ঐশানি শেট্টী (ইংৰাজী ভাষা: Aishani Shetty) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক। তেওঁ মূলতঃ কন্নড় ভাষা চলচ্চিত্ৰ উদ্যোগত কাম কৰে। ২০১৪ চনত কন্নড় চলচ্চিত্ৰ জ্যোতি এলিয়াছ কোঠি ৰাজাৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে। ২০১৫ চনত মুক্তিপ্ৰাপ্ত ভাস্তূ প্ৰকাৰা চলচ্চিত্ৰৰ জৰিয়তে তেওঁ বিশেষ পৰিচিতি লাভ কৰে, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত আইআইএফএ উৎসৱ বঁটাৰ মনোনয়ন লাভ কৰে। তেওঁ ৰকেট (২০১৫), নাদুৱে অন্তৰৱিৰালি (২০১৮) আৰু ধৰণী মণ্ডল মধ্যদোলাগে (২০২২) চলচ্চিত্ৰতো অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ঐশানি শেট্টী বেংগালুৰুৰ বাসিন্দা। তেওঁ বেংগালুৰুৰ বিশপ কটন গাৰ্লছ স্কুলত বিদ্যালয় শিক্ষা সম্পূৰ্ণ কৰে। তাৰ পাছত তেওঁ জ্যোতি নিবাস কলেজ, বেংগালুৰুত স্নাতক শিক্ষা গ্ৰহণ কৰে। পিছলৈ তেওঁ ছেইণ্ট জ’ছেফছ কলেজ, বেংগালুৰুৰ পৰা গণসংযোগ আৰু সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১
কেৰিয়াৰ
অভিনেত্ৰী
২০১৪ চনত ঐশানি শেট্টীয়ে জ্যোতি এলিয়াছ কোঠি ৰাজা চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে।২
২০১৫ চনত যোগৰাজ ভট্টৰ পৰিচালনাত নিৰ্মিত ভাস্তূ প্ৰকাৰা চলচ্চিত্ৰত অভিনয় কৰি তেওঁ কন্নড় চলচ্চিত্ৰ উদ্যোগত আত্মপ্ৰকাশ কৰে।৩ এই চলচ্চিত্ৰখনৰ বাবে তেওঁ আইআইএফএ উৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত মনোনীত হয়।৪
একেই বছৰত তেওঁ ৰকেট চলচ্চিত্ৰত সতীশ নিনাসামৰ বিপৰীতে অভিনয় কৰে। এই চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ গায়িকা হিচাপেও আত্মপ্ৰকাশ কৰে।৫
স্নাতকোত্তৰ শিক্ষাৰ বাবে কিছু সময় চলচ্চিত্ৰৰ পৰা বিৰতি লোৱাৰ পাছত তেওঁ নাদুৱে অন্তৰৱিৰালি ৰোমাণ্টিক নাট্যধৰ্মী চলচ্চিত্ৰত অভিনয় কৰে।৬ ২০২২ চনত তেওঁ ধৰণী মণ্ডল মধ্যদোলাগে চলচ্চিত্ৰত অভিনয় কৰে।
পৰিচালক
অভিনয়ৰ উপৰিও ঐশানি শেট্টীয়ে 'কাজী' নামৰ চুটি চলচ্চিত্ৰৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। এই চলচ্চিত্ৰখন ২০১৭ চনত বেংগালুৰু চৰ্টছ ফিল্ম ফেষ্টিভেল আৰু পিংক চিটি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱকে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। 'কাজী' চলচ্চিত্ৰখন সিমা বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু পিংক চিটি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ নবাগত পৰিচালকৰ বঁটা লাভ কৰে।৭
তথ্যসূত্ৰ
- ↑ (7 March 2020). SJC's versatile 'Sheroes' make it big. sjc.ac.in
- ↑ Aishani Shetty. Manorama Online
- ↑ (7 March 2020). Aishani Shetty talks about Vaastu Prakaara. The Times of India
- ↑ (7 March 2020). IIFA Utsavam 2015 Nominees - Kannada. iifautsavam.com
- ↑ (22 November 2015). Rocket was meant to be my film: Aishani. The Times of India
- ↑ (4 October 2018). Playing Nithya in Naduve Antaravirali was beyond me: Aishani Shetty. The New Indian Express
- ↑ (14 May 2019). Sathish: It is our duty to the society. Bangalore Mirror
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঐশানি শেট্টী” প্ৰবন্ধৰ সংশোধন ৫৭৬৯৯৯ (১৩ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।