অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কিকুক' চুমুৰা

কিকুক' চুমুৰা (津村 記久子, Tsumura Kikuko) অ’ছাকাৰ এগৰাকী জাপানী লেখক। তেওঁ তেওঁৰ সাহিত্য কৰ্মৰ বাবে আকুটাগৱা প্ৰাইজ, দ্য নমা লিটাৰেৰী নিউ ফেচ প্ৰাইজ, দ্য ডাযাই অ’ছামু প্ৰাইজ, দ্য কাৱাবটা য়েচুনেৰি প্ৰাইজ আৰু অ’ডা চাকুন’চুকে প্ৰাইজকে ধৰি বহুসংখ্যক জাপানী সাহিত্য বঁটা লাভ কৰিছে।

হালনাগাদ: ১৯ অক্টোবৰ ২০২৪ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কিকুক' চুমুৰা (津村 記久子, Tsumura Kikuko) অ’ছাকাৰ এগৰাকী জাপানী লেখক। তেওঁ তেওঁৰ সাহিত্য কৰ্মৰ বাবে আকুটাগৱা প্ৰাইজ, দ্য নমা লিটাৰেৰী নিউ ফেচ প্ৰাইজ, দ্য ডাযাই অ’ছামু প্ৰাইজ, দ্য কাৱাবটা য়েচুনেৰি প্ৰাইজ আৰু অ’ডা চাকুন’চুকে প্ৰাইজকে ধৰি বহুসংখ্যক জাপানী সাহিত্য বঁটা লাভ কৰিছে।

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৭৮ চনত জাপানৰ অ’ছাকাত চুমুৰাই জন্মগ্ৰহণ কৰিছিল। স্কুললৈ অহা-যোৱা কৰাৰ সময়ত তেওঁ কল্পবিজ্ঞান উপন্যাস পঢ়ে, বিশেষকৈ উইলিয়াম গিবছন, ফিলিপ কে ডিক আৰু কাৰ্ট ভনেগুটৰ উপন্যাসৰ তেওঁ নিয়মীয়া পঢ়ুৱৈ আছিল। বিশ্ববিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰী হৈ থকাৰ সময়তে তেওঁ নিজাকৈ এখন উপন্যাস লিখিবলৈ আৰম্ভ কৰে।১ এই উপন্যাসখনৰ নাম আছিল মেনইটাৰ। মেনইটাৰে ২১ সংখ্যক দাজাই অ’ছামু বঁটা লাভ কৰে আৰু পিছলৈ কিমি ৱা ইয়েন নি চইছুৰা য়ৰি ৱাকাই নামেৰে ইয়াক কিতাপ আকাৰে প্ৰকাশ কৰা হয়।২৩

কৰ্মজীৱন

কলেজৰ বাহিৰত প্ৰথম চাকৰিটোত চুমুৰাই কৰ্মক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হৈছিল আৰু দহ মাহৰ পিছত চাকৰি এৰিছিল আৰু পুনৰ প্ৰশিক্ষণ লৈ আন এটা পদ বিচাৰিছিল, যিটো অভিজ্ঞতাই তেওঁক যুৱ শ্ৰমিকৰ বিষয়ে গল্প লিখিবলৈ অনুপ্ৰাণিত কৰিছিল।৪ ২০০৮ চনত চুমুৰাই তেওঁৰ গ্ৰন্থ ‘Myūjikku buresu yū!!’ (মিউজিক ব্লেছ ইউ!!)ৰ বাবে নমা সাহিত্য বঁটা লাভ কৰে৫ আৰু ২০০৯ চনত তেওঁৰ উপন্যাস ‘Potosu raimu no fune’ (দ্য লাইম পথ’চ ব’ট)ৰ বাবে ১৪০ সংখ্যক আকুটাগৱা বঁটা লাভ কৰে।২৬ এজনী ছোৱালীয়ে তাইৰ অবৈতনিক কামটোত সন্মুখীন হোৱা অস্বস্তিকৰ অভিজ্ঞতাৰ কথা উপন্যাসখনত বৰ্ণিত হৈছে। জাপানী সাহিত্যৰ পণ্ডিত কেণ্ডেল হাইট্জমেনে দ্য লাইম পথ’চ ব’টক এক বিজয় বুলি বৰ্ণনা কৰিছে যিয়ে প্ৰতিযোগিতামূলক আগ্ৰহ আৰু ইচ্ছাৰে চৰিত্ৰৰ সৰু দল এটাক অতি সূক্ষ্মতাৰে দূৰ্দান্ত ৰূপত চিত্ৰিত কৰিছে।৭ ২০১১ চনত প্ৰকাশিত চুমুৰাৰ গ্ৰন্থ ‘Wākazu daijesuto’ (ৱৰ্কাৰ্চ্‌ ডাইজেষ্ট)য়ে ২৮ সংখ্যক অ’ডা চাকুন’চুকে বঁটা লাভ কৰে আৰু ২০১৩ চনত তেওঁৰ চুটিগল্প ‘Kyūsuitō to kame’ (দ্য ৱাটাৰ টাৱাৰ এণ্ড দ্য টাৰ্টল)-এ ৩৯ সংখ্যক কাৱাবাটা য়েচুনেৰি বঁটা পায়।৮ জাপানৰ শিক্ষা, সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ২০১৬ চনত চুমুৰাৰ কামক নিউ আৰ্টিষ্ট বঁটাৰে স্বীকৃতি দিয়ে।৯

