৰ ৰাজনীতিবিদ
  • ইহৰ নেষ্টেৰেংকো (জন্ম ১৯৯০)— ইজৰাইল-ইউক্ৰেইনৰ বাস্কেটবল খেলুৱৈ

তথ্যসূত্ৰ

  1. ↑ Килийская громада. Портал об'єднаних громад України
  2. ↑ (2018-02-05). Генуэзские колонии в Одесской области. Бизнес-портал Измаила
  3. ↑ Gökbilgin, M. Tayyib. (1956). Kanunî Sultan Süleyman Devrî Başlarında Rumeli Eyaleti, Livaları, Şehir ve Kasabaları. Belleten. পৃ. 247–294
  4. ↑ (1853-12-29). The Seat of War on the Danube. The Times. পৃ. 8
  5. ↑ পৃ. 792
  6. ↑ Radu Ioanid, The Holocaust in Romania: The Destruction of the Jews and Gypsies Under the Antonescu Regime, Chicago: Ivan R. Dee, 2000, pp. 129, 131–132, 199, 201
  7. ↑ The number and list of Jews who had lived in Kilia before the war who died in Odessa. Yad Vashem, the World Holocaust Remembrance Center
  8. ↑ (2020-07-18). Про утворення та ліквідацію районів. Постанова Верховної Ради України № 807-ІХ.. Голос України
  9. ↑ Нові райони: карти + склад. Міністерство розвитку громад та територій України
  10. ↑ Національний склад міст. Datatowel.in.ua
  11. ↑ Рідні мови в об'єднаних територіальних громадах України. Socialdata.org.ua

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিলিয়া” প্ৰবন্ধৰ সংশোধন ৬৩০৪৭৫ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।