চুমুৰাৰ লেখাত প্ৰায়ে কানছাই-বেন ব্যৱহাৰ কৰা হয়, যিটো অ’ছাকা আৰু ইয়াৰ আশে-পাশে থকা চহৰসমূহত কথিত এক সুকীয়া জাপানী উপভাষা।১০

স্বীকৃতি

  1. ‘মেনইটাৰ’ৰ বাবে, ২০০৫ চনৰ ২১ সংখ্যক দাজাই অ’ছামু বঁটা১১।
  2. ‘মিউজিক ব্লেছ ইউ!!’ৰ বাবে, ২০০৮ চনৰ ৩০ সংখ্যক নমা লিটাৰেৰী প্ৰাইজ৫
  3. ২০০৮ চনৰ ২৬ সংখ্যক ছাকুয়া কনোহানা বঁটা১২।
  4. ‘দ্য লাইম পথ’চ ব’ট’ৰ বাবে, ২০০৯ চনৰ ১৪০ সংখ্যক আকুটাগাৱা বঁটা১৩।
  5. ‘ৱৰ্কাৰ্চ্‌ ডাইজেষ্ট’ৰ বাবে, ২০১১ চনৰ ২৮ সংখ্যক অ’ডা চাকুন’চুকে বঁটা১৪।
  6. ‘দ্য ৱাটাৰ টাৱাৰ এণ্ড দ্য টাৰ্টল’ৰ বাবে, ২০১৩ চনৰ ৩৯ সংখ্যক কাৱাবাটা য়েচুনেৰি বঁটা৮।
  7. ‘ডেয়াৰচ্‌ ন’ চাচ থিং এজ এন ইজি জব’ ৰ বাবে, ২০১৬ চনৰ নতুন শিল্পীৰ মেক্সট বঁটা৯।
  8. ‘আ ৱেনডাৰিং ঘ’ষ্ট ইন ব্ৰাজিল’ৰ বাবে, ২০১৭ চনৰ ২৭ সংখ্যক মুৰাছাকি ছিকিবু সাহিত্য বঁটা১৫।

তথ্যসূত্ৰ

  1. ↑ (17 December 2014). 作家の読書道 第155回:津村記久子さん. WEB本の雑誌
  2. ↑ (16 January 2009). Tsumura, Tendo, Yamamoto win literature awards for fiction. Japan Times
  3. ↑ 君は永遠にそいつらより若い / Kimi wa eien ni soitsura yori wakai. OCLC
  4. ↑ 寺西, 芝; 森脇, 早絵. (22 April 2010). 「笑えるぐらいひどい」と言われたパワハラ体験 辛くても、働くことが生きることだから書き続ける
  5. ↑ 野間文芸新人賞 過去受賞作. Kodansha
  6. ↑ Iwata-Weickgenannt, Kristina. (27 November 2014). Visions of Precarity in Japanese Popular Culture and Literature. Routledge. পৃ. 24–42. ISBN 9781317619109
  7. ↑ Heitzman, Kendall. (3 June 2016). Routledge Handbook of Modern Japanese Literature. Routledge. পৃ. 285–298. ISBN 9781317647713
  8. ↑ 第39回 川端康成文学賞受賞作品発表. Shinchosha
  9. ↑ 芸術選奨歴代受賞者一覧(昭和25年度~). Agency for Cultural Affairs, Government of Japan
  10. ↑ Authors: Kikuko Tsumura. Books from Japan
  11. ↑ 太宰治賞受賞者一覧. Chikuma Shobō
  12. ↑ これまでの受賞者 · 咲くやこの花賞. www.sakuya-konohana.com
  13. ↑ 芥川賞受賞者一覧. 日本文学振興会
  14. ↑ これまでの織田作之助賞受賞作一覧 1984~2013 年. 大阪文学振興会 (Osaka Literature Promotion Institute)
  15. ↑ 紫式部文学賞 - 受賞作品 · 宇治市公式ホームページ ~宇治茶と源氏物語のまち~. www.city.uji.kyoto.jp

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকজাপানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিকুক' চুমুৰা” প্ৰবন্ধৰ সংশোধন ৪৩৯২৩১ (১৯ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।